Bangladesh: ঢাকাৰ ৰাজপথত টেংক আৰু কঠোৰ নিৰাপত্তা, বাংলাদেশত এয়া কিহৰ ইংগিত?
Bangladesh: খবৰ অনুসৰি সেনাই কেৱল ঢাকাতে নহয় বাংলাদেশৰ কেইবাখনো জিলাত উপস্থিত হৈছে। নিয়মিতভাৱে টেংক, এপিচি, জীপ লৈ টহল দি আছে।

সমস্যাৰে জৰ্জৰিত বাংলাদেশ। বাংলাদেশত কিবা ডাঙৰ হ’ব নেকি? এফালে মহম্মদ ইউনুছৰ পদত্যাগৰ উৰাবাতৰি, আনফালে বাসিন্দাসকলে ৰাজপথত দেখা দৃশ্যক লৈ চিন্তিত। কি হৈছে? বাংলাদেশৰ ৰাজধানীত অৱতৰণ কৰিছে সেনাৰ টেংক। বিভিন্ন প্ৰান্তত সেনাবাহিনীৰ সাজসজ্জিত বাহন আৰু টেংক ঘূৰি আছে।
বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ঢাকাত সেনাই টহল দি আছে। ৰাজপথত মোতায়েন কৰা হৈছে টেংক আৰু সাজসজ্জিত বাহন। গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহত কটকটীয়া কৰা হৈছে নিৰাপত্তা। ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি, সেনাই কেৱল ঢাকাতে নহয় বাংলাদেশৰ কেইবাখনো জিলাত ঘূৰি আছে। নিয়মিতভাৱে টেংক, এপিচি, জীপ লৈও দিছে টহল।
অৱশ্যে সেনাই কয়, দেশৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰাখিবলৈ এইদৰে ঘূৰি থকা হৈছে। কিন্তু হঠাৎ সামৰিক কাৰ্যকলাপ বৃদ্ধি পোৱাত বহু লোক আতংকিত হৈছে।
শেহতীয়াকৈ সামৰিক অভিযান সঞ্চালকালয়ৰ ষ্টাফ কৰ্ণেল ছফিকুল ইছলামে কয় যে, যোৱা কেইমাহমানৰ ভিতৰত বাংলাদেশত অপৰাধৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। চুৰি, ডকাইতি, যৌন নিৰ্যাতন আদি বিভিন্ন অপৰাধ সংঘটিত হৈ আছে। বিগত দুমাহত বাংলাদেশত ২৪৫৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কেৱল ১৫ মে’ৰ পৰা ২১ মে’ৰ ভিতৰত ২৫৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশৰ সেনা আৰু বাংলাদেশ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে এই লোকক।
প্ৰসংগক্ৰমে বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত গণ বিদ্ৰোহৰ সন্মুখত পতিত হৈছিল। হাছিনাই দেশ এৰি যোৱাৰ পাছতে গঠন হয় অন্তৱৰ্তীকালীন চৰকাৰ। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়। কিন্তু সাধাৰণ নিৰ্বাচন সন্দৰ্ভত ইউনুছ চৰকাৰৰ ওপৰত অহৰহ হেঁচা বাঢ়িছে। সেই বাবে মহম্মদ ইউনুছে পদত্যাগ কৰিব বুলি কৈছে। যদিও কালি সঘনাই সভা হৈছিল। বিএনপি আৰু জামাত-ই-ইছলামীৰ প্ৰতিনিধিয়ে কয় যে তেওঁলোকে ইউনুছে পদত্যাগ কৰাটো নিবিচাৰে। অৱশ্যে ডিচেম্বৰৰ ভিতৰত নিৰ্বাচনৰ পোষকতা কৰিছে।