শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাৰমাণৱিক শক্তি বৃদ্ধি কৰিছে পাকিস্তানে, আঁৰত এই দেশৰ সহায়! আমেৰিকাৰ প্ৰতিবেদনত ফাদিল তথ্য…

আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ নতুন প্ৰতিবেদনে উদঙাই দিছে পাকিস্তানক। এই প্ৰতিবেদনত উল্লেখ কৰা মতে পাকিস্তানে ধাৰাবাহিকভাৱে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ আধুনিকীকৰণ কৰি আছে। চীনৰ সহায়ত পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰৰ আধুনিকীকৰণ কৰি আছে বুলিও উল্লেখ কৰা হৈছে প্ৰতিবেদনত।

পাৰমাণৱিক শক্তি বৃদ্ধি কৰিছে পাকিস্তানে, আঁৰত এই দেশৰ সহায়! আমেৰিকাৰ প্ৰতিবেদনত ফাদিল তথ্য…
আমেৰিকাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্যImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 25 May 2025 22:30 PM

পুনৰ এবাৰ বিশ্বৰ আগত উন্মোচিত হৈছে পাকিস্তানৰ কু-অভিপ্ৰায়। আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ নতুন প্ৰতিবেদনে উদঙাই দিছে পাকিস্তানক। এই প্ৰতিবেদনত উল্লেখ কৰা মতে পাকিস্তানে ধাৰাবাহিকভাৱে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ আধুনিকীকৰণ কৰি আছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশখনে এতিয়া এই অস্ত্ৰসমূহ যুদ্ধক্ষেত্ৰত ব্যৱহাৰযোগ্য কৰি তোলাৰ বাবে কাম কৰি আছে। পাকিস্তানে ভাৰতক নিজৰ অস্তিত্বৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হিচাপে গণ্য কৰ, আৰু সেইবাবেই ইয়াৰ পাৰমাণৱিক অস্ত্ৰ আৰু সামৰিক সামৰ্থ বৃদ্ধি কৰি আছে বুলিও এই প্ৰতিবেদনত দাবী কৰা হৈছে।

আমেৰিকাৰ এই প্ৰতিবেদন অনুসৰি চীনৰ সহায়ত পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰৰ আধুনিকীকৰণ কৰি আছে। দেশখনে কেৱল গতানুগতিক পাৰমাণৱিক অস্ত্ৰৰ উন্নীতকৰণেই নহয়, যুদ্ধক্ষেত্ৰত ব্যৱহৃত সৰু সৰু  পাৰমাণৱিক অস্ত্ৰও নিৰ্মাণ কৰি আছে বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনত। এই মাৰ্কিন প্ৰতিবেদনত পাকিস্তান কেৱল পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কামতে নিয়োজিত নহয় বুলিও দোহাৰিছে।

প্ৰতিবেদন মতে পাকিস্তানে সামৰিক অগ্ৰাধিকাৰৰ ভিতৰত ভাৰতৰ সৈতে সীমান্ত সংঘৰ্ষ, সন্ত্ৰাসবাদ আৰু কৌশলগত ভাৰসাম্য ৰক্ষা কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে পাকিস্তানৰ এই কাৰ্যত চীনৰ সহায়ৰ কথাও উল্লেখ কৰা হৈছে প্ৰতিবেদনত। আমেৰিকাৰ মতে, পাকিস্তানে বিদেশী যোগানকাৰী বিশেষকৈ চীনৰ পৰা ‘WMD’ অৰ্থাৎ গণধ্বংসী অস্ত্ৰৰ সৈতে জড়িত সঁজুলি আৰু প্ৰযুক্তি লাভ কৰিছে।

এই প্রতিবেদনত পাকিস্তানে চীনৰ পৰা লৈ থকা প্রযুক্তি আৰু সা-সঁজুলিও প্রকাশ কৰিছে৷ এই সঁজুলিসমূহ হংকং, ছিংগাপুৰ, তুৰ্কি আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ দৰে দেশৰ জৰিয়তে পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। অৱশ্যে প্ৰতিবেদনত পাকিস্তান আৰু চীনৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ কথাও আঙুলিয়াই দিয়া হৈছে। বিশেষকৈ পাকিস্তানত কৰ্মৰত চীনা নাগৰিকক সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে লক্ষ্য কৰি লোৱা বুলি কোৱা হৈছে প্ৰতিবেদনত।

ইফালে ভাৰতৰ প্ৰতিৰক্ষা নীতি সন্দৰ্ভতো এই প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে। ভাৰতে মেক ইন ইণ্ডিয়াৰ অধীনত প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰা, চীনৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত মহাসাগৰ অঞ্চলত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু ৰাছিয়াৰ সৈতে কৌশলগত সম্পৰ্ক বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কিন্তু ক্ৰয়ৰ ক্ষেত্ৰত ৰাছিয়াৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস পাইছে বুলিও প্ৰতিবেদনত কোৱা হৈছে।

আমেৰিকাৰ সংস্থাটোৱে লগতে কয় যে ভাৰতে নিজৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰন্তৰ উন্নীতকৰণ কৰি আছে। শেহতীয়াকৈ ভাৰতে এম আই আৰ ভি প্ৰযুক্তিৰে সজ্জিত অগ্নি-১ প্ৰাইম আৰু অগ্নি-ভি সফলতাৰে পৰীক্ষা কৰিছে। ইয়াৰ উপৰিও দ্বিতীয়খন পাৰমাণৱিক চালিত চাবমেৰিনো কাৰ্যক্ষম কৰি তোলা হৈছে। এইদৰে ভাৰত কেৱল নিজৰ প্ৰতিৰক্ষা ক্ষমতা আধুনিকীকৰণ কৰাই নহয়, আঞ্চলিক ভাৰসাম্য বজাই ৰাখিবলৈও কৌশলগতভাৱে সজাগ হোৱাৰ ইংগিত দিছে বুলি এই মাৰ্কিন প্ৰতিবেদনে উল্লেখ কৰিছে।