শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Bangladesh: ইউনুছৰ পদত্যাগৰ উৰাবাতৰিৰ মাজতে ঢাকাৰ ৰাজপথত টেংক আৰু সেনাবাহিনী, এয়া কিহৰ ইংগিত?

Bangladesh: ইউনুছৰ পদত্যাগৰ উৰাবাতৰিৰ মাজতে ঢাকাৰ ৰাজপথত টেংক আৰু সেনাবাহিনী, এয়া কিহৰ ইংগিত?

barasha-misra
Barasha Misra | Published: 25 May 2025 20:20 PM

ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি, সেনাই কেৱল ঢাকাতে নহয় বাংলাদেশৰ কেইবাখনো জিলাত ঘূৰি আছে। নিয়মিতভাৱে টেংক, এপিচি, জীপ লৈও দিছে টহল।

সমস্যাৰে জৰ্জৰিত বাংলাদেশ। বাংলাদেশত কিবা ডাঙৰ হ’ব নেকি? এফালে মহম্মদ ইউনুছৰ পদত্যাগৰ উৰাবাতৰি, আনফালে বাসিন্দাসকলে ৰাজপথত দেখা দৃশ্যক লৈ চিন্তিত। কি হৈছে? বাংলাদেশৰ ৰাজধানীত অৱতৰণ কৰিছে সেনাৰ টেংক। বিভিন্ন প্ৰান্তত সেনাবাহিনীৰ সাজসজ্জিত বাহন আৰু টেংক ঘূৰি আছে।

বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ঢাকাত সেনাই টহল দি আছে। ৰাজপথত মোতায়েন কৰা হৈছে টেংক আৰু সাজসজ্জিত বাহন। গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহত কটকটীয়া কৰা হৈছে নিৰাপত্তা। ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি, সেনাই কেৱল ঢাকাতে নহয় বাংলাদেশৰ কেইবাখনো জিলাত ঘূৰি আছে। নিয়মিতভাৱে টেংক, এপিচি, জীপ লৈও দিছে টহল।

অৱশ্যে সেনাই কয়, দেশৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰাখিবলৈ এইদৰে ঘূৰি থকা হৈছে। কিন্তু হঠাৎ সামৰিক কাৰ্যকলাপ বৃদ্ধি পোৱাত বহু লোক আতংকিত হৈছে।