বিপদত ইউনুছৰ ক্ষমতা! বাংলাদেশত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনকেন্দ্ৰীক সংঘাত…
বাংলাদেশত ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছৰ ওপৰত হেঁচা বাঢ়িছে।নিৰ্বাচনৰ সময়ক লৈ বিৰোধী দলসমূহৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱাৰ বিপৰীতে নিকা নিৰ্বাচনৰ দাবী জনাইছে ইউনুছৰ কাৰ্যালয়ে । জামাত-ই-ইছলামী আৰু এন চি পিয়েও দাবী উত্থাপন কৰিছে, যাৰ ফলত অধিক গভীৰ হৈ পৰিছে ৰাজনৈতিক অচলাৱস্থা ।

ইউনুছৰ বিৰুদ্ধে ওলাই আহিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টি। প্ৰায় এবছৰ ধৰি ক্ষমতা ভোগ কৰি থকা ইউনুছে হয়তো বেছি দিন বাংলাদেশৰ সিংহাসন দখল নকৰিব নোৱীৰিব। শনিবাৰে বিএনপিয়ে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছক সাক্ষাৎ কৰি ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়।
মন্ত্ৰী পৰিষদৰ পৰা ‘বিতৰ্কিত উপদেষ্টা’ক আঁতৰাই নিৰ্বাচনৰ বাবে স্পষ্ট ৰোডমেপ দিবলৈও দলটোৱে আহ্বান জনাইছে। দীৰ্ঘদিন ধৰি ইউনুছে নিৰ্বাচন পৰিহাৰ কৰি আহিছে যদিও শ্বেখ হাছিনাৰ অভ্যুত্থানৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে দেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বৃদ্ধি পাইছে। বিএনপিৰ স্থায়ী সমিতিৰ সদস্য খাণ্ডাকেৰ মোশ্বাৰফ হুছেইনে কয় যে, “আমি সংস্কাৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰি ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছো।” তেওঁ জনোৱা মতে বিএনপিৰ প্ৰতিনিধি দলে ইউনুছৰ সৈতে হোৱা বৈঠকত বিএনপিৰ প্ৰতিনিধি দলে নিৰ্বাচনৰ তাৰিখ আৰু উপদেষ্টা পৰিষদৰ পুনৰ গঠনৰ দাবী পুনৰবাৰ উল্লেখ কৰে।
বিএনপিৰ নেতাসকলে কয়, “অন্তৱৰ্তীকালীন মন্ত্ৰীসভাৰ অংশ হিচাপে থকা উপদেষ্টা মাহফুজ আলম আৰু আছিফ মাহমুদ শ্বোজিব ভূঞা বিতৰ্কিত আৰু তেওঁলোকক অপসাৰণ কৰা উচিত।” উল্লেখ্য যে দুয়োকে ছাত্ৰ আন্দোলন Students against Discrimination (SAD)ৰ প্ৰতিনিধি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।
অৱশ্যে বাংলাদেশত এতিয়াও নিৰ্বাচন ঘোষণাও হোৱা নাই। তাৰ পূৰ্বেই ৰাজনৈতিক দলসমূহৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতাসকলকো সাক্ষাৎ কৰিছে ইউনুছে । জামাতৰ মুৰব্বী ছফিকুৰ ৰহমানে কয়, “তেওঁৰ দলে দুটা বিকল্প দিছে: হয় ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত কৰা উচিত, যদিহে সকলো সংস্কাৰ সম্পূৰ্ণ হয়, নহয় ৰমজানৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰা উচিত।” একে সময়তে এনচিপিয়ে প্ৰথমে স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছিল, যাৰ বিৰোধিতা কৰিছে বিএনপিয়ে।
ইফালে ইউনুছৰ বিৰোধিতা কৰা সত্ত্বেও এতিয়াও সকলো ঠিকেই আছে বুলি জনাইছে কাৰ্যালয়ে । ইউনুছৰ প্ৰেছ সম্পাদক ছফিকুল আলমে কয় যে সকলো ডাঙৰ ৰাজনৈতিক দলে তেওঁৰ নেতৃত্বৰ ওপৰত নিকা নিৰ্বাচনৰ বাবে আস্থা প্ৰকাশ কৰিছে। পিছত ইউনুছৰ কাৰ্যালয়ে কয়, “তেওঁৰ নেতৃত্বই তিনিওটা ডাঙৰ ৰাজনৈতিক দলৰ আস্থা লাভ কৰিছে আৰু তেওঁৰ প্ৰশাসনৰ অধীনত মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে তেওঁলোকে সমৰ্থন প্ৰকাশ কৰিছে। অহা বছৰৰ ডিচেম্বৰৰ পৰা জুন মাহৰ ভিতৰত কাৰ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ইংগিত দিছে ইউনুছে।”