টেলিকম খণ্ডত বৃহৎ পৰিৱৰ্তন! BSNLৰ সৈতে একত্ৰিত হ’ব নেকি Vodafone Idea?
দেশৰ টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম ভোডাফোন-আইডিয়া। কিন্তু এই আগশাৰীৰ প্ৰতিষ্ঠানটো এতিয়া পৰিছে সংকটত। এনে সংকটৰ পৰিণামস্বৰূপে ভোডাফোন-আইডিয়াই এতিয়া স্বকীয়তা হেৰুওৱাৰ উপক্ৰম হৈছে আৰু ইয়াকেই কেন্দ্ৰ কৰি টেলিকম খণ্ডত এক বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে।
দেশৰ টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম ভোডাফোন-আইডিয়া। কিন্তু এই আগশাৰীৰ প্ৰতিষ্ঠানটো এতিয়া পৰিছে সংকটত। এনে সংকটৰ পৰিণামস্বৰূপে ভোডাফোন-আইডিয়াই এতিয়া স্বকীয়তা হেৰুওৱাৰ উপক্ৰম হৈছে আৰু ইয়াকেই কেন্দ্ৰ কৰি টেলিকম খণ্ডত এক বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানটো। এই পৰিস্থিতিত এতিয়া এক প্ৰশ্নৰ উদয় হৈছে, BSNLৰ সৈতে একত্ৰিত হ’ব নেকি ভোডাফোন-আইডিয়া?
সমন্বিত মুঠ ৰাজহৰ ওপৰত আৰোপ কৰা জৰিমনা আৰু সুতৰ ক্ষেত্ৰত ৰেহাই বিচাৰি ভোডাফোন-আইডিয়া যোৱা সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। পিছে শীৰ্ষ আদালতত বিমুখ হ’বলগা হয় প্ৰতিষ্ঠানটো। ইয়াৰ পিছতে ভোডাফোন-আইডিয়াৰ মালিকীস্বত্ব কেন্দ্ৰৰ হাতলৈ আহিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে। চাওঁ আহক এই বিষয়ে…