ইংলেণ্ডমুখী ভাৰতীয় দলত আই পি এলৰ বিশেষ ভূমিকা!

25 May 2025

TV9 ASSAM

আগন্তুক ইংলেণ্ড ভ্ৰমণৰ টেষ্ট শৃংখলাৰ বাবে শনিবাৰে ঘোষণা কৰা হৈছে ভাৰতীয় দল। এই শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলক নেতৃত্ব দিব শুভমন গিলে।

ভাৰতীয় দল

আই পি এল ২০২৫ৰ মাজতে এই দলটো ঘোষণা কৰা হৈছে আৰু দলটোত নিৰ্বাচিত হোৱা প্ৰায় সকলো খেলুৱৈয়েই বিভিন্ন ফ্ৰেঞ্চাইজিৰ অংশ।

IPLৰ ভূমিকা

অভিমন্যু ইশ্বৰনৰ বাহিৰে ঘোষিত দলটোৰ বাকী ১৭ জন খেলুৱৈ আই পি এল দলৰ সদস্য। পিছে কোন দলৰ সৰ্বাধিক খেলুৱৈয়ে সুযোগ পাইছে ভাৰতীয় দলত?

কোন দলৰ অধিক

টেষ্ট দলৰ নৱনিৰ্বাচিত অধিনায়ক শুভমন গিলৰ দল গুজৰাট টাইটানছ এইক্ষেত্ৰত শীৰ্ষত আছে। দলটোৰ ৫ জন খেলুৱৈ ভাৰতীয় দলৰ অংশ।

গিলৰ গুজৰাট

গিলৰ উপৰিও মহম্মদ ছিৰাজ, ছাই সুদৰ্শন, প্ৰসিধ কৃষ্ণ আৰু ৱাশ্বিংটন সুন্দৰে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে।

৫ জন সদস্য

আনহাতে দিল্লী কেপিটেলছৰ কে এল ৰাহুল, কৰুণ নায়াৰ, কুলদীপ যাদৱ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ ঋষভ পণ্ট, আকাশ দীপ, শ্বাৰ্দুল ঠাকুৰে সুযোগ পাইছে দলত।

DC-LSG

একেদৰে ৰাজস্থান ৰয়েলছৰ ২ জন, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাৱ কিংছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ১ জনকৈ খেলুৱৈ আছে এই দলত।

এই দলৰ খেলুৱৈ

পঢ়িবলৈ ক্লিক কৰক 

গিলৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে!