শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মধ্যপ্ৰাচ্যৰ শোধনাগাৰত জ্বলিছে জুই! ভাৰতত ইমানলৈ বৃদ্ধি পাব পাৰে পেট্র’লৰ দাম…

Iran-Israel Conflict: ইজৰাইলৰ তেহৰাণত আক্ৰমণত ব্যাপক ক্ষতি হৈছে ইৰাণ তেল শোধনাগাৰৰ । ধ্বংস হৈছে প্ৰায় ৩০০ মিলিয়ন অৰ্থাৎ ৩০ কোটি লিটাৰ তেল । এই বিপুল পৰিমাণৰ তেল ধ্বংস হোৱাৰ বাবে ইৰাণৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেলৰ যোগান ব্যাহত হ’ব পাৰে।

মধ্যপ্ৰাচ্যৰ শোধনাগাৰত জ্বলিছে জুই! ভাৰতত ইমানলৈ বৃদ্ধি পাব পাৰে পেট্র’লৰ দাম…
ইৰাণত জ্বলিছে তেলৰ ভাণ্ডাৰ
trishna-kalita
Trishna Kalita | Published: 16 Jun 2025 11:49 AM

ইৰাণ-ইজৰাইলৰ মাজত হোৱা যুঁদ্ধই বিপদত পেলাইছে সমগ্ৰ বিশ্বক। পাৰমাণৱিক কেন্দ্ৰ আৰু মিছাইল ঘাটিৰ পিছত এইবাৰ ইৰাণৰ তেল শোধনাগাৰত আক্ৰমণ ইজৰাইলৰ। এই আক্ৰমণৰ ফলত তেহৰাণকে ধৰি বিধ্বস্ত হৈছে ইৰাণৰ কেইবাটাও স্থানৰ তেল শোধনাগাৰ । এতিয়াও জ্বলি আছে বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ চাউথ পাৰ্ছ জ্বলি আছে। যাৰ বাবে এতিয়া সংকটত পৰিছে বিশ্ব।

জানিব পৰা মতে, ইজৰাইলৰ তেহৰাণত আক্ৰমণত ব্যাপক ক্ষতি হৈছে ইৰাণ তেল শোধনাগাৰৰ । ধ্বংস হৈছে প্ৰায় ৩০০ মিলিয়ন অৰ্থাৎ ৩০ কোটি লিটাৰ তেল । এই বিপুল পৰিমাণৰ তেল ধ্বংস হোৱাৰ বাবে ইৰাণৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেলৰ যোগান ব্যাহত হ’ব পাৰে।

ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে চাউথ পাৰ্ছ গেছ ক্ষেত্ৰত গেছ উৎপাদন আংশিকভাৱে বন্ধ ৰাখিবলৈ বাধ্য হৈছে। যাৰ বাবে বাবে প্ৰতিদিনে ১ কোটি ২০ লাখ ঘনমিটাৰ গেছ উৎপাদনৰ নাটনি হ’ব। ইৰাণ বিশ্বৰ তৃতীয় বৃহত্তম গেছ উৎপাদনকাৰী দেশ। বিশ্বৰ বাৰ্ষিক চাহিদাৰ প্ৰায় ৬.৫ শতাংশ পূৰণ কৰে ইৰাণে । ইফালে  প্ৰতিশোধৰ স্বাৰ্থত ইজৰাইলৰ তেলৰ ভাণ্ডাৰত আক্ৰমণ চলাইছে ইৰাণে। য’ত নষ্ট হৈছে লাখ লাখ লিটাৰ তেল।

বিশ্বৰ এক বৃহৎ অংশ তেল আৰু প্ৰাকৃতিক গেছৰ বাবে মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰশীল। তাৰ ভিতৰত ভাৰত অন্যতম। ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী, ইজৰাইলকে ধৰি কেইবাখনো দেশৰ পৰা ভাৰতে তেল আমদানি কৰে। দেশৰ বাবে প্ৰয়োজনীয় তেল ৯০ শতাংশ বিদেশৰ পৰা আমদানি কৰা হয়। প্ৰাকৃতিক গেছৰ ক্ষেত্ৰতো ৭০ শতাংশ বিদেশৰ পৰা আমদানি কৰা হয়।

ইতিমধ্যে যুদ্ধৰ পৰিৱেশৰ বাবে খাৰুৱা তেলৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এদিনতে  ৭ শতাংশতকৈ অধিক বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। য’ত আগতে প্ৰতি বেৰেলৰ দাম আছিল ৫৫ৰ পৰা ৬০ ডলাৰ, এতিয়া ই ৭৮.৫০ ডলাৰলৈ বৃদ্ধি পাইছে, যিটো জানুৱাৰী মাহৰ পিছত সৰ্বোচ্চ। ব্ৰেণ্ট তেলৰ দামো ১২.৫ শতাংশ বৃদ্ধি পাইছে। এই দিশৰ পৰা চাবলৈ গ’লে সংঘাত যদি এসপ্তাহলৈকে চলি থাকে তেন্তে প্ৰতি বেৰেলত তেলৰ দাম ১০০ ডলাৰ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। তেনে ক্ষেত্ৰত ভাৰতকে ধৰি কেইবাখনো দেশত তেল আৰু পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব পাৰে।

এতিয়া যুদ্ধ বন্ধ নহ’লে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰ ২০০ টকা বা তাতোকৈ অধিক হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে। তেনে ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হ’ব মধ্যবিত্ত শ্ৰেণী। ইন্ধনৰ দাম বাঢ়িলে ইয়াৰ লগত জড়িত সকলো বস্তুৰ দাম বঢ়াৰো সম্ভাৱনা আছে। শাক-পাচলিৰ পৰা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীলৈকে বৃদ্ধি পাব পাৰে সকলো বস্তুৰে হ’ব আকাশলংঘী দাম।অৱশ্যে  ভাৰতত পৰ্যাপ্ত পৰিমাণৰ তেল আৰু গেছৰ মজুত আছে উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। এনে ক্ষেত্ৰত ভাৰতত ইৰাণ-ইজৰাইল যুদ্ধৰ প্ৰভাৱ নপৰিব।

লগতে পঢ়ক: ভাৰত-পাকিস্তানৰ মাজত শান্তি আনিলো, এতিয়া এই যুদ্ধও বন্ধ কৰিম…ইৰাণ-ইজৰাইল যুদ্ধক লৈ ট্ৰাম্পৰ মন্তব্য