পলকতে চাওঁ আহক দিনটোৰ কেইটামান শীৰ্ষ খবৰ…
প্ৰায় ১৬০০ বিঘা ভূমি সামৰি আজিৰ পুৱাৰে পৰা গোৱালপাৰা জিলাৰ হাচিলা বিল ৰাজহ গাওঁত ১৫ খন এক্সেভেটৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় । মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰিকলৈও পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ...

গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ
আজিৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে । প্ৰায় ১৬০০ বিঘা ভূমি সামৰি আজিৰ পুৱাৰে পৰা গোৱালপাৰা জিলাৰ হাচিলা বিল ৰাজহ গাওঁত ১৫ খন এক্সেভেটৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় । মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰিকলৈও পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ…
দিনটোৰ শীৰ্ষ খবৰ
- গোৱালপাৰাৰ হাচিলা বিল ৰাজহ গাওঁত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ১৬০০ বিঘা ভূমি সামৰি আজিৰ পুৱাৰে পৰা ১৫ খন এক্সেভেটৰে চলোৱা হয় এই উচ্ছেদ । অঞ্চলটোত ৬৬৭টা পৰিয়ালৰ কথিত বেদখল মুক্ত কৰাৰ বাবে এই উচ্ছেদ অভিযান চলাই প্ৰশাসনে ।
- ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক পুনৰ সমালোচনা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাগজে-কলমে থকা সাংসদ পুঁজিৰে নিৰ্মাণ হোৱা ৰাস্তা কেতিয়াও বিচাৰি নাপায় । সাক্ষ্য গ্ৰহণৰ পাছতে বিষয়টো আদালতলৈ প্ৰেৰণ কৰা হ’ব । সাংসদৰ পুঁজিকলৈ উত্থাপিত অভিযোগৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।
- মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰিকলৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । চিন্তাৰ কাৰণ নাই, নাযায় চাকৰি ,বিপৰীতে বাঢ়িব দৰমহা । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
- শুদ্ধকৈ গুৰুজনাৰ কীৰ্তন ঘোষা পঢ়িবলৈ গৌৰৱ গগৈক আহ্বান বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ । গৌৰৱ গগৈয়ে নামাজ পঢ়িব জানে, কালিমা পঢ়িব জানে। শুদ্ধকৈ গুৰুজনাৰ কীৰ্তন ঘোষাখনো এবাৰ পঢ়ক । এই মন্তব্য দিলীপ শইকীয়াৰ ।
- পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি। হংকঙৰ পৰা দিল্লীলৈ আহিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান AI315 য়ে উৰণৰ মাজতে কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। যাৰ বাবে বিমানখন পুনৰ হংকঙলৈ উভতি যায়। বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ দ্বাৰা পৰিচালিত এই AI315 বিমানখন হংকঙৰ পৰা ৰাওনা হৈছিল দিল্লীলৈ।
- ৫ দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাইপ্ৰাছ ভ্ৰমণৰ মাজতে “গ্ৰেণ্ড অফ দ্য়া অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়”ৰে সন্মানেৰে সন্মানিত কৰা হ’ল প্ৰধানমন্ত্ৰী মোদীক। ছাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা বিশ্বৰ ২৩ সংখ্যক নেতা প্ৰধানমন্ত্ৰী মোদী। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, “এই সন্মান কেৱল মোৰ নহয়, এই সন্মান দেশৰ ১৪০ কোটি জনতাৰ”।
- গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা ক্ৰিকেট বিশ্বকাপ মেচ । আইচিচিয়ে মুকলি কৰিছে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ সূচী। অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই বিশ্বকাপ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ চাৰিখন মেচৰ লগতে এখন ছেমিফাইনেলো অনুষ্ঠিত হ’ব।
- আজি ঘোষণা হ’ল মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা এই পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে ১৩,৫৮৫জন পৰীক্ষাৰ্থী। প্ৰথম বিভাগত-৪২২গৰাকী, দ্বিতীয় বিভাগত-৮৯৭৫গৰাকী আৰু তৃতীয় বিভাগ- ৪১৮৮গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ। পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৫৪,১৩৪জন পৰীক্ষাৰ্থী ।
- আজি হঠাৎ দেশৰ বহু ঠাইত বন্ধ হৈ পৰে ৰিলায়েন্স জিঅ’ৰ সেৱা । অভিযোগ অনুসৰি, বিশেষকৈ মোবাইল নেটৱৰ্ক আৰু ব্ৰডবেণ্ড দুয়োটাতে বৃহৎ সমস্যাৰ সন্মুখীন হয় কেৰালাৰ ব্যৱহাৰকাৰীসকলে। এই নেটৱৰ্ক বিচ্ছিন্নতাৰ বাবে লেহেমীয়া হয় ইণ্টাৰনেটৰ গতি । বহুতৰে ফোন নেটৱৰ্ক বন্ধ হৈ পৰে । ফোনকলো সঠিকভাৱে ৰিচিভ হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰে ব্যৱহাৰকাৰীয়ে ।