শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সঞ্জয়ৰ বিশাল আৰ্থিক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন? কিমান অংশ লাভ কৰিব প্ৰাক্তন পত্নী কৰিশ্মাৰ সন্তানে!

প্ৰখ্যাত ব্যৱসায়ী তথা বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৱে শেহতীয়া কিছুদিনৰ ব্যাপক চৰ্চা লাভ কৰিছে। সঞ্জয়ৰ মৃত্যুত শোক প্ৰকাশৰ সমানেই তেওঁৰ কোম্পানী ছ’না কমষ্টাৰৰ লগতে বিশাল আৰ্থিক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈয়ো যথেষ্ট চৰ্চা চলিছে।

সঞ্জয়ৰ বিশাল আৰ্থিক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন? কিমান অংশ লাভ কৰিব প্ৰাক্তন পত্নী কৰিশ্মাৰ সন্তানে!
সঞ্জয় কাপুৰ আৰু কৰিশ্মা কাপুৰImage Credit source: MJ Kim/Getty Images
monjit-dutta
Monjit Dutta | Updated On: 16 Jun 2025 17:00 PM

প্ৰখ্যাত ব্যৱসায়ী তথা বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৱে শেহতীয়া কিছুদিনৰ ব্যাপক চৰ্চা লাভ কৰিছে। সঞ্জয়ৰ মৃত্যুত শোক প্ৰকাশৰ সমানেই তেওঁৰ কোম্পানী ছ’না কমষ্টাৰৰ লগতে বিশাল আৰ্থিক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈয়ো যথেষ্ট চৰ্চা চলিছে। অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰ আছিল বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানীটোৰ মুৰব্বী। এই কোম্পানীটোৰ উত্তৰাধিকাৰক লৈ চৰ্চা চলাৰ মাজতে কোম্পানীটোৰ শ্বেয়াৰৰো ব্যাপক অৱনতি ঘটিছে।

অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানী ছ’না কমষ্টাৰৰ অধ্যক্ষ আছিল সুনজয় কাপুৰ। ২০১৫ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল আৰু কোম্পানীটোৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ  ভূমিকা লৈছিল। ছ’না কমষ্টাৰৰ বজাৰ মূল্য ৩১০০০ কোটি (প্ৰায় ৪ বিলিয়ন ডলাৰ) টকা হ’ব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁৰ মৃত্যুৰ পাছতে ছ’না কমষ্টাৰৰ তৰফৰ পৰা এক বিবৃতি প্ৰকাশ কৰিছিল।

সঞ্জয়ে নিজৰ দৃষ্টিভংগী, মূল্যবোধ আৰু উৎকৃষ্টতাৰ প্ৰতি সমৰ্পণৰ দ্বাৰা কোম্পানীটোৰ বাবে এক স্থায়ী উত্তৰাধিকাৰ এৰি থৈ গৈছে বুলি উল্লেখ কৰিছে বিবৃতিটোত। কোম্পানীটোৱে লগতে ছ’না কমষ্টাৰৰ পৰিচালনাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয় বুলিও নিজৰ গ্ৰাহক, ব্যৱসায়িক অংশীদাৰ, কৰ্মচাৰী, আৰু শ্বেয়াৰ হোল্ডাৰসকলক আশ্বস্ত কৰে।

উল্লেখ্য যে সঞ্জয় কাপুৰৰ তিনিটা সন্তান আছে। কৰিশ্মাৰ সৈতে তেওঁৰ বৈবাহিক জীৱনত দুটি সন্তান জন্ম হৈছিল। কৰিশ্মা-সঞ্জয়ৰ দুই সন্তান সমইৰা (২০) আৰু কিয়ান (১৪) এইপৰ্যন্ত কোম্পানীটোৰ অংশ নহয়। তৃতীয় পত্নী প্ৰিয়া সচদেৱৰ সৈতে সঞ্জয়ৰ কনিষ্ঠ পুত্ৰ আজাৰিয়াছৰ বয়স এতিয়া মাত্ৰ ৬ বছৰ। গতিকে এতিয়ালৈকে তেওঁলোকৰ কোনো এজনেই কোম্পানীটোৰ দায়িত্ব লোৱাৰ সম্ভাৱনা নাই।

বৰ্তমানলৈকে ছ’না কমষ্টাৰৰ কাম-কাজ কোনে চম্ভালিব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ পোৱা নাই যদিও প্ৰতিবেদন অনুসৰি সঞ্জয়ৰ ভগ্নীসকলে কোম্পানীটোৰ পৰিচালনাৰ দায়িত্ব পালন কৰিব পাৰে। ফৰ্বছৰ প্ৰতিবেদন মতে সঞ্জয় কাপুৰৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১.২ বিলিয়ন ডলাৰ (১০৩০০ কোটি) টকা। আলোচনীখনে উল্লেখ কৰিছে যে ২০২২ আৰু ২০২৪ দুয়োটা বৰ্ষতে সুনজয়ৰ শীৰ্ষ সম্পদৰ মূল্য আছিল ১.৬ বিলিয়ন ডলাৰ ( ১৩০০০ কোটি টকা।

আইন অনুসৰি তেওঁৰ সম্পত্তি আৰু সম্পত্তিৰ পৰিচালনা তেওঁৰ পত্নী প্ৰিয়া সচদেৱৰ হাতলৈ যায়। অৱশ্যে কৰিশ্মা কাপুৰৰ লগত থকা দুই সন্তান সমইৰা আৰু কিয়ানকো লিগেচি প্লেনিঙৰ অংশ হিচাপে সঞ্জয়ে ১৪ কোটি টকাৰ বণ্ড উপহাৰ দিছিল। লগতে তেওঁলোকৰ বাবে মাহিলী ১০ লাখ টকাকৈ আয় নিশ্চিত কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

উল্লেখ্য যে ২০০৩-১৬ চনত কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সঞ্জয় কাপুৰ। ইয়াৰ পূৰ্বে ১৯৯৬-২০০০ চনলৈ ফেশ্বন ডিজাইনাৰ তথা ষ্টাইলিষ্ট নন্দিতা মাহতানীৰ সৈতে সঞ্জয় বিবাহপাশত আবদ্ধ হৈছিল। আনহাতে ২০১৭ চনত তেওঁ মডেল তথা অভিনেত্ৰী প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৃহস্পতিবাৰে লণ্ডনত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৫৩ বছৰ বয়সত সঞ্জয় কাপুৰৰ মৃত্যু হয়।