ইৰাণ-ইজৰাইলৰ সংঘাত: ইখন দেশে সিখনক দিছে ধ্বংসাত্মক আক্ৰমণৰ ভাবুকি
ইৰাণৰ সামৰিক মুখপাত্ৰই দাবী কৰে, "আমাৰ প্ৰতিশোধ সম্পূৰ্ণ হৈছে। কিন্তু ইজৰাইলে এতিয়াও ইৰাণক আক্ৰমণ কৰি আছে। যদি ইজৰাইলে আক্ৰমণ বন্ধ কৰে তেন্তে আমি আগবাঢ়ি নাযাওঁ। নহ'লে ইজৰাইলৰ এখনো চহৰ বাচি নাথাকিব।"
শুকুৰবাৰে নিশাৰ পৰা আৰম্ভ হৈছে ইৰাণৰ আক্ৰমণ। হাইফা, ৰাফা, ৰিচন লে-জিয়নৰ পৰা জেৰুজালেম আৰু টেল আভিভলৈকে চলিছে আক্ৰমণ। ইৰাণৰ ৰিপাব্লিকান গাৰ্ডে ইজৰাইলৰ কমেও আঠখন গুৰুত্বপূৰ্ণ চহৰ, সামৰিক ঘাটি আৰু বিদ্যুৎ কেন্দ্ৰক লক্ষ্য কৰি বেলেষ্টিক আক্ৰমণ চলায়।
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা আনকি ইজৰাইলৰ সংবাদ মাধ্যমেও মানি লৈছে যে ইৰাণে আশংকা কৰাতকৈ অধিক ভয়াৱহ প্ৰতিশোধ লৈছে। ইৰাণৰ বেলেষ্টিক মিছাইল আক্ৰমণত টেল আভিভৰ এটা অংশকে ধৰি ইজৰাইলৰ বহু চহৰ কাৰ্যতঃ ধ্বংস হৈছে। ইৰাণৰ সেনাই দাবী কৰিছে যে ছাবমেৰিনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই হাইফা আৰু টেল আভিভত নিজৰ লক্ষ্যত নিখুঁতভাৱে আঘাত হানে। আনকি টেল আভিভত থকা আইডিএফৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো নিক্ষেপ কৰা হয় এই ক্ষেপণাস্ত্ৰ। ইজৰাইলৰ সেনাই সংকীৰ্ণভাৱে এটা বৃহৎ দুৰ্যোগৰ পৰা হাত সাৰিলে। এই দাবী যে মিছা নহয়, সেই কথা ইজৰাইলৰ বিভিন্ন চহৰৰ ছবিৰ পৰা স্পষ্ট হৈ পৰে।
শনিবাৰে বিয়লি ইৰাণৰ সামৰিক মুখপাত্ৰই দাবী কৰে, “আমাৰ প্ৰতিশোধ সম্পূৰ্ণ হৈছে। কিন্তু ইজৰাইলে এতিয়াও ইৰাণক আক্ৰমণ কৰি আছে। যদি ইজৰাইলে আক্ৰমণ বন্ধ কৰে তেন্তে আমি আগবাঢ়ি নাযাওঁ। নহ’লে ইজৰাইলৰ এখনো চহৰ বাচি নাথাকিব।” ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীও নিজৰ সিদ্ধান্তত কাৰ্যতঃ অটল। ইজৰাইল কাৰ্টজে সকীয়াই দিছে যে যদিহে ক্ষেপণাস্ত্ৰ আক্ৰমণ বন্ধ নহয় তেন্তে সমগ্ৰ ইৰাণ তিনিদিনৰ ভিতৰত জ্বলি যাব।
প্ৰশ্ন হয়, এতিয়া বিষয়টো সংঘাতৰ পৰ্যায়ত আছে নে পূৰ্ণাংগ যুদ্ধ? প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে ই এক পূৰ্ণাংগ যুদ্ধ। অৱশ্যে এই সকলোবোৰ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকা-ইৰাণৰ পাৰমাণৱিক চুক্তি এতিয়া এক কল্পনা। সেই কথা বুজি ট্ৰাম্পে ইৰাণক সকীয়নি দিবলৈ আৰম্ভ কৰিছে। কিন্তু ইৰাণে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়া নাই। ইয়াৰ বিপৰীতে ট্ৰাম্পে ইৰাণৰ সৈতে যোগাযোগ কৰাৰ পূৰ্বে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ বিষয়ে চিন্তা কৰা উচিত বুলি কৈছে। অৰ্থাৎ এইবাৰ ইজৰাইল-ইৰাণ সংঘাতত আমেৰিকাই প্ৰৱেশ কৰাৰ প্ৰবল সম্ভাৱনা আছে।

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপলৈকে শীৰ্ষ খবৰ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বাবে ভাৰতত পেট্ৰ’লৰ দাম কিমান বৃদ্ধি পাব?

ইৰাণৰ আক্ৰমণত লোকচানৰ সন্মুখীন হ'ল নেকি আদানী? চাওক ভিডিঅ'...

নগদ লেনদেনৰ বাবে আপুনিও পৰিব পাৰে আয়কৰ বিভাগৰ চকুত!
