Iran-Israel conflicts: শক্তিশালী বায়ু প্ৰতিৰক্ষাৰেও ইৰাণক ৰোধিব পৰা নাই ইজৰাইলে
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা আনকি ইজৰাইলৰ সংবাদ মাধ্যমেও মানি লৈছে যে ইৰাণে আশংকা কৰাতকৈ অধিক ভয়াৱহ প্ৰতিশোধ লৈছে। ইৰাণৰ বেলেষ্টিক মিছাইল আক্ৰমণত টেল আভিভৰ এটা অংশকে ধৰি ইজৰাইলৰ বহু চহৰ কাৰ্যতঃ ধ্বংস হৈছে।

অপাৰেচন ৰাইজিং লায়নৰ প্ৰত্যাক্ৰমণ, অপাৰেচন ট্ৰু প্ৰমিজ ৩। ইজৰাইলে বৃহস্পতিবাৰে ইৰাণৰ পাৰমাণৱিক ৰিয়েক্টৰত আক্ৰমণ চলায়। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে নিশাৰ পৰা আৰম্ভ হৈছে ইৰাণৰ আক্ৰমণ। হাইফা, ৰাফা, ৰিচন লে-জিয়নৰ পৰা জেৰুজালেম আৰু টেল আভিভলৈকে চলিছে আক্ৰমণ। ইৰাণৰ ৰিপাব্লিকান গাৰ্ডে ইজৰাইলৰ কমেও আঠখন গুৰুত্বপূৰ্ণ চহৰ, সামৰিক ঘাটি আৰু বিদ্যুৎ কেন্দ্ৰক লক্ষ্য কৰি বেলেষ্টিক আক্ৰমণ চলায়।
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা আনকি ইজৰাইলৰ সংবাদ মাধ্যমেও মানি লৈছে যে ইৰাণে আশংকা কৰাতকৈ অধিক ভয়াৱহ প্ৰতিশোধ লৈছে। ইৰাণৰ বেলেষ্টিক মিছাইল আক্ৰমণত টেল আভিভৰ এটা অংশকে ধৰি ইজৰাইলৰ বহু চহৰ কাৰ্যতঃ ধ্বংস হৈছে। ইৰাণৰ সেনাই দাবী কৰিছে যে ছাবমেৰিনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই হাইফা আৰু টেল আভিভত নিজৰ লক্ষ্যত নিখুঁতভাৱে আঘাত হানে। আনকি টেল আভিভত থকা আইডিএফৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো নিক্ষেপ কৰা হয় এই ক্ষেপণাস্ত্ৰ। ইজৰাইলৰ সেনাই সংকীৰ্ণভাৱে এটা বৃহৎ দুৰ্যোগৰ পৰা হাত সাৰিলে। এই দাবী যে মিছা নহয়, সেই কথা ইজৰাইলৰ বিভিন্ন চহৰৰ ছবিৰ পৰা স্পষ্ট হৈ পৰে।
ইহুদী ৰাষ্ট্ৰৰ বায়ু প্ৰতিৰক্ষা অন্যতম শ্ৰেষ্ঠ। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে সেই বায়ু প্ৰতিৰক্ষা ভেদী ইজৰাইলক আক্ৰমণ কৰে। ইৰাণৰ এই আক্ৰমণে পুনৰবাৰ প্ৰমাণ কৰিলে যে ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা অভেদ্য নহয়। যদি তেনেকুৱা হ’লহেঁতেন তেন্তে ইৰাণৰ ক্ষেপণাস্ত্ৰই টেল আভিভ, হাইফা বা জেৰুজালেমত আঘাত কৰিব নোৱাৰিলেহেঁতেন। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে অৱশ্যে দাবী কৰিছে যে আইৰন ড’ম আৰু ইয়াক আগুৰি থকা তিনি স্তৰৰ প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ ৮০ শতাংশ আক্ৰমণক বাধা দিছে।
ইৰাণে কেইঘণ্টামানৰ ভিতৰতে সঘনাই ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে, আৰু কিছুমান ক্ষেত্ৰত আইৰন ড’মে সেই ক্ষেপণাস্ত্ৰ প্ৰতিহত পৰা নাই। আইডিএফৰ দাবী যে ইৰাণৰ আক্ৰমণত কমেও দুজন সাধাৰণ নাগৰিক নিহত হৈছে। আহত হৈছে কমেও ৮০জন লোক। ইৰাণত আইডিএফৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক। ইৰাণৰ প্ৰতিশোধৰ পিছত শনিবাৰে বিয়লি আইডিএফে পুনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ আৰম্ভ কৰে। বিগত দুদিন ধৰি দুয়োপক্ষই অবিৰতভাৱে বেলেষ্টিক মিছাইল নিক্ষেপ কৰি আহিছে।
শনিবাৰে বিয়লি ইৰাণৰ সামৰিক মুখপাত্ৰই দাবী কৰে, “আমাৰ প্ৰতিশোধ সম্পূৰ্ণ হৈছে। কিন্তু ইজৰাইলে এতিয়াও ইৰাণক আক্ৰমণ কৰি আছে। যদি ইজৰাইলে আক্ৰমণ বন্ধ কৰে তেন্তে আমি আগবাঢ়ি নাযাওঁ। নহ’লে ইজৰাইলৰ এখনো চহৰ বাচি নাথাকিব।” ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীও নিজৰ সিদ্ধান্তত কাৰ্যতঃ অটল। ইজৰাইল কাৰ্টজে সকীয়াই দিছে যে যদিহে ক্ষেপণাস্ত্ৰ আক্ৰমণ বন্ধ নহয় তেন্তে সমগ্ৰ ইৰাণ তিনিদিনৰ ভিতৰত জ্বলি যাব।
প্ৰশ্ন হয়, এতিয়া বিষয়টো সংঘাতৰ পৰ্যায়ত আছে নে পূৰ্ণাংগ যুদ্ধ? প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে ই এক পূৰ্ণাংগ যুদ্ধ। অৱশ্যে এই সকলোবোৰ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকা-ইৰাণৰ পাৰমাণৱিক চুক্তি এতিয়া এক কল্পনা। সেই কথা বুজি ট্ৰাম্পে ইৰাণক সকীয়নি দিবলৈ আৰম্ভ কৰিছে। কিন্তু ইৰাণে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়া নাই। ইয়াৰ বিপৰীতে ট্ৰাম্পে ইৰাণৰ সৈতে যোগাযোগ কৰাৰ পূৰ্বে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ বিষয়ে চিন্তা কৰা উচিত বুলি কৈছে। অৰ্থাৎ এইবাৰ ইজৰাইল-ইৰাণ সংঘাতত আমেৰিকাই প্ৰৱেশ কৰাৰ প্ৰবল সম্ভাৱনা আছে।