শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশৰ সৰ্ববৃহৎ বেংক SBI ত জোকাৰণি! প্ৰভাৱ পৰিব আপোনাৰ জেপটো…

SBI Rate cut: দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক SBI এ সকলো নিয়মীয়া FD আঁচনি আৰু সঞ্চয় আঁচনিৰ সুতৰ হাৰ হ্ৰাস কৰিছে, যাৰ ফলত আপোনাৰ জেপত প্ৰত্যক্ষ প্ৰভাৱ পৰিব।

দেশৰ সৰ্ববৃহৎ বেংক SBI ত জোকাৰণি! প্ৰভাৱ পৰিব আপোনাৰ জেপটো…
দেশৰ সৰ্ববৃহৎ বেংক SBI ত জোকাৰণি!
barasha-misra
Barasha Misra | Updated On: 16 Jun 2025 17:31 PM

দেশৰ সৰ্ববৃহৎ বেংকটোৱে দিলে ডাঙৰ। ভাৰতীয় ষ্টেট বেংকে সকলো কাৰ্যকালৰ এফ ডি আৰু চেভিংছ একাউণ্টৰ সুতৰ হাৰ হ্ৰাস কৰিছে। নিয়মীয়াকৈ সকলো এফ ডি আঁচনিৰ সুত ২৫ বেচিছ পইণ্ট আৰু চেভিংছ একাউণ্টৰ সুত ৫০ বেচিছ পইণ্ট কৰ্তন কৰিছে। ২০২৫ চনৰ ১৫ জুনৰ পৰা কাৰ্যকৰী হৈছে নতুন সুতৰ হাৰ।

আৰ বি আইয়ে ৰেপো ৰেট কৰ্তন কৰাৰ পিছৰে পৰা দেশৰ বৃহৎ বেংকসমূহে সুতৰ হাৰ কৰ্তন কৰিছে। ইতিমধ্যে এইচ ডি এফ চি আৰু আই চি আই চি আই বেংকে সুতৰ হাৰ কৰ্তন কৰি ৰাইজক এটা ডাঙৰ জোকাৰণি দিছিল। এতিয়া এছ বি আইয়েও সুতৰ হাৰ কৰ্তন কৰিছে, যাৰ ফলত সুতৰ জৰিয়তে মানুহৰ আয় হ্ৰাস পাব।

SBI FD সুতৰ হাৰ

ভাৰতীয় ষ্টেট বেংকে সকলো নিয়মীয়া এফ ডি কাৰ্যকালত টাৰ্ম ডিপ’জিটৰ সুতৰ হাৰ ২৫ বেছিছ পইণ্ট (bps) হ্ৰাস কৰিছে। পুনৰীক্ষণৰ পিছত বেংকটোৱে সাধাৰণ নাগৰিকৰ বাবে ৩.০৫% ৰ পৰা ৬.৪৫% ৰ ভিতৰত এফডিৰ সুত আগবঢ়াইছে। আনহাতে, জ্যেষ্ঠ নাগৰিকৰ বাবে বেংকে ৩.৫৫%ৰ পৰা ৭.০৫%ৰ ভিতৰত সুত আগবঢ়াইছে।

সময়কাল সাধাৰণ জনতাৰ বাবে বৰ্তমানৰ হাৰ সাধাৰণ জনতাৰ বাবে নতুন সুতৰ হাৰ (১৫/০৬/২০২৫ৰ পৰা) জ্যেষ্ঠ নাগৰিকৰ বাবে বৰ্তমানৰ হাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে নতুন সুতৰ হাৰ (১৫/০৬/২০২৫ৰ পৰা)
৭ দিনৰ পৰা ৪৫ দিনলৈ ৩.৩% ৩.০৫% ৩.৮% ৩.৫৫%
৪৬ দিনৰ পৰা ১৭৯ দিনলৈ ৫.৩% ৫.০৫% ৫.৮% ৫.৫৫%
১৮০ দিনৰ পৰা ২১০ দিনলৈ ৬.০৫% ৫.৮% ৬.৫৫% ৬.৩%
২১১ দিনৰ পৰা ১ বছৰৰ কম ৬.৩% ৬.০৫% ৬.৮% ৬.৫৫%
১ বছৰৰ পৰা ২ বছৰৰ কম ৬.৫% ৬.২৫% ৭.০% ৬.৭৫%
২ বছৰৰ পৰা ৩ বছৰৰ কম ৬.৭% ৬.৪৫% ৭.২% ৬.৯৫%
৩ বছৰৰ পৰা ৫ বছৰৰ কম ৬.৫৫% ৬.৩% ৭.০৫% ৬.৮%
৫ বছৰৰ পৰা ১০ বছৰলৈ ৬.৩% ৬.০৫% ৭.৩% ৭.০৫%

চেভিংচ একাউণ্টৰ সুতৰ হাৰ

ভাৰতীয় ষ্টেট বেংকে সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সকলো একাউণ্টৰ বাবে বছৰি একেধৰণৰ ২.৫%লৈ সংশোধন কৰিছে। এই নতুন হাৰ ২০২৫ চনৰ ১৫ জুনৰ পৰা প্ৰযোজ্য। পূৰ্বতে বেংকে ১০ কোটি টকাতকৈ কম বেলেঞ্চত ২.৭% আৰু ১০ কোটি বা তাতকৈ অধিক বেলেঞ্চৰ ৩% সুত দিছিল।