শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ড্ৰ’ণ বা মিছাইল নহয়! এই বিশেষ অস্ত্ৰ ব্যৱহাৰ কৰি ইজৰাইলে আক্ৰমণ চলাইছে ইৰাণত…

অব্যাহত আছে ইজৰাইল-ইৰাণৰ মাজত উত্তেজনা। দুয়োখন দেশে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি আক্ৰমণ চলাই গৈছে। এই সময়চোৱাত ইজৰাইলে ব্যৱহাৰ কৰিছে এক বিশেষ অস্ত্ৰ।

ড্ৰ’ণ বা মিছাইল নহয়!  এই বিশেষ অস্ত্ৰ ব্যৱহাৰ কৰি ইজৰাইলে আক্ৰমণ চলাইছে ইৰাণত…
ইজৰাইল-ইৰাণImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jun 2025 16:45 PM

ইজৰাইল আৰু ইৰাণৰ মাজৰ উত্তেজনা অব্যাহত আছে। দুয়োখন দেশৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ এতিয়া মাত্ৰ মিছাইল আৰু ড্ৰ’ণ আক্ৰমণতে সীমাবদ্ধ হৈ থকা নাই। কোনোৱে কল্পনা কৰিব নোৱাৰা এবিধ অস্ত্ৰ যুদ্ধত ব্যৱহাৰ কৰা হৈছে। এই অস্ত্ৰবিধ হৈছে মোবাইল ফোন। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডছৰ সৈতে জড়িত ফাৰ্চ নিউজ এজেন্সীয়ে দাবী কৰিছে যে ইজৰাইলে এতিয়া মোবাইল ফোনসমূহৰ লোকেশ্যন ট্ৰেকিং প্ৰযুক্তি ব্যৱহাৰ কৰি ইৰাণৰ সেনা আৰু বিষয়াক লক্ষ্য কৰি লৈছে। এই সন্দৰ্ভত প্ৰকাশ পাইছে এক প্ৰতিবেদন।

গতিকে ক’ব পাৰি যে, ড্ৰ’ণ বা অন্য অস্ত্ৰ-শস্ত্ৰৰে নহয়, এইবাৰ ইজৰাইলে শত্ৰুক শেষ কৰিবলৈ এই বিশেষ পদ্ধতি হাতত লৈছে। ইয়াৰ ভিতৰত শেহতীয়াকৈ নিহত হোৱা পাৰমাণৱিক বিজ্ঞানীসকলো আছে। প্ৰতিবেদনত কোৱা হৈছে যে এই কৌশল ব্যৱহাৰ কৰি ইজৰাইলে হামাছৰ সৈতে জড়িত এজন ডাঙৰ নেতা ইছমাইল হানিয়েহকো হত্যা কৰিছিল।

ফাৰ্চ নিউজে দাবী কৰিছে যে, যদি কোনোৱে নিজৰ মোবাইল ফোন অফ কৰি দিয়ে, তেতিয়াও তেওঁৰ লোকেশ্যন অনুসৰণ কৰিব পৰা যায়। বিশেষকৈ দি সেই ব্যক্তিজন কোনো সভাত উপস্থিত থাকে বা কোনো বিশেষ স্থানত থাকে তেন্তে তেওঁৰ পৰিচয় প্ৰকাশ পাব পাৰে। গতিকে এনে কাৰ্যৰ পৰা হাত সাৰিবলৈ ট্ৰেকিঙৰ পৰা ৰক্ষা কৰিব পৰা প্ৰযুক্তিযুক্ত মোবাইল ফোন ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই তেহৰাণৰ এজন সাংসদে সেনা আৰু চৰকাৰী বিষয়াসকলক আহ্বান জনাইছে যে তেওঁলোকে নিজৰ লগতে আন সকলো কৰ্মচাৰী, লোকৰ মোবাইল ফোন একত্ৰিত কৰক যাতে ইজৰাইলে ইয়াৰ লোকেশ্যন লাভ কৰিব নোৱাৰে। ইজৰাইলৰ আক্ৰমণৰ বাবে ইৰাণত ইতিমধ্যে উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এই প্ৰতিবেদনে অৱস্থ অধিক গুৰুতৰ কৰিব পাৰে বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, যোৱা কেইটামান দিনৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা অব্যাহত আছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰ দিছে। ইৰাণে ইজৰাইলৰ হাইফা চহৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ কৰিছে। যত ইজৰাইলৰ বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু সা-সম্পত্তিৰ লোকচান হয়।

সোমবাৰে পুৱা ইৰাণে মধ্য ইজৰাইলৰ ওপৰত ৪টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে (IRGC) ঘোষণা কৰিছে যে ইজৰাইল ধ্বংস নোহোৱালৈকে অপাৰেচন ট্ৰু প্ৰমিজ চলি থাকিব।টেল আভিভকে ধৰি ইজৰাইলৰ বহু অঞ্চলত ইৰাণৰ ক্ষেপণাস্ত্ৰই আক্ৰমণ কৰাৰ পাছতে তেওঁ এই মন্তব্য কৰে। এই সময়ত ইজৰাইল-ইৰাণৰ এই যুদ্ধ চৰম শিখৰত পৰিণত হৈছে। গতিকে ই কি পৰ্যায়লৈ গৈ পাই, সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ আদানীৰ বন্দৰত ইৰাণৰ ডাঙৰ আক্ৰমণ! কি সঁচা কি মিছা, জানক…