শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-পাকিস্তানৰ মাজত শান্তি আনিলো, এতিয়া এই যুদ্ধও বন্ধ কৰিম…ইৰাণ-ইজৰাইল যুদ্ধক লৈ ট্ৰাম্পৰ মন্তব্য

ইৰাণ-ইজৰাইল যুদ্ধৰ মাজতে শান্তিৰ বাবে আবেদন জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে দাবী কৰে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি স্থাপন কৰিছে আৰু এতিয়া ইৰাণ-ইজৰাইলৰ সংঘাতৰ অন্ত পেলাব। তেওঁ কয় যে দুয়োখন দেশে চুক্তি কৰিব লাগে। ইয়াৰ মাজতে তেহৰাণত ৫ খনকৈ গাড়ী তবোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু ইৰাণে পুনৰবাৰ ইজৰাইললৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে।

ভাৰত-পাকিস্তানৰ মাজত শান্তি আনিলো, এতিয়া এই যুদ্ধও বন্ধ কৰিম…ইৰাণ-ইজৰাইল যুদ্ধক লৈ ট্ৰাম্পৰ মন্তব্য
ট্ৰাম্প, নেতান্যাহু আৰু খামেনেই।
trishna-kalita
Trishna Kalita | Published: 16 Jun 2025 08:20 AM

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা মাৰাত্মক সংঘাতৰ মাজতে  এটা ডাঙৰ বিবৃতি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে দাবী কৰিছে যে তেওঁ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়া ইৰাণ-ইজৰাইল যুদ্ধও বন্ধ কৰিব। ইৰাণে পুনৰবাৰ ইজৰাইললৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ লগতে তেহৰাণত ৫টাকৈ বৃহৎ বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ট্ৰাম্পে।

ড’নাল্ড ট্ৰাম্পে নিজৰ বিবৃতিত কয়, “ইৰাণ আৰু ইজৰাইলৰ মাজত নিশ্চয়কৈ শান্তি আহিব, দুয়োখন দেশৰ মাজত চুক্তি হ’ব লাগে। শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ অন্ত পেলালোঁ৷ একেদৰে এই যুদ্ধৰো অতি সোনকালে অন্ত পৰিব। সাক্ষাতৰ লগতে ফোনযোগে বাৰ্তালাপ চলি আছে।” ট্ৰাম্পে দাবী কৰে যে তেওঁ সদায় ডাঙৰ ডাঙৰ কাম কৰে যদিও ক্ৰেডিট লোৱা নাই। অৱশ্যে ভাৰত-পাক যুদ্ধবিৰতিৰ ক্ষেত্ৰত ট্ৰাম্পে কোনো চুক্তি বলপূৰ্বকভাৱে কৰোৱা নাছিল বুলি ভাৰতে সদায় কৈ আহিছে।

মধ্যপ্ৰাচ্যক আকৌ মহান কৰি তুলিম – ট্ৰাম্প

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা পাৰমাণৱিক চুক্তিৰ আলোচনা হঠাতে বাতিল হোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে। দেওবাৰে ষষ্ঠ ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ক্ৰমাৎ যুদ্ধৰ পৰিৱেশ বৃদ্ধিৰ বাবে স্থগিত ৰখা হৈছে। এনে পৰিস্থিতিত ট্ৰাম্পৰ শান্তিৰ আবেদনক এক নতুন পদক্ষেপ হিচাপে দেখা গৈছে।

লগতে ট্ৰাম্পে নিজৰ বিবৃতিত কয়, “আমি মধ্যপ্ৰাচ্যক পুনৰ মহান কৰি তুলিম। এতিয়া আৰু মৃত্যু নহয়, ধ্বংস নহয়। বহু দেৰি হোৱাৰ আগতেই মাত্ৰ চুক্তি কৰক।”  ট্ৰাম্পৰ এই বক্তব্য কেৱল ৰাজনৈতিক মহলত চৰ্চিত নহয়, ইয়াৰ ফলাফল কূটনৈতিক পৰ্যায়তো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

ইৰাণৰ ৰাষ্ট্ৰপতিয়ে ট্ৰাম্পক সকীয়াই দিছিল

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে দেওবাৰে কেবিনেট বৈঠকত কৈছিল যে,  “ইৰাণৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণত আমেৰিকাও প্ৰত্যক্ষভাৱে জড়িত।” তেওঁ লগতে দাবী কৰে যে আমেৰিকাৰ সন্মতি অবিহনে ইজৰাইলে এনে পদক্ষেপ ল’ব নোৱাৰে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানেও কয়, “ইৰাণে যুদ্ধ নিবিচাৰে, কিন্তু আক্ৰমণ চলি থাকিলে ইৰাণৰ সেনা আৰু ৰিভল্যুচনেৰী গাৰ্ডে অধিক শক্তিৰে প্ৰতিশোধ ল’ব। কেৱল এয়াই নহয়, ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাকো সকীয়াই দিয়ে যে যদি আগ্ৰাসন বৃদ্ধি পায় তেন্তে সঁহাৰিও একে স্তৰৰ হ’ব।”

ইজৰাইলত আতংকৰ সৃষ্টি কৰিলে তেহৰানে

ইফালে ইৰাণে পুনৰবাৰ ডজন ডজন বেলিষ্টিক মিছাইল ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে। কিন্তু ইজৰাইল সেনাই এই ক্ষেপণাস্ত্ৰসমূহ আকাশত ধ্বংস হোৱা বুলি দাবী কৰিছে আৰু এই আক্ৰমণৰ ফলত কোনো বৃহৎ ক্ষতি হোৱা নাই। আনহাতে ইৰাণে তেহৰাণত সংঘটিত বোমা বিস্ফোৰণৰ বাবে ইজৰাইলক পোনপটীয়াকৈ জগৰীয়া কৰিছে।

বিস্ফোৰণৰ বাবে উত্তেজিত হৈ আছে তেহৰাণৰ পৰিস্থিতি। ইয়াৰ লগতে ইৰাকে ইজৰাইলৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও সম্পূৰ্ণৰূপে সক্ৰিয় কৰিছে। খবৰ অনুসৰি ইৰাকৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ইৰাকক ইজৰাইলক নিজৰ স্থল আৰু আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিবলৈ আবেদন জনাইছিল।