5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শিশুক ডিজিটেল মাধ্যম আৰু টেলিভিছনৰ পৰা আঁতৰাই ৰাখক ! ডাঙৰ সিদ্ধান্ত ছুইডেন চৰকাৰৰ

সোমবাৰে ছুইডেন চৰকাৰে ১৮ বছৰ বয়সৰ শিশুৰ বাবে টিভি বা ডিজিটেল মেডিয়া চোৱাৰ বাবে নতুন পৰামৰ্শ আগবঢ়ায়। অভিভাৱকসকলক কোৱা হৈছে যে, শিশুসকলক বেছি সময় টিভি, মোবাইল আদি চাবলৈ দিয়া উচিত নহয়।

manas-borah
Manas Borah | Updated On: 02 Sep 2024 19:43 PM
সোমবাৰে ছুইডেন চৰকাৰে ১৮ বছৰ বয়সৰ শিশুৰ বাবে টিভি বা ডিজিটেল মেডিয়া চোৱাৰ বাবে নতুন পৰামৰ্শ আগবঢ়ায়। অভিভাৱকসকলক কোৱা হৈছে যে, শিশুসকলক বেছি সময় টিভি, মোবাইল আদি চাবলৈ দিয়া উচিত নহয়।(Photo Credits: Getty Images)

1 / 8
ছুইডেন চৰকাৰে পৰামৰ্শ দিছে যে, দুবছৰৰ তলৰ শিশুক ডিজিটেল মাধ্যম আৰু টেলিভিছনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব লাগে। লগতে নতুন পৰামৰ্শত উল্লেখ কৰা হৈছে যে, দুবছৰৰ পৰা পাঁচ বছৰ বয়সৰ শিশুক দিনটোত সৰ্বাধিক এঘণ্টা সময় ডিজিটেল মাধ্যম আৰু টেলিভিছন চাবলৈ দিব লাগে ।(Photo Credits: Getty Images)

2 / 8
একে সময়তে ৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুৱে ডিজিটেল মাধ্যম আৰু টেলিভিছনৰ সন্মুখত এঘণ্টা বা দুঘণ্টাতকৈ বেছি সময় কটাব নালাগে।(Photo Credits: Getty Images)

3 / 8
স্বাস্থ্যমন্ত্ৰী জেকব ফৰ্চমেডে কয় যে, ১৫ বছৰীয়া অধিকাংশ শিশুৱে ঘণ্টাৰ পিছত ঘণ্টা ডিজিটেল মাধ্যম আৰু টেলিভিছন চোৱাৰ বাবে টোপনিৰ সমস্যাৰ সন্মুখীন হয় ।(Photo Credits: Getty Images)

4 / 8
ইফালে, ১৩ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক ডিজিটেল মাধ্যম আৰু টেলিভিছনৰ চোৱাৰ ক্ষেত্ৰত দিনটোত দুঘণ্টাৰ পৰা তিনিঘণ্টালৈকে সীমাবদ্ধ ৰাখিব লাগে।(Photo Credits: Getty Images)

5 / 8
ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য সংস্থাটোৱে শিশুসকলে শুই উঠাৰ পাছতেই মোবাইল বা টেলিভিছন চোৱাটো উচিত নহয় বুলি কোৱা হৈছে । অভিভাৱকসকলক নিশা শিশুৰ শোৱা কোঠাৰ পৰা ফোন আৰু টেবলেট বাহিৰত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।(Photo Credits: Getty Images)

6 / 8
জেকব ফৰ্চমেডেও ছুইডেনত বৃদ্ধি পোৱা টোপনিৰ সমস্যাক লৈ কয় যে, দেশৰ ১৫ বছৰীয়া অধিকাংশ শিশুৰ এই সমস্যা আছে। পৰ্যাপ্ত সময় টোপনি নাপায়।(Photo Credits: Getty Images)

7 / 8
ইয়াৰ লগতে কোৱা হৈছে যে, স্মাৰ্টফোন আৰু টিভিৰ স্ক্ৰীণৰ অত্যাধিক ব্যৱহাৰে টোপনি নষ্ট কৰিব পাৰে। ইয়াৰ ফলত হতাশাৰ সৃষ্টি হ’ব পাৰে আৰু শৰীৰৰ সমস্যা সৃষ্টি হ’ব পাৰে। ইয়াৰ পূৰ্বেও ছুইডেন চৰকাৰে প্ৰাথমিক বিদ্যালয়ত স্মাৰ্টফোন নিষিদ্ধ কৰাৰ কথা কৈছিল।(Photo Credits: Getty Images)

8 / 8
Follow Us
Latest Stories