শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

India Vice President Election: সুদৰ্শন নে ৰাধাকৃষ্ণণ, কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! আজি অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

CP Radhakrishnan vs B Sudershan Reddy: লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলে এই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰে। লগতে ৰাজ্যসভাৰ মনোনীত সাংসদসকলেও নিৰ্বাচনত ভোটদান কৰিব। ভোটদানৰ ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা থাকে। সাংসদসকলে নিজ ইচ্ছামতে প্ৰাৰ্থীক ভোটদান কৰিব পাৰে।

India Vice President Election: সুদৰ্শন নে ৰাধাকৃষ্ণণ, কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! আজি অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
আজি হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 09 Sep 2025 07:25 AM

আজি অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। যোৱা ২২ জুলাইত জগদীপ ধনখড়ে আকস্মিকভাৱে উপ-ৰাষ্ট্ৰপতি আসন ত্যাগ কৰাৰ পিছৰে পৰা এই পদবী খালী হৈ আছিল। আজি ভোটগ্ৰহণৰ জৰিয়তে ধনখড়ৰ উত্তৰাধিকাৰী নিৰ্বাচিত কৰা হ’ব। উপ-ৰাষ্ট্ৰপতি পদৰ ভোটগ্ৰহণ আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব আৰু সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। আনহাতে নিশাই ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। অৰ্থাৎ আজি নিশাই দেশে লাভ কৰিব পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিগৰাকী।

এই নিৰ্বাচনত শাসকীয় এন ডি এই চি পি ৰাধাকৃষ্ণণক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক মনোনীত কৰিছে। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলে এই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰে। লগতে ৰাজ্যসভাৰ মনোনীত সাংসদসকলেও নিৰ্বাচনত ভোটদান কৰিব।

ভোটদানৰ ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা থাকে। সাংসদসকলে নিজ ইচ্ছামতে প্ৰাৰ্থীক ভোটদান কৰিব পাৰে। অধিকাংশ সময়তে অৱশ্যে দলীয় নীতি অনুসৰিয়েই সাংসদসকলে ভোট দিয়া দেখা যায়। কিন্তু পূৰ্বৰ নিৰ্বাচনত ক্ৰছ ভোটিং হোৱা পৰিলক্ষিত হৈছিল আৰু এইবাৰো ইয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

বৰ্তমান ৰাজ্যসভাত ২৩৯ জন সাংসদ আৰু লোকসভাত ৫৪২ জন সাংসদ আছে, অৰ্থাৎ বিজয়ৰ বাবে ৩৯১ জন সাংসদৰ ভোটৰ প্ৰয়োজন হ’ব। এইক্ষেত্ৰত অৱশ্যে এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণৰে জয়ৰ সম্ভাৱনা প্ৰকট হৈ পৰিছো। দুয়ো সদনতে এন ডি এৰ মুঠ ৪২৫ জন সাংসদ আছে। গতিকে জয়ৰ বাবে প্ৰয়োজনীয় ভোটৰ সংখ্যা সহজেই অতিক্ৰম হ’ব পাৰে।

ইতিমধ্যেই অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক দল ৱাই এছ আৰ চি পিয়ে এন ডি এৰ সপক্ষে ভোটদানৰ কথা ঘোষণা কৰিছে। বৰ্তমান দলটোৰ ৰাজ্যসভাত সাতজন আৰু লোকসভাত চাৰিজন সাংসদ আছে। ইফালে বি আৰ এছ আৰু বিজেডিয়ে এইপৰ্যন্ত নিৰ্বাচনত দলীয় স্থিতি স্পষ্ট কৰা নাই। বি আৰ এছে ভোটগ্ৰহণত অনুপস্থিত থকাৰ সম্ভাৱনা আছে যদিও বিজেডিয়ে এন ডি এক সমৰ্থন কৰিব পাৰে।

ৰাজ্যসভাত বি আৰ এছৰ চাৰিজন সাংসদ আৰু বিজেডিৰ সাতজন সাংসদ আছে। ইফালে লোকসভাৰ সাতজন নিৰ্দলীয় সাংসদৰ ভিতৰত তিনিগৰাকীৰ স্থিতি এইপৰ্যন্ত স্পষ্ট হোৱা নাই। একেদৰে আকালি দল, জেডপিএম আৰু ভিঅ’টিটিপিৰ এজনকৈ সাংসদৰ স্থিতিও জানিব পৰা হোৱা নাই। সাংসদৰ শক্তিৰ দিশৰ পৰা বিৰোধীৰ ভোটৰ সংখ্যা ৩২৪টা।

এনে পৰিস্থিতিত ক্ৰছ ভোটিং হ’লেহে বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ জয় সম্ভৱ হ’ব। অন্যথা এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণৰ জয় প্ৰায় নিশ্চিত বুলিব পাৰি। উল্লেখ্য যে ২০২২ চনত অনুষ্ঠিত হোৱা বিগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জগদীপ ধনখড়ে বিৰোধী দলৰ মাৰ্গাৰেট আলভাক ৩৪৬টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল।

এইবাৰ অৱশ্যে সংসদত বিৰোধীৰ শক্তি পূৰ্বতকৈ বৃদ্ধি পোৱাৰ সুবাদত জয়-পৰাজয়ৰ ব্যৱধান পূৰ্বৰ তুলনাত হ্ৰাস পাব। এন ডি এৰ সূত্ৰই অৱশ্যে তেওঁলোকৰ প্ৰাৰ্থীৰ পক্ষত ক্ৰছ ভোটিঙৰ সম্ভাৱনাও ব্যক্ত কৰিছে। লক্ষণীয়ভাৱে শাসকীয় এন ডি এৰ লগতে বিৰোধী ইণ্ডিয়া গোটেও নিৰ্বাচনত যাতে এটাও ভোট বাতিল নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ সাংসদসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল।