শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাত ভাৰতৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ: পোলেণ্ডৰ প্ৰধানমন্ত্ৰী

অৱশ্যে মোদীৰ ৰাছিয়া ভ্ৰমণৰ ক্ষেত্ৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ক্ষোভ প্ৰকাশ কৰিছিল। এই সকলোবোৰৰ মাজতে এতিয়া আজি কিয়েভত উপস্থিত হৈছে মোদী। বিশ্বৰ আশা, মোদীয়ে এই যুদ্ধৰ সমাধান উলিয়াব।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাত ভাৰতৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ: পোলেণ্ডৰ প্ৰধানমন্ত্ৰী
পোলেণ্ডত মোদী
barasha-sarma
Barasha Sarma | Published: 23 Aug 2024 11:02 AM

বৰ্তমান পোলেণ্ড ভ্ৰমণ সামৰি কিয়েভত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পোলেণ্ড ভ্ৰমণৰ সময়চোৱাত তেওঁ পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাক্সক সাক্ষাৎ কৰি বিভিন্ন আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে কয় যে ইউক্ৰেইনত চলি থকা যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ইয়াৰ উপৰিও তেওঁ লগতে কয় যে মোদী কিয়েভৰ ঐতিহাসিক ভ্ৰমণলৈ গৈ আছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত টাস্কে কয় যে, বৰ্তমান সমগ্ৰ বিশ্বক উদ্বেগ সৃষ্টি কৰা বিষয়সমূহৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ স্থিতি প্ৰকাশ কৰিছে। মই বহু সুখী আৰু আনন্দিত যে মোদীয়ে যুদ্ধৰ শান্তিপূৰ্ণ, ন্য়ায়সংগত আৰু শীঘ্ৰেই ইয়াত সমাপ্ত কৰাৰ বাবে প্ৰতিবদ্ধ। তেওঁ কয়, আমি দুয়ো একমত যে ভাৰতে ইউক্ৰেইনত গুৰুত্বপূৰ্ণ আৰু ইতিবাচক ভূমিকা পালন কৰিব পাৰে। টাস্কে কয়, কিছুসময় পাছতেই মোদীৰ কিয়েভ ভ্ৰমণ আৰম্ভ হটটব আৰু হয়তো তেওঁৰ এই যাত্ৰা ঐতিহাসিক বুলি গন্য কৰা হব।

আনহাতে এই সকলো ঘটনাৰাজি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতে বিশ্বাস কৰে, কোনো সমস্যা যুদ্ধ ক্ষেত্ৰত সমাধান নহয়।শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে ভাৰত সকলো সম্ভৱপৰ সহযোগ কৰাৰ বাবে সাজু। লগতে টাস্কে কয়,  ইতিহাসে দুয়োটা জাতিকে শিকাইছে যে নিয়ম, সীমা, ভূখণ্ডৰ অখণ্ডতা, দেশৰ সাৰ্বভৌমত্ব আৰু আইনৰ শাসনক সন্মান কৰাটো কিমান গুৰুত্বপূৰ্ণ। ভাৰতৰ গণতন্ত্ৰক সমগ্ৰ বিশ্বই প্ৰশংসা কৰে। এয়া এনে এক বিষয় যে পৃথিৱীৰ সেই অংশত এয়া সাধাৰণ কথা নহয়।

উল্লেখ্য যে, কিয়েভলৈ ৰেলযোগে যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰে’লেৰে কিয়েভত উপস্থিত হওতে মোদীক ১০ ঘন্টা আৰু উভতি আহোতেও সেই একেই সময়ৰ প্ৰয়োজন হ’ব। মোদীয়ে মস্কো ভ্ৰমণ কৰাৰ প্ৰায় ৬ সপ্তাহ পাছত এই যাত্ৰা কৰিছে। সমগ্ৰ বিশ্বৰ চকু মোদীৰ এই বিশেষ ভ্ৰমণত আছে। বিশ্বৰ শক্তিশালী দেশসমূহেও ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ সমস্যা সমাধান কৰাৰ বাবে কূটনৈতিক আলোচনাৰ আহ্বান জনাইছে।

মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰাৰ সময়তো তেওঁৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি আছিল। কিয়নো বিশ্বৰ দেশসমূহে বিশ্বাস কৰে যে মোদীয়ে এই যুদ্ধত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি সমাধান উলিয়াব পাৰিব। অৱশ্যে মোদীৰ ৰাছিয়া ভ্ৰমণৰ ক্ষেত্ৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ক্ষোভ প্ৰকাশ কৰিছিল। এই সকলোবোৰৰ মাজতে এতিয়া আজি কিয়েভত উপস্থিত হৈছে মোদী। বিশ্বৰ আশা, মোদীয়ে এই যুদ্ধৰ সমাধান উলিয়াব।