সন্ত্ৰাসবাদীৰ মুৰব্বীৰ ক্ৰন্দন! হাজাৰ নীৰিহৰ প্ৰাণ লোৱা মাছুদে উচুপিলে মৃত ভগ্নীৰ শোকত
পাকিস্তানৰ এই ভাইৰেল অডিঅ’ত আজহাৰে কেৱল শোক প্ৰকাশ কৰাই নহয়, জইছৰ মহিলা শাখা জামাত-উল-মমিনাতৰ কথাও মুকলিকৈ উল্লেখ কৰিছে আৰু মহিলাসকলক জেহাদত যোগদান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।
জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ এটা নতুন অডিঅ’ ক্লিপ পোহৰলৈ আহিছে, য’ত তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ মৃত্যুক লৈ মুকলিকৈ ক্ৰন্দন কৰা শুনা যায়। ক্লিপটোৰ আৰম্ভণিতে আজহাৰে দাবী কৰিছে যে তেওঁৰ জ্যেষ্ঠ ভগ্নী শেহতীয়াকৈ শ্বহীদ হৈছিল। এই অডিঅ’ ক্লিপটো এনে সময়ত প্ৰকাশ কৰা হৈছে যেতিয়া বাহাৱালপুৰৰ জইছৰ মুখ্য কাৰ্যালয় ছুভানল্লাহত চলোৱা অপাৰেচন সেন্দূৰত মছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হৈছিল। ইয়াৰ ভিতৰত আছিল তেওঁৰ জ্যেষ্ঠ ভগ্নী, ভায়েক, এজন ভতিজা আৰু তেওঁৰ পত্নী, এগৰাকী ভতিজীৰ লগতে কেইবাজনো জইছ সন্ত্ৰাসবাদী।
পাকিস্তানৰ এই ভাইৰেল অডিঅ’ত আজহাৰে কেৱল শোক প্ৰকাশ কৰাই নহয়, জইছৰ মহিলা শাখা জামাত-উল-মমিনাতৰ কথাও মুকলিকৈ উল্লেখ কৰিছে আৰু মহিলাসকলক জেহাদত যোগদান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।
মাছুদে অডিঅ’টোত আৰু কয়, “এয়া কেৱল দুখ নহয়। এইটো এটা নিযুক্তিৰ বাৰ্তা। মহিলাক মতাদৰ্শগত নলীকা হিচাপে প্ৰচাৰ কৰা হৈছে। ঘৰৰ ভিতৰতে উগ্ৰবাদক স্বাভাৱিক কৰাৰ প্ৰয়াস কৰা হৈছে। এই অডিঅ’টোৰ আটাইতকৈ বিপজ্জনক সত্যটো এইটোৱেই।”
ইয়াৰ পূৰ্বে তেওঁ বিমান অপহৰণৰ কথা প্ৰকাশ কৰিছিল
শেহতীয়াকৈ প্ৰকাশ পাইছে মাছুদ আজহাৰৰ এটা নতুন অডিঅ’ ক্লিপ। ইয়াত মাছুদ আজহাৰে Indian Airlines IC 814 বিমানখন হাইজেক কৰাৰ সবিশেষ প্ৰকাশ কৰা শুনা গৈছিল। মাছুদৰ মতে ভাৰতৰ পৰা মুক্তি পোৱাৰ সময়ত তেওঁৰ মনোবল পৰীক্ষা হৈছিল। ভাৰতীয় বিষয়াসকলে তেওঁক বহু প্ৰশ্ন কৰিছিল।
আজহাৰৰ মতে, ভাৰতীয় বিষয়াসকলে তেওঁক জেহাদৰ বিষয়ে সোধাত জইছ-ই-মহম্মদৰ নেতাজনে উত্তৰ দিছিল, “আমাৰ মায়ে প্ৰতিদিনে জেহাদৰ লোলনা গায়। আমাৰ হাতত কোৰাণ আছে। আপুনি দেৱালৰ পৰা জেহাদ মচিব পাৰে, কিন্তু কোৰাণৰ আয়াতৰ পৰা মচিব নোৱাৰে।”
অপাৰেচন সেন্দূৰৰ পৰাই আজহাৰ আণ্ডাৰগ্ৰাউণ্ড
২০২৫ চনৰ মে’ মাহত ভাৰতে পাকিস্তানৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ ঘাটিত আক্ৰমণ চলাইছিল। এই ষ্ট্ৰাইকৰ পিছৰে পৰা মাছুদ আজহাৰ আণ্ডাৰগাউণ্ড। বৰ্তমান আজহাৰৰ অৱস্থান জানিব পৰা হোৱা নাই যদিও পাকিস্তান-আফগানিস্তান সীমান্তত আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে। লস্কৰৰ মুৰব্বী হাফিজ ছাইদো আজহাৰৰ সৈতে আণ্ডাৰগ্ৰাউণ্ড।