শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অতি শীঘ্ৰে ইৰাণ এৰক…নাগৰিকৰ বাবে পৰামৰ্শ জাৰি ভাৰতীয় দূতাবাসৰ

ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সম্ভাৱ্য সামৰিক ব্যৱস্থা আৰু দেশখনৰ কিছু অংশত চলি থকা প্ৰতিবাদৰ উদ্বেগকে ধৰি অঞ্চলটোত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই নতুন সতৰ্কবাণী দিয়া হৈছে। য’ত ২৫০০ৰো অধিক লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে।

অতি শীঘ্ৰে ইৰাণ এৰক…নাগৰিকৰ বাবে পৰামৰ্শ জাৰি ভাৰতীয় দূতাবাসৰ
ইৰাণৰ প্ৰতিবাদ
Trishna Kalita
Trishna Kalita | Published: 14 Jan 2026 18:07 PM

বুধবাৰে ভাৰতে এক পৰামৰ্শ জাৰি কৰি ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক অতি সোনকালে দেশ এৰিবলৈ আহ্বান জনায়। বৰ্ধিত আঞ্চলিক উত্তেজনা আৰু প্ৰতিবাদৰ মাজত নিৰাপত্তা পৰিস্থিতিৰ বিকাশৰ উদ্ধৃতি দি তেহৰাণত থকা ভাৰতীয় দূতাবাসে এই পৰামৰ্শ জাৰি কৰে। পৰামৰ্শ পত্ৰখনত কোৱা হৈছে যে, “পৰ্যটকসকলক বাণিজ্যিক বিমানকে ধৰি উপলব্ধ পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰি ইৰাণৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিয়া হৈছে।”

ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সম্ভাৱ্য সামৰিক ব্যৱস্থা আৰু দেশখনৰ কিছু অংশত চলি থকা প্ৰতিবাদৰ উদ্বেগকে ধৰি অঞ্চলটোত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই নতুন সতৰ্কবাণী দিয়া হৈছে। য’ত ২৫০০ৰো অধিক লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে।

নাগৰিকক সজাগ হৈ থাকিবলৈ আহ্বান

ভাৰতীয় কৰ্তৃপক্ষই নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু অশান্তিৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। তেহৰাণত থকা দূতাবাসে পুনৰ কয়,  “সকলো ভাৰতীয় নাগৰিক আৰু পিআইঅ’ই সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰিব লাগে, প্ৰতিবাদ বা বিক্ষোভৰ অঞ্চল এৰাই চলিব লাগে। ইৰাণত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিব লাগে আৰু যিকোনো পৰিস্থিতিৰ বাবে স্থানীয় সংবাদ মাধ্যমক নিৰীক্ষণ কৰিব লাগে।”

ভাৰতীয় নাগৰিকসকলকো তেওঁলোকৰ ভ্ৰমণ আৰু অনুপ্ৰৱেশৰ নথি-পত্ৰ, পাছপ’ৰ্ট, পৰিচয় পত্ৰকে ধৰি সহজলভ্য হোৱাটো নিশ্চিত কৰিবলৈ আৰু প্ৰয়োজন হ’লে সহায়ৰ বাবে দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি

সহায়ৰ বাবে দূতাবাসে জৰুৰীকালীন হেল্পলাইন সক্ৰিয় কৰিছে আৰু কনছুলাৰ সহায়ৰ বাবে কেইবাটাও যোগাযোগ নম্বৰ আৰু এটা চৰকাৰী ইমেইল আইডি শ্বেয়াৰ কৰিছে। এতিয়াও দূতাবাসত পঞ্জীয়ন নকৰা ভাৰতীয়সকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনলাইন পৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে, আৰু ইৰাণত ইণ্টাৰনেটৰ ব্যৱহাৰত ব্যাঘাত জন্মালে ভাৰতৰ পৰিয়ালসমূহক তেওঁলোকৰ হৈ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Iran Advisory

ইৰাণত হিংসাত্মক প্ৰতিবাদ, এতিয়ালৈকে ২৫০০ লোকৰ মৃত্যু

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি বিগত ১৭ দিনত ইণ্টাৰনেট ব্লেকআউট হোৱাৰ পিছতো ১৮৫০ জন প্ৰতিবাদকাৰী, ১৩৫ জন চৰকাৰী সংযুক্ত ব্যক্তি, ৯ জন সাধাৰণ নাগৰিক আৰু ৯ জন শিশুৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। ইৰাণৰ এজন বিষয়াই ৰয়টাৰক জনাইছে যে ২৫০০ লোক নিহত হৈছে যদিও ইয়াৰ বাবে দায়ী “সন্ত্রাসবাদী”।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত লিখিছিল যে, ইৰাণৰ কৰ্তৃপক্ষই এই হত্যাকাণ্ডৰ বাবে “গধুৰ মূল্য পৰিশোধ কৰিব লাগিব” আৰু নাগৰিকক “প্ৰতিবাদ কৰি থাকিবলৈ” আহ্বান জনায়।

ট্ৰাম্পে কয়, “যেতিয়ালৈকে প্ৰতিবাদকাৰীৰ অৰ্থহীন হত্যাকাণ্ড বন্ধ নহয়, মই  ইৰাণৰ বিষয়াসকলৰ সৈতে হোৱা সকলো বৈঠক বাতিল কৰিছো। সহায় আহি আছে।” এই দমনৰ প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক আৰু অন্যান্য বিকল্পৰ কথা বিবেচনা কৰিছে ট্ৰাম্পে । ইতিমধ্যে তেওঁ ইৰাণৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশৰ ওপৰত ২৫% শুল্ক ঘোষণা কৰিছে।

৩১খন প্ৰদেশৰ ১৮০খন চহৰ আৰু নগৰত বিয়পি পৰা এই প্ৰতিবাদৰ আৰম্ভণি হৈছিল ইৰাণৰ মুদ্ৰাৰ পতন আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ বাবে ক্ষোভৰ পৰা। তাৰ পিছত এয়া ৰাজনৈতিক পৰিৱৰ্তনৰ দাবীলৈ পৰিণত হয় আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত ধৰ্মগুৰু শাসনৰ বাবে অন্যতম গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰে।

লগতে পঢ়ক: অধিক ভয়াৱহ হৈছে পৰিস্থিতি! ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদত ২ হাজাৰৰো অধিক লোকৰ মৃত্যু…