অধিক ভয়াৱহ হৈছে পৰিস্থিতি! ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদত ২ হাজাৰৰো অধিক লোকৰ মৃত্যু…
এই প্ৰতিবাদত ২০০০ৰ পৰা ২৫০০ লোকৰ মৃত্যু হোৱাৰ দাবী উত্থাপন কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাণৰ এটা মানৱ অধিকাৰ সংস্থাৰ তথ্য অনুসৰি ১৮ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সমগ্ৰ ঘটনাৰ আটাইতকৈ ভয়ংকৰ দিশটো হ’ল ২৬ বছৰীয়া ইৰফান ছুলতানিৰ ঘটনা।
ইৰাণত অব্যাহত আছে ৰক্তপাত, ইৰফানক আজি ফাঁচী দিয়া হ’ব। ২ হাজাৰ লোকৰ মৃত্যু হৈছে নেকি?
ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদে ১৮ দিন অতিক্ৰম কৰিলে । ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। ইৰাণৰ প্ৰতিবাদত নিহত হোৱা লোকৰ সংখ্যাক লৈ বিভিন্ন দাবী উত্থাপন হৈছে। এই প্ৰতিবাদত ২০০০ৰ পৰা ২৫০০ লোকৰ মৃত্যু হোৱাৰ দাবী উত্থাপন কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাণৰ এটা মানৱ অধিকাৰ সংস্থাৰ তথ্য অনুসৰি ১৮ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সমগ্ৰ ঘটনাৰ আটাইতকৈ ভয়ংকৰ দিশটো হ’ল ২৬ বছৰীয়া ইৰফান ছুলতানিৰ ঘটনা।
দ্য গাৰ্ডিয়ানৰ মতে, প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে ইৰফানক ৮ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল। ইৰাণ চৰকাৰে তেওঁৰ ওপৰত মোহাৰেবেহ (ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ কৰা)ৰ অভিযোগত ১১ জানুৱাৰীত দোষী ঘোষণা কৰে। খবৰ অনুসৰি আজি তেওঁক ৰাজহুৱাভাৱে ফাঁচী দিয়া হ’ব পাৰে। জানিব পৰা মতে যুৱকজনে এতিয়ালৈ কোনো সঠিক বিচাৰ লাভ কৰা নাই নতুবা তেওঁক কোনো অধিবক্তাৰ ব্যৱস্থাও কৰা নাই। ইফালে, প্ৰতিবাদকাৰীসকলক ফাঁচী দিয়া হ’লে ভয়াৱহ পৰিণতিৰ হুংকাৰো দিছে ট্ৰাম্পে।
ট্ৰাম্পৰ সতৰ্কবাণী, হোৱাইট হাউছত বৈঠক
ইৰাণক মুকলি সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ উল্লেখ কৰে যে ইৰাণ চৰকাৰে প্ৰতিবাদকাৰীসকলক ফাঁচী দিলে আমেৰিকাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে দাবী কৰিছে যে, ইৰাণে ইৰফান ছুলতানীক ফাঁচী দিয়াৰ পৰিকল্পনা কৰিছে। এই বিষয়ত হোয়াইট হাউছতো ট্ৰাম্পে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পূৰ্বে ট্ৰাম্পে নিজৰ টুইটাৰ একাউণ্টত প্ৰতিবাদকাৰীসকলক চৰকাৰী ভৱন দখল কৰিবলৈ আহ্বান জনাইছিল, লগতে উল্লেখ কৰিছিল যে আমেৰিকাৰ সাহায্য আহি আছে। ইয়াৰ ফলত আমেৰিকাই অতি সোনকালে ইৰাণত ডাঙৰ পদক্ষেপ ল’ব পাৰে বুলি জল্পনা-কল্পনাত অধিক ইন্ধন যোগাইছিল।
সমগ্ৰ ইৰাণত প্ৰতিবাদ, ৩১খন প্ৰদেশত ৬০০ৰো অধিক ঘটনা
নিউজ এজেন্সীৰ মতে, ইৰাণৰ ৩১খন প্ৰদেশতে এতিয়ালৈকে ৬০০ৰো অধিক প্ৰতিবাদ সংঘটিত হৈছে। চিএনএনৰ বাতৰি অনুসৰি মৃত্যুৰ সংখ্যা ২৪০০ৰো অধিক হৈছে। ইৰাণৰ বিষয়াসকলৰ উদ্ধৃতি দি ৰয়টাৰে এই সংখ্যা প্ৰায় ২০০০ বুলি প্ৰকাশ কৰিছে। বিভিন্ন সংস্থাৰ তথ্য ভিন্ন হ’লেও স্পষ্ট যে ইৰাণৰ শেহতীয়া ইতিহাসৰ এইটোৱেই আটাইতকৈ হিংসাত্মক সময়।
ব্ৰিটিছ ৱেবছাইট ইৰাণ ইণ্টাৰনেশ্যনেলে দাবী কৰিছে যে, বিগত ১৭ দিনত ১২ হাজাৰ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। ৱেবছাইটটোত কোৱা হৈছে যে, ইৰাণৰ আধুনিক ইতিহাসৰ আটাইতকৈ ভয়াৱহ হত্যাকাণ্ড। প্ৰতিবেদন অনুসৰি, সৰ্বোচ্চ নেতা আলী খামেনেইৰ নিৰ্দেশত ৰিভল্যুচনেৰী গাৰ্ড আৰু বাছিজ বাহিনীয়ে সংঘটিত কৰা এই হত্যাকাণ্ডৰ অধিকাংশ লোকৰ বয়স ৩০ বছৰৰ তলৰ। ইণ্টাৰনেট আৰু যোগাযোগ বন্ধ কৰি চৰকাৰে বিশ্বৰ পৰা সত্য লুকুৱাবলৈ চেষ্টা কৰা বুলিও প্রতিবেদনত দাবী কৰা হৈছে৷