শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ষমতাৰ লালসা! সেনাৰ অভ্যুত্থান হ’লে কোন দেশলৈ পলায়ন কৰিব মহম্মদ ইউনুছে?

পুনৰ বাংলাদেশত দেখা দিছে ৰাজনৈতিক অস্থিৰতাই। এনে ক্ষেত্ৰত প্ৰশ্ন হয়, এইবাৰ বাংলাদেশত সেনাৰ অভ্যুত্থান হ'লে ক'লৈ যাব মহম্মদ ইউনুছ? ভাৰতলৈ অহাৰ বাট নাই। তেন্তে কি হ'ব ইউনুছৰ ভৱিষ্য়ত?

ক্ষমতাৰ লালসা! সেনাৰ অভ্যুত্থান হ’লে কোন দেশলৈ পলায়ন কৰিব মহম্মদ ইউনুছে?
মহম্মদ ইউনুছImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 May 2025 13:51 PM

বৰ্তমান সংকটত মহম্মদ ইউনুছ চৰকাৰ। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছনৰ ওপৰত জনতাৰ লগতে সেনা বাহিনীও ক্ষোভিত হৈ আছে। যাৰ বাবে হয়তো তেওঁ ভৱিষ্যতে গাদী হেৰুৱাব লাগিব। এনে পৰিস্থিতিত হয়তো খবৰ আহিব পাৰে যে, “মহম্মদ ইউনুছ ঢাকাৰ পৰা পলাই গৈছে”। বাংলাদেশৰ বাবে এই খবৰ নতুন নহয়। কিয়নো প্ৰায় ৯ টা মাহ পূৰ্বে শ্বেইখ হাছিনা পলায়ন কৰি ভাৰতলৈ আহিছিল।

গতিকে প্ৰশ্ন হয়, এইবাৰ যদি বাংলাদেশত সেনাৰ অভ্যুত্থান হয় তেন্তে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ ক’ত যাব?  কোনখন দেশ তেওঁৰ বাবে হ’ব নিৰাপদ স্থান? আমেৰিকা নে ইউৰোপ? ইউনুছৰ অৱস্থালৈ চালে তেওঁৰ বাবে এছিয়াত থকাটো কঠিন যেন লাগে।

শ্বেখ হাছিনাৰ অভ্যুত্থানৰ ১ বছৰ নৌহওতেই পুনৰ বাংলাদেশৰ ৰাজনীতিত অস্থিৰতাই দেখা দিছে। ইতিমধ্য়ে বাংলাদেশৰ সেনা নামি পৰিছে ৰাজপথত। যোৱা কেইটামান দিনত পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে মহম্মদ ইউনুছে পদত্যাগ কৰাৰ কথা কৈছে। ইফালে বাংলাদেশৰ সেনাৰ মুৰব্বী ৱাকাৰ উজ জামানৰ স্থিতিয়ে এক প্ৰকাৰ ইংগিত দিছে যে বাংলাদেশত হয়তো ডাঙৰ কিবা এটা হ’বলৈ গৈ আছে।

কিন্তু এই পৰিস্থিতিৰ উদ্ভৱ এতিয়াই হোৱা নাই। ইউনুছৰ মৌলবাদী চিন্তাধাৰা, গণতন্ত্ৰ বিৰোধী তত্ত্ব আৰু ক্ষমতাত আঁকোৱালি লোৱাৰ ইচ্ছাই ইয়াৰ বাবে অধিক দায়ী। যেতিয়া বাংলাদেশৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছিল তেতিয়া ইউনুছ এক প্ৰকাৰ নিশ্চুপ আছিল।

ক্ষমতাৰ লালসা

মহম্মদ ইউনুছৰ প্ৰতি ক্ৰমান্বয়ে ঢাকাত বৃদ্ধি পাইছে ক্ষোভৰ জুই। এই জুইত ঘিউ ঢালি দিয়াৰ কাম কৰে বাংলাদেশৰ সেনা প্ৰধানে। কিয়নো কিছুদিন পূৰ্বে বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে ইউনুছক ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। তেতিয়াই ক্ষমতাৰ প্ৰতি থকা ইউনুছৰ লালসাৰ বহিঃপ্ৰকাশ ঘটিছিল। কিয়নো ২০২৬ চনৰ জুন মাহৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইচ্ছুক নহয় ইউনুছ।

বাংলাদেশৰ ‘দ্য ডেইলী ষ্টাৰ’ কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি জেনেৰেল ৱাকাৰে ২১ মে’ত ঢাকা কেণ্টনমেণ্টত এখন বৈঠকত ভাষণ দি আছিল।য’ত তেওঁ কয় যে বাংলাদেশক ৰাজনৈতিক স্থিতিশীলতাৰ প্ৰয়োজন আৰু এইটো কেৱল নিৰ্বাচিত চৰকাৰৰ সৈতেহে সম্ভৱ, অ-নিৰ্বাচিত প্ৰশাসনৰ সৈতে নহয়।

সেনা প্ৰধানগৰাকীয়ে স্পষ্টকৈ কয় যে, চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দেশত নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে। কিন্তু মহম্মদ ইউনুছে কয় যে ২০২৬ চনৰ জুন মাহৰ আগতে নিৰ্বাচন অনুষ্ঠিত নহয়। গতিকে ইয়াৰ পাছতে সেনাধ্যক্ষই অনুভৱ কৰিলে যে ইউনুছে সকলো নিজৰ হাতত ৰখাৰ চেষ্টা কৰিছে। ইয়াৰোপৰি সেনাধ্যক্ষগৰাকী ইউনুছৰ বহু সিদ্ধান্তত অসন্তুষ্ট। ম্যানমাৰৰ ৰাখাইনত মানৱীয় কৰিড’ৰ খোলাৰ প্ৰস্তাৱত ক্ষুব্ধ হৈ পৰিছে সেনা। ইয়াৰোপৰি চট্টগ্ৰাম বন্দৰৰ পৰিচালনা বিদেশী কোম্পানীক দিয়া, ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট সেৱা ষ্টাৰলিংকক অনুমোদন দিয়া আদি সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

ইয়াৰোপৰি বহু সন্ত্ৰাসবাদীক জেলৰ পৰা মুকলি কৰি দিয়া কথাকলৈ চিন্তিত আছে সেনাপ্ৰধান।  কেৱল ইমানেই নহয়, তেওঁক অৱগত নকৰাকৈ ইউনুছে তেওঁৰ প্ৰিয় খলিলুৰ ৰহমানক NSA হিচাপে নিযুক্তি দিয়ে।  তাৰ পাছতে খবৰ আহে যে, খলিলুৰ ৰহমান আৰু ইউনুছে মিলি সেনাপ্ৰধানক অপসাৰণ কৰাৰ ষড়যন্ত্ৰ ৰচি আছে।  চলি থকা ঘটনাক্ৰমৰ মাজতে ২০ মে’ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহম্মদ ইউনুছ আৰু বাংলাদেশৰ তিনি সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকল উপস্থিত আছিল। এই বৈঠকৰ পাছতে ইউনুছে আন উপদেষ্টাসকলক ফোন কৰি পদত্যাগ কৰিব বুলি কৈছিল।

ক’লৈ যাব

যিয়েই নহওক, ঢাকাত এতিয়া ইউনুছৰ বিৰুদ্ধে তীব্ৰ জুই জ্বলি আছে। গতিকে তেওঁ যদি পদত্যাগ কৰে বা পুনৰ সেনাৰ অভ্যুত্থান হয় তেন্তে তেওঁ হয়তো ঢাকাৰ পৰা পলায়ন কৰিবলগীয়া হ’ব। বিগত সময়চোৱাত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ইয়াৰ মূল কাৰণ ইউনুছ বুলিয়েই ক’ব পাৰি। আনকি তেওঁ চীন গৈ বহু ভাৰত বিৰোধী মন্তব্য কৰিছে। এনে অৱস্থাত তেওঁ ভাৰতলৈ অহাৰ সম্ভাৱনা কম। এনে অৱস্থাত চৰ্চা হৈছে যে তেওঁ হয়তো আমেৰিকা বা ইউৰোপৰ কোনো এখন দেশলৈ পলায়ন কৰিব।  সম্ভৱতঃ মহম্মদ ইউনুছে এতিয়া বুজি পাইছে তেওঁ মুকলি কৰি দিয়া সন্ত্ৰাসবাদীয়ে প্ৰধানমন্ত্ৰীৰ চকীখন দিব নোৱাৰিব।

 

অন্য খবৰ পঢ়কঃ ৪৮ ঘন্টাত ৭ বাৰ ফোন কৰি পোৱা নাই সঁহাৰি! বাংলাদেশৰ ৰাজপথত নামি পৰিছে সেনা, অভ্যুত্থানৰ ভয়ত কম্পিত ইউনুছ…