শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৭ মহলীয়া অট্টালিকাত ভয়ংকৰ জুই! গৰ্ভৱতী মহিলাসহ বৰ্তমানলৈ ১৭ জনৰ মৃত্যু…

এটা ৭ মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। যত এতিয়ালৈক ১৭ জনৰ মৃত্যু আৰু কেইবাজনো আহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

৭ মহলীয়া অট্টালিকাত ভয়ংকৰ জুই!  গৰ্ভৱতী মহিলাসহ বৰ্তমানলৈ ১৭ জনৰ মৃত্যু…
ইণ্ডোনেছিয়া
barasha-sarma
Barasha Sarma | Published: 09 Dec 2025 17:54 PM

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰ (৯ ডিচেম্বৰ) য়ে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত এটা ৭ মহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সংযোগ হয়। যাৰ ফলত এতিয়ালৈকে প্ৰায় ১৭ জনৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে। এই ঘটনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযানৰ কাম আৰম্ভ কৰে। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, এতিয়াও অট্টালিকাটোৰ ভিতৰত বহু লোক আৱদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ কৰাৰ কাম বৰ্তমান চলি আছে।জুই লগা এই অট্টালিকাটো আছিল টেৰা ড্ৰ’ন ইণ্ডোনেছিয়াৰ কাৰ্যালয়। আৱাসিক আৰু বাণিজ্যিক অঞ্চলত অৱস্থিত এই অট্টালিকাত জুই লগাৰ পাছতেই ওচৰ-চুবুৰীয়াৰ মাজতো আতংকৰ সৃষ্টি হয়।

এতিয়ালৈক মৃত্যু ১৭ জনৰ

আজি দুপৰীয়া সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ কিছু সময়ৰ ভিতৰতে সমগ্ৰ অট্টালিকাটো জুইয়ে আগুৰি ধৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও এতিয়ালৈকে বহু লোক মৃত্যু মুখত পৰে। আৰক্ষীৰ তথ্য অনুসৰি এই ঘটনাৰ ফলত বৰ্তমানলৈকে ১৭ জন লোকৰ মৃৃত্যু হৈছে। মৃতসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে। ইফালে আহত হৈছে বহু লোক।

আৰক্ষীৰ মতে, জুই প্ৰথম মহলাত লাগিছিল যদিও মুহূৰ্ততে এই অগ্নিকাণ্ডই সমগ্ৰ বিল্ডিঙটো আগুৰি ধৰে। কৰ্মচাৰীসকলে প্ৰথমে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও সফল নহয়। এতিয়াও অট্টালিকাটোৰ ভিতৰত বহু লোক আৱদ্ধ হৈ আছে। তেওঁলোকক সুকলমে উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত আছে।

তথ্য অনুসৰি প্ৰথম মহলাত বহু বেটাৰী জমা হৈ আছিল। সেই বেটাৰীৰ পৰা জুইৰ সূত্ৰপাত হয় আৰু এই ধ্বংসলীলাৰ সৃষ্টি কৰে। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে জুই সপ্তম মহলা পৰ্যন্ত আগুৰি ধৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

অন্য খবৰ পঢ়কঃ কূটনৈতিক জয়! পুটিনৰ পাছত ভাৰত ভ্ৰমণৰ সম্ভাৱনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…