শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত আৰু আমেৰিকা ঘনিষ্ঠ বন্ধু! বাণিজ্যিক আলোচনাত মিলিত হ’বলৈ আগ্ৰহী ট্ৰাম্প, প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’লে ?

ভাৰতৰে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে, দুয়োখন দেশৰ মাজত বাণিজ্যিক উত্তেজনা সমাধানৰ বাবে আলোচনাত মিলিত হ’ব। ট্ৰাম্পৰ এই বক্তব্যৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভাৰত আৰু আমেৰিকা ঘনিষ্ঠ বন্ধু! বাণিজ্যিক আলোচনাত মিলিত হ’বলৈ আগ্ৰহী ট্ৰাম্প, প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’লে ?
প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প
manas-borah
Manas Borah | Updated On: 10 Sep 2025 10:51 AM

৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে ভাৰত-আমেৰিকাৰ মাজৰ বাণিজ্যিক সম্পৰ্কত ব্যৱধান বৃদ্ধি পাইছে। ইয়াৰ মাজতে শেহতীয়াকৈ এই বিষয়ত আলোচনা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে, দুয়োখন দেশৰ মাজত বাণিজ্যিক উত্তেজনা সমাধানৰ বাবে আলোচনাত মিলিত হ’ব। ট্ৰাম্পৰ এই বক্তব্যৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, “আমাৰ বাণিজ্যিক আলোচনাই ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ অসীম সম্ভাৱনাৰ বাট মুকলি কৰিব বুলি মোৰ বিশ্বাস ৷”

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক ক্ৰমাগতভাৱে অৱনতি ঘটিছিল। ট্ৰাম্পে পাকিস্তানৰ তুলনাত ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছিল। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰা বুলি ট্ৰাম্পে উল্লেখ কৰিছিল। অৱশ্যে যোৱা কেইদিনমানৰ পৰা ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীক লৈ ট্ৰাম্পে যি ধৰণৰ বক্তব্য দি আহিছে, এনে লাগে যেন দুয়োখন দেশৰ মাজত বাঢ়ি অহা উত্তেজনা হ্ৰাস কৰিব বিচাৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে, ভাৰত আৰু আমেৰিকা অতি ভাল বন্ধু আৰু স্বাভাৱিক অংশীদাৰ। তেওঁ কয় যে, আমাৰ বাণিজ্যিক আলোচনাই দুয়োখন দেশৰ অংশীদাৰিত্বৰ অসীম সম্ভাৱনা মুকলি কৰিব বুলি মোৰ বিশ্বাস। আমাৰ দলটোৱে এই বাণিজ্যিক আলোচনাসমূহ অতি সোনকালে সম্পূৰ্ণ কৰাৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, “মই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ অপেক্ষা কৰি আছো। আমি সকলোৱে মিলি আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ বাবে এক উজ্জ্বল আৰু অধিক সমৃদ্ধিশালী ভৱিষ্যতৰ সৃষ্টি কৰিম।”

বাণিজ্যিক উত্তেজনাৰ ওপৰত কথা পাতিব বিচাৰিছে ট্ৰাম্পে

ছ’চিয়েল মিডিয়াৰ জৰিয়তে ট্ৰাম্পে কয় যে, ভাৰত আৰু আমেৰিকা দুয়োখন দেশে বাণিজ্যিক উত্তেজনা দূৰ কৰাৰ বাবে আলোচনাৰ কথা ঘোষণা কৰি সুখী। তেওঁ কয় যে “অনাগত দিনত মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ মই অতি আগ্ৰহী। মই নিশ্চিত যে, দুয়োখন দেশে সফল সিদ্ধান্তত উপনীত হ’বলৈ কোনো অসুবিধা নাথাকিব।”