শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৬.৭ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প! সমগ্ৰ দেশত ছুনামীৰ সতৰ্কবাণী জাৰি…

Japan Earthquake: পুনৰ এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় জাপান। যাৰ পাছত এতিয়া সমগ্ৰ দেশখনত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। জানিব পৰা মতে ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭।

৬.৭ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প! সমগ্ৰ দেশত ছুনামীৰ সতৰ্কবাণী জাৰি…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 12 Dec 2025 09:41 AM

শুকুৰবাৰে এক ডাঙৰ ভূমিকম্পই জোকাৰি যায় জাপান। প্ৰাপ্ত খবৰ অনুসৰি, আওমৰিৰ হাচিনোহেত এই কম্পন অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৭ আৰু গভীৰতা ১০.৮ কিলোমিটাৰ। এই ভয়ংকৰ ভূমিকম্পৰ পাছতেই বিভিন্ন অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইমানেই নহয়, ভূমিকম্পৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষই ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে।

জাপান বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি আজি (১২ ডিচেম্বৰ) নিশা ১২:৫০ বজাত আওমোৰি প্ৰিফেকচাৰৰ পূব উপকূলৰ ওচৰত ভয়ংকৰ ভূমিকম্প সংঘটিত হয়। গতিকে ইয়াৰ পাছতে সম্ভাব্য ছুনামী সন্দৰ্ভত শীঘ্ৰেই সংবাদমেল অনুষ্ঠিত কৰা হ’ব।

ইতিমধ্যে সমগ্ৰ দেশখনতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চল হোকাইডো আৰু আওমৰিৰ লগতে ইৱাটে আৰু মিয়াগি প্ৰিফেকচাৰৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ পূৰ্বে দেশখনত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, তাৰ পাছৰ পৰা ছুনামীৰ আশংকা কৰা হৈছে।

ক্ষতি কিমান

উল্লেখ্য যে, ৰিখটাৰ স্কেলত ৫তকৈ অধিক হ’লে কম্পন প্ৰৱল বুলি ধৰা হয় আৰু ইয়াৰ ফলত ক্ষতিৰ সম্ভাৱনা থাকে। অৱশ্যে জাপানৰ ক’ত,কি ক্ষতি হ’ল এতিয়ালৈকে সবিশেষ পোহৰলৈ অহা নাই। কোনো লোক হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱা বুলি নিশ্চিত হোৱা নাই। উপকূলীয় অঞ্চলত বসবাস কৰা বাসিন্দাসকলক চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ সকীয়াই দিয়া হৈছে।

উল্লেখ্য যে,যোৱা ৮ ডিচেম্বৰতো জাপানক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল। ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৭.৫। সেই ভূমিকম্পৰ ফলত প্ৰায় ৩০ জনকৈ লোক আহত হৈছিল আৰু ৯০,০০০ লোকক সুৰক্ষিত এলেকালৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত জাপান  বতৰ বিজ্ঞান বিভাগে কৈছিল যে, দেশখনৰ উত্তৰ-পূব উপকূলত ৩ মিটাৰ (১০ ফুট) উচ্চতালৈকে চুনামীয়ে আঘাত হানিব পাৰে। ইয়াৰ পাছতে আজি পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি যায় জাপান।

 

অন্য খবৰ পঢ়কঃপাহাৰৰ পৰা বাগৰি পৰিল মানুহ ভৰ্তি বাছ; এতিয়ালৈকে মৃত্যু ৯জনৰ, আছিল ৩৫ গৰাকী তীৰ্থযাত্ৰী…