পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত ভাৰত আৰু মোদীৰ প্ৰশংসা! কি ক’লে ট্ৰাম্পে…
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতে ভাৰতক মহান দেশ আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। লগতে কয় যে, মোদী তেওঁৰ ভাল বন্ধু। এই কথাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সামান্য হাঁহি দিয়ে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ আগত ভাৰতক প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ইমানেই নহয়, ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ ভাল বন্ধু আখ্যা দিয়ে। সোমবাৰে ট্ৰাম্পে কয় যে, ভাৰত এখন মহান দেশ, যাৰ নেতৃত্ব দি আছে মোৰ অতিকে এজন ভাল বন্ধুয়ে। ইজৰাইল আৰু হামাছে গাজাত প্ৰায় দুবছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ যুদ্ধবিৰতিৰ ওপৰত সন্মতি দিয়াৰ পিছত ইজিপ্তৰ শ্বাৰম এল শ্বেখত বিশ্ব নেতাৰ সন্মিলনত ভাষণ দি ট্ৰাম্পে কয় যে মই ভাবো ভাৰত-পাকিস্তান একেলগে ভালকৈ থাকিব।
বিশেষ কথা এয়াই যে, এই সময়চোৱাত ট্ৰাম্পৰ পাছফালে থিয় হৈ আছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। ভাৰত আৰু মোদীৰ কথা উল্লেখ কৰি ট্ৰাম্পে শ্বেহবাজৰ পিনে ঘূৰি চাই আৰু লগে লগে শ্বেহবাজে হাঁহি ট্ৰাম্পৰ কথাক আদৰণি জনায়।
কি ক’লে ট্ৰাম্পে
পাছফালে থিয় হৈ থকা শ্বেহবাজৰ পিনে চাই ট্ৰাম্পে কয় যে, মোৰ অতিকে ভাল বন্ধু নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দৰে এখন মহান দেশৰ নেতৃত্ব দি আছে। তেওঁ বহু ভাল কাম কৰি আছে। মই ভাবো পাকিস্তান আৰু ভাৰত একেলগে বহু ভালকৈ থাকিব। অৱশ্যে ইয়াৰ পূৰ্বে ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনা প্ৰধান অসীম মুনিৰক প্ৰশংসা কৰে। লগতে শ্বেহবাজক সভাত ভাষণ দিবলৈ আমন্ত্ৰণ জনায়।শ্বেহবাজে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাতেই পশ্চিম এচিয়াত শান্তি প্ৰতিষ্ঠা হৈছে।
ট্ৰাম্পে দাবী কৰি আহিছে যে, ভাৰত-পাকিস্তানৰ বিবাদ তেওঁ বন্ধ কৰিছে। কিন্তু ভাৰতে এই দাবী খাৰিজ কৰি আহিছে। আনকি পাকিস্তানেও ইয়াক মানি ল’ব বিচৰা নাই। ইয়াৰ লগতে তেওঁ ৮ টা সংঘাত বন্ধ কৰা বুলি দাবী কৰিছে। যোৱা সময়চোৱাত ট্ৰাম্পে ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক ভাল কৰাৰ ইংগিত দিছে। গতিকে ট্ৰাম্পে দুই দেশৰ সম্পৰ্ক ভাল কৰি আন এক শ্ৰেয় ল’ব যে বিচাৰি আছে সেয়া নিশ্চিত।
অন্য খবৰ পঢ়কঃ নিজকে হিন্দু বুলি পৰিচয় নিদিব, তেতিয়া অধিক সুৰক্ষিত হৈ থাকিবঃ ইউনুছ