শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ’বলৈ ইচ্ছুক ট্ৰাম্প! ক’লে- মোৰ নম্বৰ আটাইতকৈ ভাল

আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনীত মাত্ৰ দুটা কাৰ্যকালৰ বাবে অনুমতি দিয়া হৈছে যদিও ২০২৮ চনত তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ড’নাল্ড ট্ৰাম্পে। এই সাংবিধানিক সীমাবদ্ধতাৰ মাজতো ট্ৰাম্পে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আৰু জয়ী হোৱাৰ আস্থা প্ৰকাশ কৰিছে। তেওঁ ক'লে, "মই ভাল পাম, মোৰ হাতত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ সংখ্যা আছে।"

তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ’বলৈ ইচ্ছুক ট্ৰাম্প! ক’লে- মোৰ নম্বৰ আটাইতকৈ ভাল
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
Trishna Kalita
Trishna Kalita | Published: 28 Oct 2025 16:48 PM

আমেৰিকাৰ সংবিধান অনুসৰি এজন ব্যক্তিয়ে দুবাৰহে ৰাষ্ট্ৰপতি হ’ব পাৰে। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এয়া দ্বিতীয়টো কাৰ্যকাল, যিটো ২০২৮ চনলৈকে চলিব।কিন্তু ২০২৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে ,তেওঁ এতিয়াও পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰা নাই।

হোয়াইট হাউছৰ প্ৰাক্তন বিষয়া ষ্টিভ বেননৰ পৰামৰ্শৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয়, “আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনীত ৰাষ্ট্ৰপতি হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যকালৰ অনুমতি দিয়া হোৱা নাই যদিও তেওঁ অসাংবিধানিকভাৱে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰো। মই এনেকুৱা কৰি ভাল পাম। কিয়নো মোৰ হাতত নিৰ্বাচনত জয়ী হ’বলৈ হিচাপতকৈ অধিক সংখ্যা আছে।”

ৰিপাব্লিকান পাৰ্টিৰ ভৱিষ্যত কোন হ’ব?

ট্ৰাম্পৰ বক্তব্য আৰু কামৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে। তেওঁৰ শেহতীয়া বক্তব্যই জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। ট্ৰাম্পে মাৰ্কো ৰুবিঅ’ আৰু জে ডি ভেন্সকো ৰিপাব্লিকান পাৰ্টিৰ সম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দিছিল। তেওঁৰ এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ২০২৮ চনৰ নিৰ্বাচনত মাৰ্কো ৰুবিঅ’ আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স ৰিপাব্লিকান পাৰ্টিৰ শীৰ্ষ প্ৰাৰ্থী হ’ব, আৰু তেওঁ ইতিমধ্যে তেওঁলোকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

ৰুবিঅ’লৈ আঙুলিয়াই ট্ৰাম্পে কয়, “আমাৰ কিছুমান অতি ভাল মানুহ আছে। মই সেইটোৰ মাজলৈ যোৱাৰ প্ৰয়োজন নাই। ইয়াৰে এজন ইয়াতেই থিয় হৈ আছে। স্পষ্টভাৱে, জেডি মহান। এই দুজনৰ বিৰুদ্ধে কোনোবাই নিৰ্বাচন খেলিব বুলি মই নাভাবো। দুয়োজনে জয়ী হ’ব পাৰে, কিন্তু যদি মই সুযোগ পাওঁ তেন্তে মই হয়তো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰো।”

তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ’ব পাৰিবনে ট্ৰাম্প?

আমেৰিকাৰ সংবিধান অনুসৰি কোনো ব্যক্তিয়ে দুবাৰতকৈ অধিক ৰাষ্ট্ৰপতি হ’ব নোৱাৰে। সংবিধানত এই কথা স্পষ্টকৈ উল্লেখ আছে। অৱশ্যে ট্ৰাম্পৰ ইচ্ছা আৰু সহযোগীসকলৰ বক্তব্যই ইংগিত দিয়ে যে, তেওঁ তৃতীয়বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ তেওঁৰ সহযোগী বেননে এই কথা উল্লেখ কৰিছে। অৱশ্যে নিৰ্বাচনৰ বাবে এতিয়াও বহু দূৰ বাকী। তদুপৰি ট্ৰাম্পৰ বক্তব্য সকলোৰে পৰিচিত।