পুটিনে মোক নিৰাশ কৰিছে…ভাৰত-চীন-ৰাছিয়াৰ বন্ধুত্বক লৈ সংকিত নেকি ট্ৰাম্প?
মঙলবাৰে (২ ছেপ্টেম্বৰ) স্কট জেনিংছ ৰেডিঅ’ শ্ব’ত দিয়া এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইউক্ৰেইনৰ যুদ্ধক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত তেওঁ অতি নিৰাশ হৈছে। আলাস্কাত অনুষ্ঠিত বৈঠকৰ পিছতো ইউক্ৰেইনৰ ওপৰত শান্তি চুক্তিত উপনীত হ’ব নোৱাৰাৰ বাবে পুটিনৰ ওপৰত তেওঁ অতি নিৰাশ বুলিও কয়।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ অহৰহ চেষ্টা কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই সন্দৰ্ভত তেওঁ কেইবাবাৰো ৰাষ্ট্ৰপতি জেলেনস্কি আৰু পুটিন দুয়োকে সাক্ষাৎ কৰে। ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পে যুদ্ধত মৃত্যু হোৱা লোকক লৈও বহুবাৰ উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে ট্ৰাম্পৰ প্ৰচেষ্টা সত্ত্বেও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক লৈ তেওঁ অতি হতাশ হোৱা বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে।
মঙলবাৰে (২ ছেপ্টেম্বৰ) স্কট জেনিংছ ৰেডিঅ’ শ্ব’ত দিয়া এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইউক্ৰেইনৰ যুদ্ধক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত তেওঁ অতি নিৰাশ হৈছে। আলাস্কাত অনুষ্ঠিত বৈঠকৰ পিছতো ইউক্ৰেইনৰ ওপৰত শান্তি চুক্তিত উপনীত হ’ব নোৱাৰাৰ বাবে পুটিনৰ ওপৰত তেওঁ অতি নিৰাশ বুলিও কয়। তেওঁ কয়, “আমাৰ মাজত বহুত ভাল সম্পৰ্ক আছিল যদিও এতিয়া মই নিৰাশ হৈছো, মই এই কথা ক’ব পাৰো।”
‘আমি মানুহৰ জীৱন ৰক্ষাৰ বাবে কিবা এটা কৰিবলৈ ওলাইছো’
ইয়াৰ লগে লগে তেওঁ ইংগিত দিয়ে যে ৱাশ্বিংটনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয়, “আমি মানুহৰ জীৱন ৰক্ষাৰ বাবে কিবা এটা কৰিবলৈ ওলাইছো। তেওঁ আৰু কোনো তথ্য নিদিলে।”
‘ৰাছিয়া আৰু চীনৰ মাজত ক্ৰমবৰ্ধমান বন্ধুত্বক লৈ চিন্তিত নহয়’
ইয়াৰ লগতে সাক্ষাৎকাৰটোত তেওঁ এইটোও কয় যে ৰাছিয়া আৰু চীনৰ মাজত বৃদ্ধি পোৱা বন্ধুত্বক লৈ তেওঁ একেবাৰেই চিন্তিত নহয়। ট্ৰাম্পে কয় যে মস্কো আৰু বেইজিঙৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কক লৈ তেওঁ চিন্তিত নহয়। তেওঁ কয় যে আজিলৈকে বিশ্বৰ ভিতৰতে আমেৰিকাৰ আটাইতকৈ শক্তিশালী সেনাবাহিনী আছে আৰু চীন আৰু ৰাছিয়াই কেতিয়াও আমেৰিকাৰ বিৰুদ্ধে নিজৰ সেনা ব্যৱহাৰ কৰিব নোৱাৰে।
জিনপিঙে আতিথ্য প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনক
শেহতীয়াকৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ কেইদিনমান পিছতে ট্ৰাম্পৰ এই বক্তব্য প্ৰকাশ পাইছে, য’ত ৰাষ্ট্ৰপতি ছি জিনপিঙে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে আন আন লোকসকলক আতিথ্য প্ৰদান কৰিছিল। বৈঠকৰ সময়ত জিনপিঙে পুটিনক তেওঁৰ পুৰণি বন্ধু বুলি অভিহিত কৰে। ইয়াৰ সমান্তৰালকৈ জিনপিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও কথা পাতিছিল, যাৰ ৰাছিয়াৰ সৈতে থকা সম্পৰ্কক লৈ ট্ৰাম্পে সমালোচনা কৰিছে। বৰ্তমান চীন ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। তাত তেওঁ সামৰিক পেৰেড অনুষ্ঠানৰ অংশ হ’ব।
আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ বৈঠক
আগষ্টৰ মাজভাগত আলাস্কাত পুটিনক লগ পাইছিল ট্ৰাম্পে আৰু পিছত ৱাশ্বিংটনত ইউৰোপীয় আৰু নাটোৰ নেতাৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক আতিথ্য প্ৰদান কৰিছিল। ট্ৰাম্পে কয় যে জেলেনস্কি আৰু পুটিনে অংশগ্ৰহণ কৰিবলগীয়া যিকোনো ত্ৰিপাক্ষিক আলোচনাৰ পূৰ্বে পোনপটীয়াকৈ বৈঠকত মিলিত হ’ব বুলি আশা কৰিছে।
জেলেনস্কিয়ে মস্কোক এনে আলোচনাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে ৰাছিয়াই কয় যে এজেণ্ডা এতিয়াও সাজু হোৱা নাই। ট্ৰাম্পে জেলেনস্কিক কয় যে আমেৰিকাই যিকোনো চুক্তিত ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰাত সহায় কৰিব আৰু পুনৰ কয় যে যদিহে শান্তিৰ দিশত কোনো অগ্ৰগতি নহয় তেন্তে ৰাছিয়াৰ ওপৰত অধিক নিষেধাজ্ঞা আৰোপ কৰিব পৰা যাব।