শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইলনক বাই বাই! ট্ৰাম্পৰ কাষত জুকাৰবাৰ্গ, শীঘ্ৰেই আমেৰিকাৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মেটাৰ CEO গৰাকীয়ে…

ইলন মাস্কৰ পাছতেই এইবাৰ আমেৰিকাৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মেটাৰ চিইঅ' মাৰ্ক জুকাৰবাৰ্গে। শেহতীয়াকৈ ট্ৰাম্পৰ সৈতে নৈশ ভোজনত উপস্থিত থাকে ব্যৱসায়ীগৰাকী।

ইলনক বাই বাই! ট্ৰাম্পৰ কাষত জুকাৰবাৰ্গ, শীঘ্ৰেই আমেৰিকাৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মেটাৰ CEO গৰাকীয়ে…
ট্ৰাম্প-জুকাৰবাৰ্গImage Credit source: X white house
barasha-sarma
Barasha Sarma | Published: 05 Sep 2025 11:19 AM

ইলন মাস্কৰ সৈতে ট্ৰাম্পৰ হোৱা মনোমালিন্যৰ পাছতে এতিয়া আমেৰিকাৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে। শুকুৰবাৰে হোৱাইট হাউচৰ ডিনাৰ পাৰ্টি এটাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে জুকাৰবাৰ্গক দেখাৰ পাছতে এই কথা বহুতে দাবী কৰিছে। এই বৈঠকৰ সময়তে এজন সাংবাদিকে জুকাৰবাৰ্গক ব্ৰিটেইনৰ মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত মন্তব্য প্ৰদান কৰিবলৈ কয়। তেতিয়া জুকাৰবাৰ্গে অস্বস্তি অনুভৱ কৰে যদিও ট্ৰাম্পে কয় যে- এয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি।

ট্ৰাম্প আৰু জুকাৰবাৰ্গৰ এই বিশেষ সময়খিনি এতিয়া বিশ্ব ৰাজনীতিৰ চৰ্চাত আছে। দৰাচলতে মাৰ্কে সাংবাদিকৰ কথাৰ উত্তৰ দিব পৰা নাছিল। কিন্তু তেতিয়া লগে লগে ট্ৰাম্পে কৈছিল যে, “এয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি। লাহে লাহে আপুনি কথা কোৱাত নিপুন হৈ পৰিব”। এক্সিয়াছৰ মতে, বৈঠকৰ পাছতে মাৰ্কে কয় যে, মই ভবা নাছিলো এনেকুৱা প্ৰশ্নৰ সন্মুখীন হ’ম বুলি।

ইয়াৰ পূৰ্বে প্ৰযুক্তি জগতৰ কোন কোন আহিছিল ৰাজনীতিলৈ

আমেৰিকাৰ ৰাজনীতিত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰযুক্তি জগতৰ বিখ্যাত কিছুমান লোকে ৰাজনীতিত ভৰি দিছিল। ২০২৪ চনত ৰিপাব্লিকান পাৰ্টিৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল বায়’টেক ফাৰ্ম ৰয়ভাণ্ট চাইন্সেছৰ চিইঅ’ বিবেক ৰামাস্বামীয়ে। তেওঁ অহাইঅ’ৰ গৱৰ্ণৰ পদৰ দৌৰতো আছিল।

ইয়াৰোপৰি  ডিজিটেল ফিটনেছ এপ এপটিভৰ ইথান আগৰৱাল, ভেঞ্চাৰ কেপিটেল Andreessen Horowitz ৰ স্কট কুপৰৰ দৰে বহুতে আমেৰিকাৰ ৰাজনীতিত প্ৰৱেশ কৰিছে। আনকি ট্ৰাম্পৰ শাসনৰ সময়ত টেছলাৰ চিইঅ ইলন মাস্কেও ৰাজনীতিত ভৰি দিছিল। তেওঁৰ বাবেই ট্ৰাম্পে আৰম্ভ কৰিছিল এটা নতুন বিভাগ। কিন্তু বেছিদিন নিটিকিল তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক।

মেটাৰ ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ

নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পৰ কাষত বহি আছিল মাৰ্ক জুকাৰবাৰ্গ। এই সময়চোৱাত আহাৰৰ বাবে নিমন্ত্ৰণ জনোৱা বাবে ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। লগতে কয় যে, ২০২৮ চনৰ ভিতৰত আমি আমেৰিকাত ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিম। ইফালে এই বৈঠকক সফল বুলি অভিহিত কৰে ট্ৰাম্পে।

জানিব পৰা মতে, এই বৈঠকত উপস্থিত নাছিল ট্ৰাম্পৰ প্ৰাক্তন সহযোগী ইলন মাস্ক। বিজনেছ ইনচাইডাৰৰ তথ্য অনুসৰি ট্ৰাম্পে মাস্কক নিমন্ত্ৰণ কৰিছিল যদিও মাস্কে নিজৰ প্ৰতিনিধিক বৈঠকলৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, আমেৰিকাত দ্বিতীয়বাৰৰ বাবে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্প আৰু মাস্কৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্কে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ট্ৰাম্পে এটা নতুন বিভাগ মুকলি কৰি মাস্কৰ হাতত দায়িত্ব অৰ্পন কৰিছিল। কিন্তু বেছিদিনলৈ নাথাকিল এই সম্পৰ্ক। বিগত সময়চোৱাত মাস্কে মুকলিকৈ ট্ৰাম্পৰ বিৰোধিতা কৰাৰ লগতে ট্ৰাম্পেও মাস্কৰ বিৰুদ্ধে বিভিন্ন কথা কৈ আহিছে। গতিকে এতিয়া মাৰ্ক জুকাৰবাৰ্গে সংগ দিছে ট্ৰাম্পৰ। গতিকে দুয়োৰে এই ৰাজনৈতিক সম্পৰ্ক কিমান দিনলৈ থাকে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ চীনৰ ওপৰত দৰদ! ফেচবুক, ইনষ্টা, হোৱাটছএপকে ধৰি ২৬ টা এপ নিষিদ্ধ, উপলব্ধ থাকিব টিকটক…