শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৩১৫ কোটি টকাৰ উৎকোচ! প্ৰাক্তন মন্ত্ৰীক শাস্তি বিহিলে আদালতে, হাতত আছে মাত্ৰ ২বছৰ…

ৰাজনীতিৰ সৈতে জড়িত প্ৰায়সংখ্যক লোকেই দুৰ্নীতি পৰায়ন হোৱা দেখা যায়। কিন্তু শেহতীয়াকৈ এজন প্ৰাক্তন মন্ত্ৰীক দুৰ্নীতিৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰিছে আদালতে। জানিব পৰা মতে, এই প্ৰাক্তন মন্ত্ৰীজনে ৩০০ কোটিৰো অধিক টকা অসৎ উপায়ে অৰ্জন কৰিছিল।

৩১৫ কোটি টকাৰ উৎকোচ! প্ৰাক্তন মন্ত্ৰীক শাস্তি বিহিলে আদালতে, হাতত আছে মাত্ৰ ২বছৰ…
মন্ত্ৰীগৰাকীImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 28 Sep 2025 21:21 PM

ৰাজনীতিৰ লগত জড়িত প্ৰায়ভাগ লোকে দুৰ্নীতিত লিপ্ত থকা দেখা যায়। শেহতীয়াকৈ এনে এজন ব্যক্তিক দুৰ্নীতিৰ বাবে এখন আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছে। জানিব পৰা মতে, চীনৰ প্ৰাক্তন কৃষি মন্ত্ৰী টাং ৰেঞ্জিয়ানক উৎকোচৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ২০০৭ চনৰ পৰা ২০২৪ চনলৈ কৃষিমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ নিজৰ পদৰ অপ-ব্যৱহাৰ কৰি কোটি কোটি অসৎ উপায়ে উপাৰ্জন কৰিছিল। প্ৰকল্প, ব্যৱসায়িক সমৰ্থন, চাকৰি আদি বিভিন্ন দিশত তেওঁ প্ৰায় , ২৬৮ মিলিয়ন ইউয়ান (প্ৰায় ৩১৫ কোটি টকা) উৎকোচ লাভ কৰিছিল।

চীনৰ চাংচুনৰ আদালতে টাঙক এতিয়া মৃত্যুদণ্ড প্ৰদান কৰিছে। আদালতে কৈছে যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই কাণ্ড জনতাৰ বাবে ক্ষতিকাৰক। যাৰ বাবে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে। অৱশ্যে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ লগতে টকা ঘূৰাই দিয়ে। যাৰ বাবে শাস্তিৰ ক্ষেত্ৰত তেওঁক কিছু ৰেহাই দিয়া হয়।

আদালতে টাঙক ২ বছৰৰ ৰেহাই দিছে। অৰ্থাৎ যদি তেওঁ দুবছৰ ভাল আচৰণ কৰে তেন্তে তেওঁৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰিব পৰা যাব। আদালতে তেওঁৰ সকলো ব্যক্তিগত সামগ্ৰী জব্দ কৰিছে আৰু সেইবোৰ চৰকাৰী কোষাগাৰত জমা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইমানেই নহয়, তেওঁ আজীৱন ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব।

এতিয়ালৈকে ১০ লাখ জালত

উল্লেখ্য যে, ২০১২ চনত ছি জিনপিং ক্ষমতালৈ অহাৰ পাছত দেশখনত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ নাম দিছিল ‘পৰুৱাৰ পৰা বাঘলৈ’। অৰ্থাৎ ক্ষুদ্ৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি উচ্চ পদস্থ ৰাজনীতিবিদ আৰু বিষয়ালৈ কাকো ৰেহাই দিয়া নাই তেওঁ। এই পৰ্যন্ত ১০ লাখৰো অধিক চৰকাৰী বিষয়া ইয়াৰ অধীনত ধৰা পৰিছে।

এইসকলৰ ভিতৰত আছে গাঁৱৰ সাধাৰণ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ মন্ত্ৰী, উচ্চ পদস্থ সামৰিক বিষয়া আদি। ইয়াৰোপৰি ১০০ৰো অধিক জ্যেষ্ঠ সেনা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে কৈছে যে, ইযাৰ দ্বাৰা দেশখন দুৰ্নীতি মুক্ত কৰাৰ চেষ্টা কৰা হৈছে। ইয়াৰ বিপৰীতে একাংশই কয় যে বিৰোধিক দুৰ্বল কৰিবলৈ এনে কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাক দেশ বিক্ৰী কৰিবলৈ সাজু পাকিস্তান! হোৱাইট হাউচত শ্বেহবাজ-মুনিৰ…