শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Xi Jinping: ব্ৰিকছত দেখা নগ’ল চীনৰ ৰাষ্ট্ৰপতিক ! শাসন ভাৰ এৰিব নেকি ছি জিনপিঙে?

ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছৰ সন্মিলনত দেখা পোৱা নগ’ল চীনৰ ৰাষ্ট্ৰপতিগৰাকীক। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল । ছি জিনপিঙে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ব্ৰিকছৰ এখনো শীৰ্ষ সন্মিলন বাদ পৰা নাই।

Xi Jinping: ব্ৰিকছত দেখা নগ’ল চীনৰ ৰাষ্ট্ৰপতিক ! শাসন ভাৰ এৰিব নেকি ছি জিনপিঙে?
ছি জিনপিং
manas-borah
Manas Borah | Updated On: 08 Jul 2025 13:50 PM

চীনৰ শাসন ভাৰ এৰিব ছি জিনপিঙে ! এই কথা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। প্ৰশ্ন হৈছে, ১৩ বছৰ ক্ষমতাত থকাৰ পিছত সঁচাই ছি জিনপিঙে চীনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব এৰিব নেকি? চীনৰ সংবাদ সংস্থাসমূহে দাবী কৰিছে যে, চীনৰ ৰাষ্ট্ৰপতিয়ে ৩০ জুনত চীনৰ কমিউনিষ্ট পাৰ্টিৰ ২৪ জনীয়া পলিটব্যুৰোৰ সৈতে সাক্ষাৎ কৰিছিল। সেই বৈঠকৰ পিছৰে পৰা সমগ্ৰ দেশতে এই বিষয়ত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। কিন্তু জিনপিঙে দেশৰ বাঘজৰী পৰৱৰ্তী প্ৰজন্মক অৰ্পণ কৰিবনে?

সূত্ৰ অনুসৰি, ক্ষমতা হস্তান্তৰৰ বিষয়ে এনে উচ্চ পৰ্যায়ৰ বৈঠকত আলোচনা হোৱা সম্ভাৱনা আছে। বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি বিশ্লেষকে দাবী কৰিছে যে, মাওৰ পিছত চীনৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী নেতা হৈছে জিনপিং।

বিশেষকৈ আমেৰিকাৰ সৈতে বেইজিঙৰ বাণিজ্যিক চুক্তিৰ চূড়ান্ত আলোচনা চলি আছে। ইয়াৰ সমান্তৰাভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বেইজিঙৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ মৌখিক ভাবুকি দিছে। বেইজিঙে প্ৰতি বছৰে কমেও ৪৪০ বিলিয়ন ডলাৰৰ সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰে। সেই অনুসৰি, ট্ৰাম্পৰ এই সিদ্ধান্তই চীনৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। বিশেষকৈ চীনৰ তথ্য প্ৰযুক্তি আৰু নিৰ্মাণ প্ৰকল্পত বিনিয়োগকাৰীৰ এক বৃহৎ অংশ আৰ্থিকভাৱে প্ৰভাৱিত হৈছে।

একে সময়ত ৰেড পাৰ্টিৰ ভিতৰতো জিনপিঙৰ বিৰুদ্ধে ক্ষোভ সৃষ্টি হৈছে বুলি চৰ্চা আৰম্ভ হৈছে। ইয়াৰ কাৰণ তেওঁ ট্ৰাম্পক নিজৰ হাতত ৰাখিব পৰা নাই। যাৰ পৰিপেক্ষিত ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকি সন্মুখীন হৈছে চীন।

লগতে পঢ়ক : Chapar Eviction Drive: চাপৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি, অখিল গগৈক আটক…

ইফালে চৰ্চা হৈছে, মে’ মাহৰ পৰা ৰাজহুৱা অনুষ্ঠানত কোনেও দেখা নাই জিনপিঙক। আনকি দেওবাৰৰ পৰা আৰম্ভ হোৱা ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছৰ সন্মিলনত দেখা পোৱা নগ’ল চীনৰ ৰাষ্ট্ৰপতিগৰাকীক। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল । ছি জিনপিঙে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ব্ৰিকছৰ এখনো শীৰ্ষ সন্মিলন বাদ পৰা নাই। এই শীৰ্ষ সন্মিলনত জিনপিঙৰ সলনি চীনৰ প্ৰতিনিধি লি কিয়াঙে চীনক প্ৰতিনিধিত্ব কৰিছে।

ছি জিনপিঙে ২০১২ চনৰ পৰা চীনৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আৰু এইদৰে চীনৰ সৰ্বোচ্চ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৩ চনৰ পৰা ছিয়ে চীনৰ সপ্তম ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।। তেওঁৰ কাৰ্যকালতে চীনৰ আটাইতকৈ ডাঙৰ দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ হৈছিল। চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লাখ লাখ চৰকাৰী বিষয়া, সামৰিক বিষয়া, আমোলা, আনকি দলৰ নেতাকো কাৰাগাৰত ভৰাই থৈছে। ২০২২ চনত তৃতীয়বাৰৰ বাবে আনুষ্ঠানিকভাৱে চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল জিনপিং । যদি সকলো ঠিকে থাকে তেন্তে ২০২৭ চনত তেওঁৰ বৰ্তমানৰ কাৰ্যকাল শেষ হ’ব।

লগতে পঢ়ক : ১৭ বছৰৰ পাছত তুলসীৰ ৰূপত পুনৰ টিভি জগতলৈ স্মৃতি ইৰাণী, ফাৰ্ষ্ট লুক ভাইৰেল…