শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Viral: ভাৰতনাট্যমেৰে হৃদয় জিনিলে চীনৰ এইগৰাকী যুৱতীয়ে, ভিডিঅ’টো চাইছেনে?

Chinese Girl Doing Bharatnatyam: ১৭ বছৰীয়া ঝাং জিয়ায়ুয়ানে মাত্ৰ পাঁচ বছৰ বয়সতে ভাৰতনট্যম নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। ১২ বছৰ বয়সতে চীনৰ এজন বিখ্যাত ভাৰতনাট্যম নৃত্যশিল্পী জিন শ্বান শ্বানৰ পৰা প্ৰশিক্ষণ লৈছিল।

Viral: ভাৰতনাট্যমেৰে হৃদয় জিনিলে চীনৰ এইগৰাকী যুৱতীয়ে, ভিডিঅ’টো চাইছেনে?
ভাৰতনাট্যমেৰে হৃদয় জিনিলে চীনৰ এইগৰাকী যুৱতীয়ে!
barasha-misra
Barasha Misra | Published: 28 Aug 2025 19:08 PM

ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষণ প্ৰায়ে বিদেশতো দেখা যায়। শেহতীয়াকৈ চীনৰ এগৰাকী ১৭ বছৰীয়া যুৱতীয়ে ভাৰতনাট্যম ( Chinese Girl Doing Bharatnatyam ) কৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ভাইৰেল ভিডিঅ’টোত দেখা পোৱা চীনা যুৱতীগৰাকীৰ নাম হৈছে ঝাং জিয়ায়ুয়ান (Zhang Jiayuan), যাক মৰমেৰে ৰিয়া বুলিও কোৱা হয় ৷ শেহতীয়াকৈ বেইজিঙৰ এটা হলত ঝাঙে প্ৰথমটো ডাঙৰ অনুষ্ঠান ‘Arangetram’ প্ৰদৰ্শন কৰে । ঝাঙৰ গতিবিধি, অভিব্যক্তি আৰু তেওঁৰ শৈলী দেখি ভাৰতীয়সকলো স্তম্ভিত হৈ পৰিছিল।

ঝাঙে মাত্ৰ পাঁচ বছৰ বয়সতে ভৰতনাট্যম নৃত্য আৰম্ভ কৰিছিল। ১২ বছৰ বয়সত চীনৰ এজন বিখ্যাত ভাৰতনাট্যম নৃত্যশিল্পী জিন শ্বান শ্বানৰ পৰা প্ৰশিক্ষণ লৈছিল ।

চীনত ভাৰতনাট্যমৰ উন্মাদনা

ঝাঙৰ প্ৰদৰ্শনে দেখুৱাইছে যে ভাৰতনাট্যম কেৱল ভাৰততে সীমাবদ্ধ নহয়, চুবুৰীয়া দেশ চীনতো ইয়াৰ উন্মাদনা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা বছৰ লেই মুজী নামৰ আন এগৰাকী ১৩ বছৰীয়া কন্যাই ভাৰতনট্যম শিকি অহা চীনৰ প্ৰথমগৰাকী নৃত্যশিল্পী হিচাপে পৰিগণিত হৈছিল।

এই ধাৰাটোৰ আঁৰত কোন?

এই ধাৰা চীনত আৰম্ভ কৰিছিল বিখ্যাত নৃত্যশিল্পী জাং জুন ৷ ভৰতনাট্যম , কঠাক আৰু ওডিছি আদি নৃত্য শিকি চীনত জনপ্ৰিয় কৰি তুলিছিল । তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু আজিৰ নৃত্যশিল্পীসকলৰ আবেগে চীনতো ভাৰতীয় সংস্কৃতিৰ প্ৰতি সন্মান কঢ়িয়াই আনিছে।