শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ এখন দেশত অভ্যুত্থান! সেনাই কৰিলে ডাঙৰ ঘোষণা…

বিশ্বৰ বিভিন্ন দেশৰ পৰিস্থিতি এতিয়া অস্থিৰ। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খৰব। এখন আফ্ৰিকান দেশত চলে অভ্যুত্থান। জানিব পৰা মতে, সেনাই ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ দাবী কৰে।

পুনৰ এখন দেশত অভ্যুত্থান! সেনাই কৰিলে ডাঙৰ ঘোষণা…
ৰাষ্ট্ৰপতিক অপসাৰণৰ দাবী
barasha-sarma
Barasha Sarma | Published: 07 Dec 2025 18:57 PM

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত এতিয়া অৰাজকতা। ইয়াৰ মাজতে পুনৰ ভংগ এখন চৰকাৰ!পশ্চিম আফ্ৰিকাৰ দেশ বেনিনত দেওবাৰে ৰাজ্যিক টিভিত উপস্থিত হৈ সেনাই ৰাষ্ট্ৰপতি পেট্ৰিছ টেলনক পদৰ পৰা অপসাৰণ কৰা বুলি ঘোষণা কৰে। মিলিটাৰী কমিটি ফৰ ৰিফাউণ্ডেচন (CMR) ৰ সদস্য বুলি চিনাকী দিয়া জোৱানসকলে কয় যে, তেওঁলোকৰ কমিটীয়ে সিদ্ধান্ত লৈছে যে টেলন আৰু ৰাষ্ট্ৰপতি নহয়।অভ্যুত্থান ঘোষনা হোৱাৰ লগে লগে টিভি আৰু ৰেডিঅ’ সম্প্ৰচাৰ বন্ধ হৈ পৰে।

ফ্ৰান্সৰ দূতাবাসে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশখনৰ ৰাজধানী কটনৌৰ ৰাষ্ট্ৰপতিৰ বাসগৃহৰ সমীগত গুলীৰ শব্দ শুনা গৈছিল।  এনে অৱস্থাত দেশখনৰ বাস কৰা ফ্ৰান্সৰ নাগৰিকসকলক ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছে। ইফালে দেশখনৰ ৰাষ্ট্ৰপতি কাৰ্যলয়ে জনোৱা মতে, টেলন বৰ্তমান সুৰক্ষিত।  আৰু কয়, জোৱানৰ এটা সৰু দলে কেৱল মাত্ৰ এটা টেলিভিশ্যন চেনেলহে দখল কৰিছিল, ইয়াৰ পাছতে বাকী সেনাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বেনিনৰ স্বৰাজ আৰু জননিৰাপত্তা মন্ত্ৰী লাছানে চেইডোৱে এই অভ্যুত্থান বিফল হোৱা বুলি দাবী কৰে।

ইফালে সেনাই ঘোষণা কৰে যে,ৰাষ্ট্ৰপতি আৰু সকলো চৰকাৰী প্ৰতিষ্ঠান আঁতৰাই পেলোৱা হৈছে। উল্লেখ্য যে, ১৯৬০ চনত ফ্ৰান্সৰ পৰা স্বাধীনতাৰ পিছত বেনিনত কেইবাবাৰো অভ্যুত্থান হৈছে। তাৰ মাজতে আজি আৰু এই খবৰ পোহৰলৈ আহে।

১০ বছৰ ধৰি ক্ষমতাত

২০১৬ চনত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা টেলন  পূৰ্বে এজন ব্যৱসায়ী আছিল। বেনিনত তেওঁৰ বাবে বহু উন্নয়নমূলক কাম হোৱা বুলি একাংশই দাবী কৰে যদিও বিৰোধিয়ে তেওঁক স্বৈৰাচাৰী বুলি কয়। ১০ বছৰ ধৰি তেওঁ ক্ষমতাত আছে।  সংবিধান অনুসৰি ২০২৬ চনত তেওঁৰ দ্বিতীয় আৰু অন্তিম কাৰ্যকাল শেষ হ’ব।

টেলন অহা বছৰৰ এপ্ৰিলৰ ভিতৰত পদত্যাগ কৰিবলগীয়া আছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত ২০২৪ চনত অভ্যুত্থানৰ পৰিকল্পনা কৰাৰ অপৰাধত টেলনৰ দুজন ঘনিষ্ঠ সহযোগীক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।যোৱা মাহত সংসদে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰৰ পৰা সাত বছৰলৈ বৃদ্ধি কৰিছিল। ইয়াৰ মাজতে আজি তেওঁক অপসাৰণ কৰাৰ কথা পোহৰলৈ আহিছে। অৱশ্যে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ কি হ’ব ইমৰান খানৰ? ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা পাকিস্তানী সেনাৰ…