শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

BBC এ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওচৰত বিচাৰিলে ক্ষমা, মানহানিৰ দাবী ভিত্তিহীন বুলি আখ্যা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে BBC ৰ ওপৰত পুৰণি ভাষণক বিকৃত কৰা সম্পাদিত কৰা অভিযোগত ১ বিলিয়ন ডলাৰৰ বিচাৰ দিয়াৰ হুংকাৰ দিছে। বিবিচিয়ে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিছে যদিও মানহানিৰ দাবীক ভিত্তিহীন বুলি অভিহিত কৰিছে।

BBC এ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওচৰত বিচাৰিলে ক্ষমা, মানহানিৰ দাবী ভিত্তিহীন বুলি আখ্যা
barasha-misra
Barasha Misra | Published: 14 Nov 2025 12:23 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিবিচিৰ বিৰুদ্ধে ১ বিলিয়ন ডলাৰ (প্ৰায় ৮,৪০০ কোটি টকা)ৰ গোচৰ দিয়াৰ ভাবুকি দিছিল। ট্ৰাম্পৰ অধিবক্তাইও প্ৰেৰণ কৰিছে আইনী জাননী। সমগ্ৰ বিষয়টো এটা ভিডিঅ’ৰ সৈতে জড়িত, যাৰ ওপৰত ট্ৰাম্পে নিজেই আপত্তি কৰিছিল। অৱশ্যে এই ভিডিঅ’টোৰ বাবে এতিয়া বিবিচিয়ে ট্ৰাম্পৰ ওচৰত ক্ষমা বিচাৰিছে। অৱশ্যে বিবিচিয়েও উল্লেখ কৰিছে যে এই মানহানিৰ দাবীৰ কোনো ভিত্তি নাই।

বিবিচিৰ হৈ অধ্যক্ষ সমীৰ শ্বাহে ট্ৰাম্পৰ ভাষণ সম্পাদনাত হোৱা ভুলৰ বাবে দুখ প্ৰকাশ কৰি হোৱাইট হাউছলৈ এখন পত্ৰ প্ৰেৰণ কৰে। বিবিচিয়ে উত্তৰ দি কয় যে, “আমি ক্ষমা বিচাৰিছো যে এই সম্পাদনা বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হ’ল, কিন্তু ই ইচ্ছাকৃত কাম নাছিল। তদুপৰি মানহানিৰ দাবীৰ কোনো আইনী ভিত্তি নাই।”

কোনটো বক্তব্যই হুলস্থুলৰ সৃষ্টি কৰিলে?

ট্ৰাম্প আৰু বিবিচিৰ মাজত এই বিবাদ প্ৰায় চাৰি বছৰ আগৰ এটা ভিডিঅ’ সম্পাদনাৰ সৈতে জড়িত। সেই সময়ত আমেৰিকাৰ কংগ্ৰেছে বাইডেনৰ জয় নিশ্চিত কৰিবলৈ ওলাইছিল। অৱশ্যে ইয়াৰ পূৰ্বে ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক শান্তিপূৰ্ণ আৰু দেশপ্ৰেমমূলকভাৱে মাত মাতিবলৈ আহ্বান জনাইছিল। ইয়াৰ পাছতে তেওঁ এক বিবৃতিত আৰু কয় যে যদি তেওঁলোকে কঠোৰ যুঁজ নিদিয়ে তেন্তে তেওঁলোকৰ দেশ বাচি নাথাকিব।

বিবিচিয়ে ট্ৰাম্পৰ বক্তব্যক কিছু অংশত সম্পাদিত কৰি নিজৰ ভিডিঅ’ত সংযোজন কৰিছিল, আনকি বেলেগ প্ৰেক্ষাপটত উপস্থাপন কৰাৰ চেষ্টাও কৰিছিল। এই কাৰণেই ট্ৰাম্পে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে সম্পাদনাসমূহে ট্ৰাম্পৰ ভাবমূৰ্তি বেয়া কৰাৰ লগতে ৰাজনৈতিক পক্ষপাতিত্বৰ উদাহৰণ। ট্ৰাম্পৰ অসন্তুষ্টিৰ বাবেই বিবিচিৰ কেইবাজনো কৰ্মচাৰীয়ে পদত্যাগ কৰে।