ডাঙৰ ষড়যন্ত্ৰ! ২২ জন সাংসদৰ সমৰ্থন লৈ কোন আহিল উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলৈ…
উপ-ৰাষ্ট্ৰপত নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। এজন লোকে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ভুৱা তথ্য দাখিল কৰে। তেওঁ দাবী কৰে যে তেওঁৰ হাতত ২২ জন সাংসদৰ সমৰ্থন আছে।

কোন হ’ব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি? ইতিমধ্যে এন ডি এ আৰু বিৰোধী দলে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। এজন লোকে ভুৱা তথ্য দাখিল কৰি নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ চেষ্টা কৰিছিল। লোকজনে দাবী কৰিছিল যে তেওঁৰ বহু সাংসদৰ সমৰ্থন আছে। কিন্তু যেতিয়া এই সন্দৰ্ভত পৰীক্ষা কৰা হয় তেতিয়া পোহৰলৈ আহে যে লোকজনে ভুৱা তথ্য দাখিল কৰিছিল। কোনো সাংসদৰ সমৰ্থন তেওঁৰ ওচৰত নাছিল।
এই লোকজন কেৰালাৰ বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ এজন বাসিন্দাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলৈ মনোনয়ন দাখিল কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ ওচৰত ২২ জন সাংসদৰ সমৰ্থন আছে। কিন্তু মনোনয়ন স্ক্ৰীনিং পৰ্যায়ত পোহৰলৈ আহে এক ডাঙৰ প্ৰৱঞ্চনা। অভিযোগ অনুসৰি এই ব্যক্তিজনে নিৰ্বাচনী বিষয়াসকলক ফান্দত পেলাব বিচাৰিছিল। কিন্তু সেয়া নহ’ল।
এই ব্যক্তিগৰাকীৰ নাম জোমন জোচেফ। তেওঁ মনোনয়ন পত্ৰত দাবী কৰে যে তেওঁৰ হাতত মুঠ ২২ জন সাংসদৰ সমৰ্থন আছে। উল্লেখ কৰা প্ৰয়োজন যে, উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিবলৈ এজন প্ৰাৰ্থীয়ে লোকসভাৰ পৰা এজন সাংসদ আৰু ৰাজ্যসভাৰ এজন সাংসদৰ সমৰ্থন লাভ কৰিব লাগিব। তেনে অৱস্থাত তেওঁ ২২ জনৰ সমৰ্থন লাভ কৰা বুলি দাবী কৰিছিল। কিন্তু পাছত পোহৰলৈ আহে যে এই সকলোবোৰ ভুৱা।
এই লোকজনে মনোনয়ন পত্ৰত ২২ জন সাংসদৰ ভুৱা স্বাক্ষৰ দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়াৰ সময়ত এই কথা ধৰা পৰিছিল। মানুহজনৰ তথ্যত চহী কৰা সাংসদসকলক যেতিয়া সোধা-পোছা কৰা হয় তেতিয়া সমগ্ৰ কাণ্ড পোহৰলৈ আহে। ইয়াৰ পিছত জোচেফৰ মনোনয়ন নাকচ কৰা হয়।
মন কৰিবলগীয়া যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৬ গৰাকী প্ৰাৰ্থীয়ে মুঠ ৬৮ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰে ১৯ জন প্ৰাৰ্থীৰ ২৮ খন মনোনয়ন পত্ৰ বাচনি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত নাকচ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত বাকী ২৭ গৰাকী প্ৰাৰ্থীৰ ৪০ খন মনোনয়ন পত্ৰ নাকচ কৰা হয়। শেষত মাত্ৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰা হয়। ইয়াৰে এগৰাকী ইণ্ডিয়া মিত্ৰজোঁটৰ বি সুদৰ্শন ৰেড্ডী, আৰু আনগৰাকী এন ডি এৰ চি পি ৰাধাকৃষ্ণন। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।
অন্য খবৰ পঢ়কঃ গাৰ নোম শিয়ৰি উঠিব আপোনাৰ! প্ৰেমিকাৰ মুখত ভৰাই দিলে বিস্ফোৰক সামগ্ৰী আৰু পাছত…