শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হাঠতে ডাঙৰ পৰিৱৰ্তন, AI যুদ্ধৰ নতুন বেছ কেম্পলৈ পৰিণত ভাৰত !

ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰকাৰী সংখ্যাই গঢ়িছে অভিলেখ। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ সংখ্যাৰ ক্ষেত্ৰত ২য় স্থানত আছে ভাৰত। ক’ব পাৰি যে, কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰৰ ক্ষেত্ৰত আমেৰিকাৰ পিছতে আছে ভাৰত।

হাঠতে ডাঙৰ পৰিৱৰ্তন, AI যুদ্ধৰ নতুন বেছ কেম্পলৈ পৰিণত ভাৰত !
ChatgptImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 26 Aug 2025 13:42 PM

কৃত্ৰিম বুদ্ধিমত্তা এতিয়া বাস্তৱ। এই ভিত্তিতে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি আস্থা বাঢ়িছে ব্যৱহাকাৰীৰ। বিশেষকৈ ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰকাৰী সংখ্যাই গঢ়িছে অভিলেখ। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ সংখ্যাৰ ক্ষেত্ৰত ২য় স্থানত আছে ভাৰত। ক’ব পাৰি যে, কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰৰ ক্ষেত্ৰত আমেৰিকাৰ পিছতে আছে ভাৰত।

শেহতীয়াকৈ চাট-জিপিটিৰ মূল কোম্পানী অ’পেন এআইয়ে ভাৰতত নতুন কাৰ্যালয় মুকলি কৰাৰ পৰিকল্পনা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। Open AI ৰ বাবে এই পদক্ষেপটো একেবাৰেই প্ৰতীকী নহয়। কাৰণ, ইতিমধ্যে ভাৰত চাট-জিপিটিৰ দ্বিতীয় বৃহত্তম বজাৰ। আৰু আন দেশৰ তুলনাত ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ গ্ৰহণযোগ্যতা অতি দ্ৰুতগতিত বাঢ়িছে। এবছৰত সাপ্তাহিক ব্যৱহাৰকাৰীৰ গড় সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে ভাৰতত।

বিশেষ কথাটো হ’ল ভাৰতীয় ব্যৱহাৰকাৰীৰ ভিতৰত অধিকাংশই ছাত্ৰ-ছাত্ৰী। ইয়াৰ বাহিৰেও যদি আপুনি Open AI ডেভেলপাৰৰ বজাৰখন চায় তেন্তে ভাৰত পঞ্চম স্থানত আছে। চাট-জিপিটিয়ে ইতিমধ্যে ভাৰতৰ বাবে ইউপিআই ইণ্টিগ্ৰেটেড কাষ্টমাইজড পেমেণ্ট চিষ্টেম মুকলি কৰিছে। ভাৰতৰ প্ৰাইচ চেনচিটিভ বজাৰখনক লক্ষ্য কৰি তেওঁলোকে মাত্ৰ ৩৯৯ টকাত মুকলি কৰিছে Chat-GPT Go

ইয়াৰ উপৰিও Open AI য়ে ইতিমধ্যে GPT-5 ত ভাৰতীয় ভাষা যোগ কৰাৰ কাম আৰম্ভ কৰিছে। ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত তেওঁলোকে Open AI Academyৰ দৰে উদ্যোগ লৈছে। ইয়াৰ উপৰিও Open AI য়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ‘Study Mode’ আনিবলৈ গৈ আছে।

চলিত মাহৰ শেষৰ ফালে ভাৰতত প্ৰথম শিক্ষা সন্মিলন অনুষ্ঠিত কৰিবলৈ ওলাইছে। তাৰ পিছত এই বছৰৰ শেষৰ ফালে ডেভেলপাৰ ডে’ অনুষ্ঠিত কৰিব। ইতিমধ্যে সকলো কামৰ বাবে অ’পেন এআইয়ে নিযুক্তি আৰম্ভ কৰিছে।