৪৮ ঘন্টাত ৭ বাৰ ফোন কৰি পোৱা নাই সঁহাৰি! বাংলাদেশৰ ৰাজপথত নামি পৰিছে সেনা, অভ্যুত্থানৰ ভয়ত কম্পিত ইউনুছ…
গাদী হেৰুৱাব নেকি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছে? পুনৰ এবাৰ বাংলাদেশৰ ৰাজপথত নামি পৰিছে সেনা। গতিকে প্ৰশ্ন হয়, পুনৰ হ'ব নেকি সেনাৰ অভ্যুত্থান?

বাংলাদেশত পুনৰ সামৰিক অভ্যুত্থান হোৱাৰ ভয়ে খেদি ফুৰিছে নেকি মহম্মদ ইউনুছক? সেনাৰ সৈতে সংঘৰ্ষ কৰি নিজেই সকলো খেলি মেলি কৰিছিল আৰু এতিয়া বিপদৰ কথা উপলব্ধি কৰিছে ইউনুছে। যাৰ বাবে সেনাবাহিনীক বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই চেষ্টা প্ৰতিবাৰেই বিফল হৈছে ইউনুছ কাৰ্যালয়ৰ। বিপদৰ কথা উপলব্ধি কৰিয়েই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছে বাংলাদেশৰ সেনা প্ৰধানৰ সৈতে অহৰহ যোগাযোগ কৰাৰ চেষ্টা কৰিছে। জানিব পৰা মতে যোৱা ৪৮ ঘণ্টাত তেওঁ ৭ বাৰ সেনা প্ৰধানৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি বিফল হৈছে।
ইতিমধ্য়ে বাংলাদেশৰ ৰাজপথত নামি পৰিছে সেনা। ঢাকা আৰু অন্যান্য ঠাইত দেখিবলৈ পোৱা গৈছে সেনাৰ টেংক আৰু সাজসজ্জিত সেনাৰ বাহন। ইয়াৰোপৰি ৰাজপথত টহল দি আছে সেনাই। বাংলাদেশৰ এই পৰিস্থিতিয়ে এতিয়া শংকিত কৰিছে জনসাধাৰণক। হঠাতে কিয় সেনা ৰাজপথত নামি পৰিছে ইয়াৰ কাৰণ অন্তৱৰ্তীকালীন চৰকাৰেও বুজিব পৰা নাই। যাৰ বাবে সেনা বিদ্ৰোহৰ আশংকাত মহম্মদ ইউনুছৰ কাৰ্যালয়ে বাৰে বাৰে সেনাধ্যক্ষৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে। খবৰ অনুসৰি এই চেষ্টা বাৰে বাৰে বিফল হৈছে। যোৱা ৪৮ ঘন্টাত ৭ বাৰ যোগাযোগৰ চেষ্টা কৰাৰ পাছতো আনটো মূৰৰ পৰা লাভ কৰা নাই কোনো সঁহাৰি।
উল্লেখ্য যে, ম্যানমাৰ, পাকিস্তান, বাংলাদেশ – এই দেশসমূহৰ সেনাবাহিনী অতি শক্তিশালী। তেওঁলোকে চৰকাৰৰ কথা ইমান চিন্তা নকৰে। দীৰ্ঘদিন ধৰি বাংলাদেশৰ সেনাৰ মুৰব্বী আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ মাজত সংঘাত অব্যাহত আছে। ইউনুছৰ কৰ্মকাণ্ডৰ প্ৰতি ক্ষোভিত হৈ পৰিছে জনতা।
শেহতীয়াকৈ ইউনুছ চৰকাৰে ম্যানমাৰৰ ৰাখাইন কৰিডৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সৈতে আলোচনা কৰিছিল। সেই সময়তে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে এটা স্পষ্ট বাৰ্তা দিছিল যে কেৱল নিৰ্বাচিত চৰকাৰেহে এনে সিদ্ধান্ত ল’ব পাৰে। এনে কাম অন্তৱৰ্তীকালীন চৰকাৰৰ নহয়। ইয়াৰোপৰি অহা ডিচেম্বৰ মাহৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও বাৰ্তা প্ৰদান কৰিছিল তেওঁ। কিন্তু ২০২৬ চনৰ জুন মাহৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনিচ্ছুক ইউনুছ চৰকাৰে। কিয়নো ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে।
এনে পৰিস্থিতিত মহম্মদ ইউনুছে আশংকা কৰিছে যে যদি পুনৰ বাংলাদেশত সামৰিক অভ্যুত্থান ঘটে তেন্তে তেওঁৰ হাতত দেশৰ পৰা পলায়নৰ বাহিৰে আন উপায় নাথাকিব। গতিকে ইউনুছে সেনা প্ৰধান ৱাকাৰ-উজ-জামানক নিজৰ হাতত ৰাখিব বিচাৰে। যাৰ বাবে তেওঁ পদত্যাগ কৰাৰ কথাও কৈছিল। অৱশ্যে ইউনুছুৰ প্ৰতি কোনো সঁহাৰি প্ৰদান কৰা নাই বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে। যাৰ বাবে হয়তো বাৰে বাৰে যোগাযোগ কৰিব বিচাৰি বিফল হৈছে ইউনুছৰ কাৰ্যালয়। এনেবোৰ পৰিস্থিতিলৈ লক্ষ্য কৰি ক’ব পাৰি যে শীঘ্ৰেই সম্ভৱতঃ পুনৰ এবাৰ বাংলাদেশৰ ৰাজনীতিত কোনো ডাঙৰ পৰিবৰ্তন হ’ব।
অন্য খবৰ পঢ়কঃ বাংলাদেশৰ ৰাজনীতিত পুনৰ অস্থিৰতা! পদত্যাগৰ দিশে মহম্মদ ইউনুছ, এইসকল ঘনিষ্ঠই মাতি আনিছে সৰ্বনাশ…