শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Yunus: কিমান নাৰীৰ সৈতে সম্পৰ্ক আছে ইউনুছৰ? ভাৰতৰ সৈতেও আছে সংযোগ…

বৰ্তমান সময়ত চৰ্চাত থকা এটি নাম মহম্মদ ইউনুছ। এইগৰাকী নোবেল বঁটা বিজয়ী ব্যক্তি বাংলাদেশৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছৰে পৰা ভাৰতৰ সৈতে সম্পৰ্কত অৱনতি ঘটিছে। পিছে প্ৰশ্ন হয়, ব্যক্তিগত জীৱনত ইউনুছ কেনে?

Yunus: কিমান নাৰীৰ সৈতে সম্পৰ্ক আছে ইউনুছৰ? ভাৰতৰ সৈতেও আছে সংযোগ…
ইউনুছ
barasha-sarma
Barasha Sarma | Updated On: 24 Dec 2025 15:50 PM

বিশ্ব ৰাজনীতিত চৰ্চাত থকা এটি নাম মহম্মদ ইউনুছ। কোনোৱে কল্পনা কৰিব পৰা নাছিল যে শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছত নোবেল বঁটা বিজয়ী ইউনুছে বাংলাদেশৰ শাসনভাৰ গ্ৰহণ কৰিব। বিগত ১বছৰতকৈও অধিক সময় ইউনুছে বাংলাদেশৰ মুখ্য় উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। সূত্ৰ অনুসৰি হাছিনাৰ কাৰ্যকালত তেওঁক কৰ্ণাৰ কৰা হৈছিল। সেইবাবে সেই সময়ত তেওঁৰ জনপ্ৰিয়তা বেছি নাছিল। কিন্তু এতিয়া ইউনুছে বেছ চৰ্চা লাভ কৰিছে। সেয়া লাগিলে বাংলাদেশৰ পৰিস্থিতিৰ বাবে হওক বা ভাৰত বিৰোধী মন্তব্যৰ বাবে হওক।

পিছে প্ৰশ্ন হয়, ব্যক্তিগত জীৱনত কেনেকুৱা মহম্মদ ইউনুছ? কোন মহিলাৰ সৈতে আছে ঘনিষ্ঠতা? তথ্য অনুসৰি,  বাংলাদেশৰ মুখ্য উপদেষ্টা হোৱাৰ পাছত নুৰজাহান বেগমক তেওঁ স্বাস্থ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। পিছে কোন এই নুৰজাহান? বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি এইগৰাকী মহিলাৰ ইউনুছৰ সৈতে ‘বিশেষ সম্পৰ্ক’ আছে।  ১৯৭৬ চনত গ্ৰামীণ বেংকত এক গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নুৰজাহান বৰ্তমান ইউনুছৰ পৰামৰ্শদাতা পৰিষদৰ স্বাস্থ্য উপদেষ্টা।

ছায়েদা ৰিজৱানা হাছান

এইগৰাকী মহিলাৰ বিষয়েও বিশেষ চৰ্চা হোৱা দেখা যায়। ছায়েদা ৰিজৱানা হাছান মুখ্য উপদেষ্টা ইউনুছৰ অন্যতম ঘনিষ্ঠ বন্ধু। বৰ্তমান তেওঁ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উপদেষ্টা।

লামিয়া মৰ্শ্বেড

ইউনুছৰ কাৰ্যকালত তেওঁৰ আন এগৰাকী বান্ধৱী লামিয়া মৰ্শ্বেডে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ মুখ্য সমন্বয়কৰ পদ লাভ কৰিছিল। চুক্তিৰ ভিত্তিত তেওঁ নিযুক্তি দিয়া হৈছিল। সেই চুক্তি এতিয়াও চলি আছে।

ইউনুছে বিয়া কৰাইছিল নে?

কোৱা হয়, এই সকলোবোৰ মহিলাৰ সৈতে ইউনুছৰ এক বিশেষ সম্পৰ্ক আছে। পিছে ইউনুছে কেতিয়াও বিয়াত নবহিল নেকি? এই বিষয়টো সন্দৰ্ভত ক’বলৈ হ’লে আমি ১৯৬৭ চনলৈ উভতি যাব লাগিব। সেই সময়ত মহাম্মদ ইউনুছে গৱেষণাৰ বাবে আমেৰিকাৰ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়লৈ গৈছিল। তেতিয়া তাত তেওঁ ভেৰা ফৰেষ্টেংকো নামৰ এগৰাকী ৰাছিয়ান যুৱতীক লগ পাইছিল। কেইদিনমানৰ ভিতৰতে দুয়ো প্ৰেমত পৰিছিল। তিনি বছৰৰ পাছত ১৯৭০ চনত তেওঁলোকৰ বিবাহ হয়, আৰু ১৯৭২ চনত পত্নীৰ সৈতে ইউনুছ বাংলাদেশলৈ উভতে।

তাৰ পিছত ১৯৭৭ চনত মনিকা ইউনুছৰ জন্ম হয়। কিন্তু পাছত পত্নীৰ সৈতে ইউনুছৰ সম্পৰ্কত ফাঁট মেলে। তিক্ততা ইমানেই বাঢ়ি যায় যে ইউনুছ পত্নীয়ে তিনিমহীয়া কন্যাক লৈ আমেৰিকাৰ নিউ জাৰ্চিলৈ গুচি যায় । বহুতে দাবী কৰে যে, তেতিয়াৰ পৰাই ইউনুছ আৰু ভেৰাৰ কোনো যোগাযোগ নাই। অৱশ্যে পিতৃৰ সংস্পৰ্শত আছে মনিকা।

এনেকৈ প্ৰথম বিবাহ বিচ্ছেদ হৈছিল ইউনুছৰ। পাছত তেওঁ পশ্চিম বংগৰ বুৰ্ডৱান (বৰ্ধমান) চহৰৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল। তেওঁৰ দ্বিতীয় পত্নীৰ নাম আফ্ৰোজি বিবি। বৰ্ধমান চহৰৰ ৰাণীগঞ্জৰ বাসিন্দা তেওঁ। আফ্ৰোজি মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ গৱেষক আছিল। তাৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম। তাৰ পিছত ইউনুছক বিয়া কৰাই বাংলাদেশৰ এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে আফ্ৰোজিয়ে। জানিব পৰা মতে, তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে, যাৰ নাম ডিনা আফ্ৰোজ ইউনুছ। সম্ভৱত ইউনুছ কন্যা আমেৰিকাত থাকে।

 

অন্য খবৰ পঢ়কঃ বাংলাদেশত হিংসা! কাৰ পক্ষত ৩ মহাশক্তি চীন, ৰাছিয়া আৰু আমেৰিকা?