শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশত হিংসা! কাৰ পক্ষত ৩ মহাশক্তি চীন, ৰাছিয়া আৰু আমেৰিকা?

বাংলাদেশত সাধাৰণ নিৰ্বাচন সমাগত। ইয়াৰ পূৰ্বে দেশখনত হিংসাই গা কৰি উঠিছে। নিতৌ দেশখনৰ পৰা ন ন হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহিছে। ভাৰতৰ সৈতেও দেশখনৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে। এনে পৰিস্থিতিত প্ৰশ্ন হয়, বিশ্বৰ মহাশক্তিসমূহে এই সন্দৰ্ভত কি কয়?

বাংলাদেশত হিংসা! কাৰ পক্ষত ৩ মহাশক্তি চীন, ৰাছিয়া আৰু আমেৰিকা?
বাংলাদেশত হিংসা
barasha-sarma
Barasha Sarma | Published: 23 Dec 2025 16:59 PM

নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত গা কৰি উঠিছে হিংসাই। ইয়াৰ প্ৰতি সঁহাৰি জনাই আমেৰিকা, চীন আৰু ৰাছিয়াই শীঘ্ৰেই হিংসাৰ অন্ত পেলাবলৈ আহ্বান জনাইছে। চীন আৰু আমেৰিকাই এই দিশত নিৰপেক্ষ স্থিতি বজাই ৰখাৰ বিপৰীতে ৰাছিয়াই ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক পৰামৰ্শ দিছে। ঢাকাত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ খোজিনে কয় যে নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত পৰিস্থিতি শান্ত হোৱা অতি প্ৰয়োজনীয়। ইয়াৰ বাবে বাংলাদেশে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাত গুৰুত্ব দিব লাগে।

চীনে কি ক’লে?

বাংলাদেশৰ হিংসা সন্দৰ্ভত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয় যে, বাংলাদেশত যি পৰিস্থিতি হৈ আছে সেয়া অতিকে দুখজনক। বেইজিঙে বাংলাদেশত নিৰাপদ, সুস্থিৰ আৰু মসৃণ সংসদীয় নিৰ্বাচন কামনা কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে আৰু কয় যে, আমি বিশ্বাস কৰো যে নিৰ্বাচনৰ জৰিয়তে বাংলাদেশৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ৰাজনৈতিক এজেণ্ডাবোৰ আগবঢ়াই নিব। আমি বিচাৰো, সকলোৱে হিংসা পৰিহাৰ কৰি ৰাষ্ট্ৰীয় ঐক্য আৰু স্থিতিশীলতা বজাই ৰাখক।

চীনে তেওঁলোকৰ বিবৃতিত ইউনুছৰ কথা উল্লেখ কৰা নাই। উল্লেখ্য যে, শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থাপনৰ পাছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছে অহৰহ চীনৰ সৈতে যোগাযোগত আছে। চলিত বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰিছিল তেওঁ। আনকি চীনৰ পৰাই তেওঁ বহু ভাৰত বিৰোধী মন্তব্য দিছিল।

আমেৰিকাৰ স্থিতি কি?

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত আমেৰিকাৰ ভূমিকা পোহৰলৈ আহিছিল। আৱামি লীগৰ নেতাসকেল অভ্যুত্থানৰ বাবে আমেৰিকাক জগৰীয়া কৰিছিল। ইউনুছক আমেৰিকাই ক্ষমতালৈ অনা বুলি বাৰে বাৰে অভিযোগ কৰি আহিছে হাছিনাই। তেওঁৰ মতে, আমেৰিকাৰ নিৰ্দেশত ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।

গতিকে এতিয়া বাংলাদেশত অস্থিৰতা সৃষ্টি হোৱাৰ সময়তো আমেৰিকাই নিৰপেক্ষতা বজাই ৰাখিছে। ইউনুছৰ সমৰ্থনত বা হাছিনাৰ বিপক্ষে আমেৰিকাই কোনো মত প্ৰকাশ কৰা নাই। ইয়াৰ মাজতে সোমবাৰে (২২ ডিচেম্বৰ) মহম্মদ ইউনুছে আমেৰিকাৰ বিশেষ দূত চাৰ্জিঅ’ গ’ৰৰ সৈতে কথা পাতে। দ্য ডেইলী ষ্টাৰৰ মতে, আলোচনাৰ সময়ত ইউনুছে হাছিনাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত গ’ৰে কোনো মন্তব্য নকৰি শান্তিপূৰ্ণ নিৰ্বাচনৰ পোষকতা কৰে।

ৰাছিয়াই কি কয়?

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ বাবে ইউনুছ চৰকাৰক সমালোচনা কৰিছে ৰাছিয়াই। ঢাকাত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, বাংলাদেশে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰিব লাগে। এই সময়চোৱাত তেওঁ ১৯৭১ চনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ভাৰতৰ কৃপাত বাংলাদেশৰ সৃষ্টি হৈছে। সেই সময়ত ৰাছিয়াই ভাৰত আৰু বাংলাদেশক সহায় কৰিছিল। ভাৰতৰ বিৰুদ্ধে গ’লে বাংলাদেশৰ কোনো লাভ নহয়।

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ ৩ খন ৰাজ্য! বাংলাদেশে গ্ৰহণ কৰিলে নতুন এক সিদ্ধান্ত…