শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২৪ ঘন্টাত ৩টা ডাঙৰ আক্ৰমণ ! বেলুচিস্তান লিবাৰেচন আৰ্মী কিয় পাকিস্তান বিৰোধী ? জানক

পাকিস্তানত ১৯৭০ চনত বেলুচিস্তান লিবাৰেচন আৰ্মী (BLA)ৰ প্ৰতিষ্ঠা হৈছিল যদিও আনুষ্ঠানিভাৱে ২০০০ চনত বিএলএৰ প্ৰতিষ্ঠা হোৱা বুলি দাবী কৰা হয়। বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে, তেওঁলোকে স্বাধীন বেলুচিস্তানৰ বাবে যুঁজি আছে। তেওঁলোকে বেলুচিস্তানক পাকিস্তানৰ অংশ বুলি নাভাবে আৰু ইয়াক অবৈধ দখল বুলি গণ্য কৰে।

২৪ ঘন্টাত ৩টা ডাঙৰ আক্ৰমণ ! বেলুচিস্তান লিবাৰেচন আৰ্মী কিয় পাকিস্তান বিৰোধী ? জানক
বেলুচিস্তান লিবাৰেচন আৰ্মীৰ আক্ৰমণ
manas-borah
Manas Borah | Updated On: 26 Aug 2024 17:38 PM

যোৱা ২৪ ঘণ্টাত কেইবাটাও বৃহৎ আক্ৰমণ সংঘটিত হৈছে পাকিস্তানত । এই আক্ৰমণত প্ৰায় ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । বেলুচিস্তানৰ মুছাখেলত বাছ আৰু ট্ৰাকৰ পৰা নমাই আনি একাংশ যাত্ৰীৰ পৰিচয় পৰীক্ষা কৰাৰ পাছত গুলীচলনা ঘটনা সংঘটিত কৰে একাংশ অস্ত্ৰধাৰী লোকে । এই ঘটনাত ২৩ জন লোক নিহত হয় আৰু একাংশ বাহনত অস্ত্ৰধাৰী লোকে অগ্নি সংযোগ কৰে । ইয়াৰ উপৰিও যোৱা নিশা বেলুচিস্তানৰ কালাট জিলাতো বিএলএ সন্ত্ৰাসবাদীয়ে মুকলি গুলীচালনা কৰে । এই ঘটনাত আৰক্ষী সহ ১০ জন লোক নিহত হয়।

ইফালে বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে, তেওঁলোকে টুৰবাটৰ বেলা মিলিটাৰী কেম্পক আক্ৰমণ কৰি সংঘটিত কৰিছিল। এই আক্ৰমণত ৪০ জন পাকিস্তানী সামৰিক জোৱান নিহত হোৱা বুলি দাবী কৰিছে। বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে ইয়াক ‘অপাৰেচন হিৰ’ফ’ বুলি অভিহিত কৰিছে। বিএলএৰ মুখপাত্ৰ জাইদ বালোচে এক বিবৃতিত কয় যে, বিএলএৰ মাজিদ ব্ৰিগেডে বিস্ফোৰক ভৰ্তি দুখন বাহনেৰে বেলা মিলিটাৰী কেম্পৰ প্ৰৱেশদ্বাৰ আৰু ওচৰৰ নিৰাপত্তা চকীত বৃহৎ আক্ৰমণ সংঘটিত কৰে ।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া আৰম্ভ হোৱা এই ‘অপাৰেচন হিৰ’ফ’ত বিএলএয়ে ৬২জন পাকিস্তানী সেনা জোৱানক হত্যা কৰা বুলি দাবী কৰিছে। তথ্য অনুসৰি এই আক্ৰমণত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে।

বেলুচিস্তান লিবাৰেচন আৰ্মী কি?

পাকিস্তানত ১৯৭০ চনত বেলুচিস্তান লিবাৰেচন আৰ্মী (BLA)ৰ প্ৰতিষ্ঠা হৈছিল যদিও আনুষ্ঠানিভাৱে ২০০০ চনত বিএলএৰ প্ৰতিষ্ঠা হোৱা বুলি দাবী কৰা হয়। বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে, তেওঁলোকে স্বাধীন বেলুচিস্তানৰ বাবে যুঁজি আছে। তেওঁলোকে বেলুচিস্তানক পাকিস্তানৰ অংশ বুলি নাভাবে আৰু ইয়াক অবৈধ দখল বুলি গণ্য কৰে।

বিএলএৰ মতে বিভাজনৰ সময়ত বেলুচিস্তানক বলপূৰ্বকভাৱে পাকিস্তানত অন্তৰ্ভুক্ত কৰা হৈছিল । এই কাৰণেই পাকিস্তান চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বিএলএৰ সংগ্ৰাম দীৰ্ঘদিন ধৰি চলি আহিছে। বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বহু বিদ্ৰোহী সংগঠন আছে, তথাপিও ইয়াৰ ভিতৰত বিএলএ আটাইতকৈ পুৰণি আৰু শক্তিশালী গোট।

পাকিস্তান আৰু চীনৰ সম্পৰ্কক সহজভাৱে নলয় বিএলএয়ে

পাকিস্তান আৰু চীনৰ সম্পৰ্কক বিৰোধীতা কৰে বিএলএয়ে। বেলুচিস্তান পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ। ইয়াৰ সীমান্ত ইৰাণ আৰু আফগানিস্তানৰ সৈতে লাগি আছে। এই অঞ্চলত গেছ, কয়লা আৰু তামৰ বৃহৎ মজুত আছে । চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ এক বৃহৎ অংশ বেলুচিস্তানৰ মাজেৰে পাৰ হৈ গৈছে । তথ্য অনুসৰি, পাকিস্তানে চীনৰ সহযোগত ইয়াত থকা সম্পদসমূহ ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে । কিন্তু বেলুচিস্তানৰ স্থানীয় জনসাধাৰণে এই প্ৰকল্পসমূহত কৰ্মসংস্থাপন লাভ নকৰে আৰু ইয়াৰ পৰা কোনো অৰ্থনৈতিক লাভ নাপায় বুলি বাৰে বাৰে অভিযোগ উত্থাপন হয় ।

বেলুচিস্তানত অস্ত্ৰধাৰী লোকৰ আক্ৰমণ বৃদ্ধি পাইছে

বেলুচিস্তানৰ মুছাখেল আক্ৰমণৰ পূৰ্বেও এপ্ৰিল মাহত বেলুচিস্তানৰ নোছকি চহৰত এজন অস্ত্ৰধাৰী লোকে বাছত যাত্ৰা কৰা যাত্ৰীসকলৰ আইডি কাৰ্ড পৰীক্ষা কৰি ৯ জন যাত্ৰীক গুলীয়াই হত্যা কৰিছিল। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, যোৱা কেইবছৰমানৰ পৰা বেলুচিস্তানত এনেধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে। যোৱা বছৰৰ অক্টোবৰ মাহত পাকিস্তানত পঞ্জাৱৰ পৰা অহা ৬ জন শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল এজন অচিনাকি বন্দুকধাৰীয়ে।

ইয়াৰ উপৰিও ২০১৯ চনত গ্ৱাদাৰ জিলাৰ অৰমাৰাৰ সমীপত এখন বাছ ৰখাই বন্দুকধাৰীয়ে ১৪ জন লোকক হত্যা কৰিছিল। ইয়াৰ ভিতৰত আছিল পাকিস্তানী বায়ুসেনা, নৌসেনা আৰু ক’ষ্ট গাৰ্ডৰ জোৱান। ২০১৫ চনত তুৰবাটতো একেধৰণৰ আক্ৰমণ সংঘটিত হৈছিল য’ত এজন বন্দুকধাৰীয়ে ২০ জন নিৰ্মাণ শ্ৰমিকক হত্যা কৰিছিল।

Latest News