শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পাকিস্তানৰ বেলুচিস্তানত ডাঙৰ আক্ৰমণ, বাছৰ পৰা নমাই ২৩ গৰাকী নিদিষ্ট যাত্ৰীক গুলীয়াই হত্যা

সূত্ৰৰ খবৰ অনুসৰি, সাধাৰণ নাগৰিকৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰিছে অচিনাক্ত একাংশ অস্ত্ৰধাৰী লোকে । এই আক্ৰমণত প্ৰায় ২৩ জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । প্ৰকাশিত খবৰ অনুসৰি, একাংশ অস্ত্ৰধাৰী লোকে (সন্ত্ৰাসবাদী গোটৰ সদস্য বুলি সন্দেহ কৰা হৈছে) ট্ৰাক আৰু বাছৰ পৰা একাংশ যাত্ৰীক নমাই আনি পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পাছত গুলীচালনা কৰে ।

পাকিস্তানৰ বেলুচিস্তানত ডাঙৰ আক্ৰমণ, বাছৰ পৰা নমাই ২৩ গৰাকী নিদিষ্ট যাত্ৰীক গুলীয়াই হত্যা
পাকিস্তানত ডাঙৰ আক্ৰমণ
manas-borah
Manas Borah | Published: 26 Aug 2024 12:56 PM

পাকিস্তানৰ বেলুচিস্তানৰ মুছাখেল জিলাত এক ডাঙৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । সূত্ৰৰ খবৰ অনুসৰি, সাধাৰণ নাগৰিকৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰিছে অচিনাক্ত একাংশ অস্ত্ৰধাৰী লোকে । এই আক্ৰমণত প্ৰায় ২৩ জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । প্ৰকাশিত খবৰ অনুসৰি, একাংশ অস্ত্ৰধাৰী লোকে (সন্ত্ৰাসবাদী গোটৰ সদস্য বুলি সন্দেহ কৰা হৈছে) ট্ৰাক আৰু বাছৰ পৰা একাংশ যাত্ৰীক নমাই আনি পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পাছত গুলীচালনা কৰে । এই আক্ৰমণত ২৩ জন যাত্ৰী নিহত হৈছে ।

এই আক্ৰমণ পঞ্জাৱৰ লোকক লক্ষ্য কৰি সংঘটিত কৰা বুলিও অভিযোগ উত্থাপন হৈছে । পাকিস্তান চৰকাৰৰ মুখপাত্ৰ আজমা বুখাৰীয়ে কয় যে, পঞ্জাৱৰ লোকসকলক লক্ষ্য কৰি হোৱা একেধৰণৰ আক্ৰমণৰ প্ৰায় চাৰি মাহৰ পিছত মুছাখেল জিলাত এই আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত নোছকিৰ সমীপত এখন বাছৰ পৰা ৯ জন যাত্ৰীক নমাই আইডি কাৰ্ড পৰীক্ষা কৰা পাছত গুলীয়াই হত্যা কৰা হৈছিল ।

মুছাখেলৰ সহকাৰী আয়ুক্ত নজিব কাকাৰে কয় যে, অস্ত্ৰধাৰী লোকসকলে কেৱল মানুহৰ ওপৰত গুলীচালনা কৰাই নহয় ১০খন বাহনত অগ্নি সংযোগ কৰিছে । তেওঁ জানিবলৈ দিয়া মতে,আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ নিহত লোকক উদ্ধাৰ কৰাৰৰ লগতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে । বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিয়েও এই ঘটনাক তীব্ৰ গৰিহণা দিছে । এই আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোৱা এপ্ৰিল মাহত অনুৰূপ একাংশ লোকক গুলীয়াই হত্যা কৰা হৈছিল। এপ্ৰিল মাহৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত বেলুচিস্তানৰ কেচ জিলাত পঞ্জাৱৰ ৬ জন শ্ৰমিকক হত্যা কৰা হৈছিল। ইয়াৰ বাহিৰেও ২০১৫ চনত একেধৰণৰ ঘটনা সংঘটিত হৈছিল, য’ত অস্ত্ৰধাৰী লোকে ২০ জন শ্ৰমিকক হত্যা কৰিছিল। এইসকল লোক পঞ্জাৱৰ বাসিন্দা আছিল।