বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে প্ৰধানমন্ত্ৰী বাসগৃহ ‘গণভৱন’দখল কৰে প্ৰতিবাদকাৰীয়ে ।
দেশখনৰ আটাইতকৈ সুৰক্ষিত বাসগৃহ ! এই গৃহটোৰ পৰা পৰিচালিত হয় বাংলাদেশ । কিন্তু ‘গণভৱন’নামেৰে পৰিচিত এই গৃহতে প্ৰতিবাদকাৰীৰ বিজয় উল্লাস ।
প্ৰতিবাদকাৰী প্ৰৱেশ কৰাৰ পাছতে শ্লোগানেৰে উত্তাল হৈ পৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহ। ইয়াৰ মাজতে একাংশই গৃহটোত লুটপাত আৰম্ভ কৰে ।
একাংশ প্ৰতিবাদকাৰীয়ে পাকঘৰৰ ফ্ৰীজত থোৱা মাছ-মাংসৰ লগতে অন্যান্য খাদ্য ভোজন কৰে আৰু নোখোৱা খিনি লৈ যায় ।
সম্পত্তি লুটপাত কৰাৰ উপৰিও চুইমিং পুলতো প্ৰতিবাদকাৰীৰ বিজয় উল্লাস । হাজাৰ হাজাৰ লোকে চুইমিং পুলত গা ধুই আনন্দ লোৱাৰ দেখা যায় ।
প্ৰতিবাদকাৰীৰ মাজৰে কোনোৱে ৰিক্সা লৈ প্ৰৱেশ কৰে গণভৱনত ।
বৰ্তমানে অতি ভয়াৱহ দেশখনৰ পৰিস্থিতি । দেশখনৰ বিভিন্ন ঠাইত এতিয়াও হিংসাত্মাক কাৰ্য-কলাপ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । ইয়াৰ মাজতে শান্তি-শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ কৰিছে সেনাই ।
উল্লেখ্য যে, শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত দেশখন পৰিচালনাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব বুলি ঘোষণা কৰিছে সেনাই ।