শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকাত পাকিস্তান আৰু আফগানিস্তানৰ প্ৰৱেশ নিষিদ্ধ কৰিব নেকি ট্ৰাম্পে?

ট্ৰাম্পে অতি সোনকালে আমেৰিকাত পাকিস্তানীৰ বাবে ‘নো এণ্ট্ৰি’ নিষেধাজ্ঞা ঘোষণা কৰিব পাৰে । কেৱল পাকিস্তানে নহয়, আফগানিস্তানো ট্ৰাম্পৰ তালিকাত থাকিব পাৰে ।

আমেৰিকাত পাকিস্তান আৰু আফগানিস্তানৰ প্ৰৱেশ নিষিদ্ধ কৰিব নেকি ট্ৰাম্পে?
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
raj-saikia
Raj Saikia | Published: 07 Mar 2025 16:28 PM

কেতিয়াবা যদি ট্ৰেফিক যুদ্ধ, আন কেতিয়াবা আকৌ অবৈধ অভিবাসীসকলক বিতাড়ণ । ক্ষমতালৈ প্ৰত্যাৱৰ্তনৰ পৰাই আমেৰিকাত পৰিৱৰ্তনৰ জোৱাৰ তুলিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । হোৱাইট হাউচৰ দায়িত্বভাৰ লাভ কৰিয়েই একাধিক ডাঙৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে ।

এইবাৰ পাকিস্তানক লৈ বিশেষ সিদ্ধান্ত লোৱাৰ দিশে ট্ৰাম্প । সূত্ৰ অনুসৰি ট্ৰাম্পে অতি সোনকালে আমেৰিকাত পাকিস্তানীৰ বাবে ‘নো এণ্ট্ৰি’ নিষেধাজ্ঞা ঘোষণা কৰিব পাৰে । কেৱল পাকিস্তানে নহয়, আফগানিস্তানো ট্ৰাম্পৰ তালিকাত থাকিব পাৰে । কিন্তু চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই যদিও আমেৰিকাত জল্পনা-কল্পনা বৃদ্ধি পাইছে ।

জানিব পৰা মতে ২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ট্ৰাম্পে প্ৰশাসনিক পৰ্যায়ত এক নিৰ্দেশনা জাৰি কৰিছিল । সেই নিৰ্দেশৰ জৰিয়তে তেওঁ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত কেবিনেট সদস্যৰ তালিকা প্ৰস্তুত কৰিবলৈ কয় । লগতে ট্ৰাম্পে এই তালিকা প্ৰস্তুত কৰাৰ বাবে ১২ মাৰ্চৰ সময়সীমাও দিছিল ।

কিন্তু কি থাকিব এই তালিকাত ? যিখন তালিকা মচদনত বহিয়েই প্ৰস্তুতৰ নিৰ্দেশ দিছিল ৰাষ্ট্ৰপতিয়ে । জানিব পৰা মতে, আমেৰিকালৈ অহাৰ বাবে কোনখন দেশৰ পৰ্যটকক আংশিক আৰু সম্পূৰ্ণ বৈধতা প্ৰদান কৰা হ’ব তাৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হ’ব । ট্ৰাম্পে এই তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা জল্পনা-কল্পনা বাঢ়িছে । সূত্ৰ অনুসৰি পাকিস্তান আৰু আফগানিস্তান সেই তালিকাত নাই ।

অৱশ্যে ৰিপাব্লিকান নেতাসকলে ইয়াৰ পূৰ্বেও এই নাম বাতিলৰ খেল খেলিছে । ইয়াৰ পূৰ্বে ২০১৮ চনত তেওঁৰ কাৰ্যকালত ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ পৰ্যটকৰ আমেৰিকাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু ২০২১ চনত জো বাইডেনে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে আৰোপ কৰা সকলো নিয়ম সম্পূৰ্ণৰূপে আঁতৰাই দিয়ে । কিন্তু ট্ৰাম্পে পুনৰ ক্ষমতা দখল কৰাৰ পিছত পুনৰবাৰ এই “নিষেধাজ্ঞা” সন্দৰ্ভত জল্পনা-কল্পনা বৃদ্ধি পাইছে ।