শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যাব লাগিব মুছলমানৰ বিৰুদ্ধে! ট্ৰাম্পৰ জালত আৱদ্ধ পাকিস্তান…

বিপদত পৰাৰ দিশে আগবাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। ট্ৰাম্পৰ বিশেষ দাবীৰ পাছতে এতিয়া মুনিৰ সংকটত পৰিছে। কিয়নো ট্ৰাম্পে বিচাৰিছে পাকিস্তানে গাজালৈ সেনা বাহিনী প্ৰেৰণ কৰক। যদি এনে কৰে তেন্তে নিজৰ দেশৰ ভিতৰতে মুনিৰ বিপৰ্যয়ত পৰিব পাৰে।

যাব লাগিব মুছলমানৰ বিৰুদ্ধে! ট্ৰাম্পৰ জালত আৱদ্ধ পাকিস্তান…
পাকিস্তান-আমেৰিকা
barasha-sarma
Barasha Sarma | Published: 17 Dec 2025 20:12 PM

বিগত সময়চোৱাত পাকিস্তানে আমেৰিকাৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰি গৈছে। কিন্তু এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জালত আৱদ্ধ হোৱাৰ দিশে আগবাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰখন। পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰ এক কঠোৰ পৰীক্ষাৰ সন্মুখীন হৈছে। কিয়নো ট্ৰাম্পে বিচাৰিছে, গাজাত নিয়োগ কৰিবলগীয়া ষ্টেবলাইজেশ্যন ফোৰ্চত পাকিস্তানে নিজৰ সেনা প্ৰেৰণ কৰক। যদি এনে হয়, তেন্তে নিজৰ দেশতে পাকিস্তান ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব।

প্ৰাপ্ত খবৰ অনুসৰি, শীঘ্ৰেই মুনিৰ পুনৰবাৰ আমেৰিকা ভ্ৰমণ কৰিব পাৰে। ছমাহৰ ভিতৰত এয়া হ’ব ট্ৰাম্পৰ সৈতে তেওঁৰ তৃতীয়খন বৈঠক। এই বৈঠকত গাজা শান্তি পৰিকল্পনা সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। পৰিকল্পনা অনুসৰি, গাজা যুদ্ধৰ পাছত পুনৰ্গঠন আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে মুছলমান দেশসমূহৰ এটা শক্তি গঠন কৰা হ’ব, যিয়ে সকলো দিশ তদাৰক কৰিব। কিন্তু ইতিমধ্যেই বহু মুছলিম দেশে ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছে। কিয়নো ইয়াৰ দ্বাৰা হামাজ নিৰস্ত্ৰ হৈ পৰিব পাৰে।

পাকিস্তানে সেনা প্ৰেৰণ কৰিবনে?

যোৱা সময়চোৱাত ট্ৰাম্প আৰু মুনিৰৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছে। ট্ৰাম্পে মুনিৰৰ সৈতে খাদ্য গ্ৰহণ কৰাৰ লগতে কেইবাবাৰো বৈঠকত মিলিত হৈছে। গতিকে মুনিৰে যদি গাজালৈ পাকিস্তানী সেনা প্ৰেৰণ নকৰে তেন্তে ট্ৰাম্প অসন্তুষ্ট হ’ব পাৰে। এই অসন্তুষ্টতা পাকিস্তানৰ বাবে ক্ষতিৰ কাৰক হৈ পৰিব পাৰে। কিয়নো পাকিস্তানে আমেৰিকাৰ পৰা বিনিয়োগ আৰু নিৰাপত্তা বিচাৰে।

পাকিস্তান বিশ্বৰ একমাত্ৰ মুছলিম দেশ যাৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ আছে। পাকিস্তানে ভাৰতৰ সৈতে ৩ খন যুদ্ধ কৰিছে, মে’ মাহত দুই দেশৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰোপৰি আফগানিস্তান আৰু বেলুচিস্তানৰ সৈতে সংঘৰ্ষ বহুদিনীয়া। গতিকে ইয়াৰ মাজতে পাকিস্তানে সেনা প্ৰেৰণ কৰিবলগীয়া হোৱা বিষয়টোৱে বহু চিন্তা আনিছে মুনিৰলৈ।

কি কৰিব

মুনিৰৰ ক্ষমতা বহুত। বিশেষজ্ঞসকলৰ মতে, সম্ভৱতঃ মুনিৰৰ বাহিৰে পাকিস্তানত আন কাৰো ওচৰত ইমান ক্ষমতা নাই। কিন্তু ট্ৰাম্পৰ নতুন দাবীয়ে মুনিৰৰ বাবে সমস্যা লৈ আহিছে। গাজালৈ পাকিস্তানী সৈন্য প্ৰেৰণ কৰিলে আমেৰিকা বিৰোধী আৰু ইজৰাইল বিৰোধী দলসমূহৰ প্ৰতিবাদ তীব্ৰতৰ হ’ব পাৰে। ৰাজপথলৈ ওলাই আহিব পাৰে লাখ লাখ মানুহ। গতিকে গাজাত সেনা নিয়োগ কৰাৰ পাছত পাকিস্তান বিপদত পৰিব। পাকিস্তানী নাগৰিকে ভাবিব পাৰে যে মুনিৰে মুছলিমৰ বিৰুদ্ধে আৰু ইজৰাইলৰ হৈ কাম কৰি আছে। গতিকে এই বিষয়টো পাকিস্তানৰ বাবে মূৰৰ কামোৰণি হৈ পৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ বাংলাদেশৰ মৰসাহ! উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ, ক’লে ভয়ংকৰ ষড়যন্ত্ৰৰ কথা…