মুছলিম দেশে ইৰাণক কৰিলে বিশ্বাসঘাটকতা! আক্ৰমণৰ পূৰ্বে ট্ৰাম্পৰ সৈতে দুবাৰকৈ পাতিছিল কথা…
Israel-iran war: চৰম শিখৰলৈ গতি কৰিছে মধ্যপ্ৰাচ্যৰ উত্তেজনা। আমেৰিকাই আটাইতকৈ শক্তিশালী বোমাৰে আক্ৰমণ কৰিছে ইৰাণক। কিন্তু আচৰিত কথা এয়াই যে এই কথা জানিছিল এখন মুছলিম ৰাষ্ট্ৰই।

আমেৰিকাই আটাইতকৈ শক্তিশালী বোমা B-2 ব্যৱহাৰ কৰি ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলাইছিল। ইৰাণ-ইজৰাইলৰ দীৰ্ঘদিনীয়া যুদ্ধৰ মাজতে শনিবাৰে নিশা আমেৰিকাই ইৰাণৰ ৩টাকৈ গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ কৰে।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰা অনুসৰি আমেৰিকাই ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান নামৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ চলায়। কিন্তু আচৰিত কথা এয়াই যে এই কথা জানিছিল এখন মুছলিম ৰাষ্ট্ৰই। তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানে ইয়াৰ বিষয়ে আগৰ পৰাই জ্ঞাত আছিল।
জানিব পৰা মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ফোনযোগে তুৰ্কীৰ ৰাষ্ট্ৰপতিক এই আক্ৰমণৰ কথা অৱগত কৰিছিল। Axios য়ে হোৱাইট হাউচৰ সূত্ৰৰ কথা উল্লেখ কৰি প্ৰকাশ কৰে যে ইৰাণৰ পাৰমাণৱিক স্থানত বোমা নিক্ষেপ কৰাৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে এৰদোগানৰ সৈতে দুবাৰকৈ ফোনযোগে কথা পাতিছিল।
প্ৰতিবেদনত লগতে কোৱা হৈছে যে, এৰদোগানে বিচাৰিছে যে ইৰাণ আৰু আমেৰিকাই চুক্তিৰ বিষয়ে তুৰ্কীৰ লগত আলোচনা কৰক। এই সন্দৰ্ভত ট্ৰাম্পে কয় যে, যদি ইৰাণে সন্মতি দিয়ে তেন্তে আপুনি ইস্তানবুলত এখন বৈঠক অনুষ্ঠিত কৰিব পাৰে। এই বৈঠকৰ বাবে আমেৰিকাৰ পৰা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু মধ্যপ্ৰাচ্যৰ বিশেষ ৰাষ্ট্ৰদূত উইটকফক প্ৰেৰণ কৰিব বুলি ট্ৰাম্পে কয়।
ট্ৰাম্পে লগতে কয়, চূড়ান্ত চুক্তিৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীকো ইস্তানবুললৈ আমন্ত্ৰণ কৰা উচিত। কিন্তু ট্ৰাম্পৰ এই বাৰ্তাত ক্ষোভিত হৈ পৰে ইৰাণ। ইৰাণৰ চুপ্ৰিম লীডাৰে লগে লগে এই প্ৰস্তাৱ নাকচ কৰে। খামেনেই কয় যে,আমেৰিকাৰ চৰ্ত মতে কোনো পাৰমাণৱিক আলোচনা নহয়।
তেহৰাণৰ সমীপৰ বাংকাৰত আত্মগোপন কৰি আছে চুপ্ৰিল লীডাৰ খামেনেই। এই কথা তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে গম পোৱাৰ পাছতে তেওঁ দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পক ফোন কৰে। ইয়াৰ পাছতে ট্ৰাম্পে বি-২ বোমাৰে ইৰাণত আক্ৰমণ চলায়।
এই আক্ৰমণৰ পাছতে সমগ্ৰ বিশ্বৰ চকু এতিয়া ইৰাণৰ ওপৰত। আক্ৰমণ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি খামেনেই কয় যে, এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হ’ব। গতিকে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিব পাৰে। মধ্যপ্ৰাচ্যত প্ৰায় ৫০ হাজাৰ আমেৰিকান সৈনিক নিয়োজিত হৈ আছে।
আনহাতে, ড’নাল্ড ট্ৰাম্পে হুংকাৰ দিছে যে যদি ইৰাণে প্ৰতিশোধ লয় তেন্তে ইয়াৰ ভয়ংকৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে ইৰাণতো ক্ষমতাৰ পৰিৱৰ্তন সম্ভৱপৰ। মুঠতে মধ্যপ্ৰাচ্যৰ উত্তেজনা এতিয়া চৰম শিখৰলৈ গতি কৰিছে। গতিকে এই উত্তেজনা কি পৰ্যায় পাইগৈ সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ খোৰামশ্বহৰঃ আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰাণে ব্যৱহাৰ কৰিব নেকি সবাতোকৈ শক্তিশালী মিছাইল…