শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৯০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ল মৌলানা ছাইফুল্লা, আছে ৪ পুত্ৰ সন্তান, নাতি-নাতিনী…

পোহৰলৈ আহিছে এক আজৱ ঘটনা। ৯০ বছৰীয়া এজন বৃদ্ধই দ্বিতীয়বাৰৰ বাবে বিবাশ পাশত আৱদ্ধ হয়। জানিব পৰা মতে, এইগৰাকী মৌলানাৰ আছে ৪ টাকৈ পুত্ৰ।

৯০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ল মৌলানা ছাইফুল্লা, আছে ৪ পুত্ৰ সন্তান, নাতি-নাতিনী…
বিবাহImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 May 2025 14:12 PM

বিবাহ এক সামাজিক প্ৰক্ৰিয়া। কোৱা হয়, জন্ম,মৃত্যু, বিবাহৰ সময় কোনোৱে ইচ্ছা অনুসৰি নিৰ্ধাৰণ কৰিব নোৱাৰে। কিন্তু কেতিয়াবা আপুনি ৯০ বছৰৰ উৰ্ধৰ লোক এজনৰ বিবাহৰ বিষয়ে শুনিছেনে? আজৱ হ’লেও এয়াই সত্য। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা বিভিন্ন সময়ত কিছুমান আজৱ ঘটনা পোহৰলৈ আহে। এয়া কোনো নতুন বিষয় নহয়। কিন্তু এইবাৰ পুনৰ এক আচৰিত ঘটনা পোহৰলৈ আহিছে যিয়ে চকু কঁপলত তুলিব আপোনাৰ।

পোহৰলৈ অহা খবৰ অনুসৰি, এগৰাকী ৯০ বছৰীয়া বৃদ্ধ তথা ৪ জন পুত্ৰৰ পিতৃয়ে দ্বিতীয়বাৰৰ বাবে বিবাহ-পাশত আৱদ্ধ হয়। দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি ৪ পুত্ৰই পিতৃক বিয়া পাতি দিছে। তথ্য অনুসৰি এই বিবাহ অনুষ্ঠান পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ শ্বিংগালা জিলাত অনুষ্ঠিত হয়। ৯০ বছৰীয়া মৌলানা ছাইফুল্লাই তেওঁৰ সন্তান, নাতি-নাতিনী আৰু আত্মীয়ৰ সন্মুখত এই বিয় পাতে। পৰিয়ালৰ সূত্ৰ অনুসৰি ছাইফুল্লাহৰ পুত্ৰসকলে দীৰ্ঘদিন ধৰি পিতৃৰ বাবে কইনা বিচাৰি আছিল। গতিকে কইনা বিচাৰি পোৱাৰ লগে লগে বিবাহ পাতি দিয়ে।

বৃদ্ধজনৰ পুত্ৰসকলে কয় যে, মাতৃৰ মৃত্যুৰ পাছত পিতৃয়ে অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু পিতৃক সুখী কৰিবলৈ তেওঁলোকে বিবাহ পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিয়াত উপস্থিত থকা লোকসকলে পুত্ৰকেইজনৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে কয় যে, বৃদ্ধ বয়সতো পিতৃৰ সুখক অগ্ৰাধিকাৰ দিয়াৰ এক প্ৰেৰণাদায়ক কথা। পৰিয়ালটোৰ এই সিদ্ধান্তক প্ৰগতিশীল আৰু দয়ালু পদক্ষেপ বুলি অভিহিত কৰি বাসিন্দাসকলে কয় যে প্ৰেম আৰু একেলগে থকাটো চিৰদিনৰ বাবে আশীৰ্বাদ স্বৰূপ।

জানিব পৰা মতে, মৌলানা ছাইফুল্লাই নিজৰ কইনাক যৌতুক হিচাপে এটা তোলা সোণ উপহাৰ দিছে। এই বয়সত বিয়া হৈ ছাইফুল্লাই প্ৰমাণ কৰি দিলে যে নতুন জীৱন আৰম্ভ কৰিবলৈ বয়সৰ বাধ্য বাধকতা নাই। বহু পাকিস্তানীৰ বাবে এতিয়া ছাইফুল্লা আদৰ্শস্বৰূপ হৈ পৰিছে।

উল্লেখ্য যে, কেনিয়াৰ পৰাও  এনে এক ঘটনা পোহৰলৈ আহিছিল । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৪ চনৰ আৰম্ভণিতে কেনিয়াৰ এজন ৯৫ বছৰীয়া ব্যক্তিয়ে ৯০ বছৰীয়া প্ৰেমিকাক বিয়া কৰায়। প্ৰথম লগ পোৱাৰ প্ৰায় ৬ টা দশকৰ পাছত দুয়ো বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই ঘটনাইও ৰাইজৰ মাজত এক চৰ্চা লাভ কৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ চীনৰ সহায়ত পাকিস্তানে নিৰ্মাণ কৰি আছে পাৰমাণৱিক অস্ত্ৰ! এইসমূহ দেশৰ পৰা ক্ৰয় কৰিছে সামগ্ৰী, আমেৰিকাই প্ৰকাশ কৰিলে তথ্য…