চীনৰ সহায়ত পাকিস্তানে নিৰ্মাণ কৰি আছে পাৰমাণৱিক অস্ত্ৰ! এইসমূহ দেশৰ পৰা ক্ৰয় কৰিছে সামগ্ৰী, আমেৰিকাই প্ৰকাশ কৰিলে তথ্য…
চীন-পাকিস্তানৰ ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ। তথ্য অনুসৰি দুইখন দেশে মিলি পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ কাম কৰি আছে। আমেৰিকাৰ চোৰাংচোৰা সংস্থাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

চীনৰ সহায়ত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে পাকিস্তানে, আমেৰিকাৰ এক প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। দেশখনৰ এটা চোৰাংচোৱা সংস্থাই দেওবাৰে প্ৰকাশ কৰে বিশ্ব ভাবুকি মূল্যায়ন প্ৰতিবেদন। এই প্ৰতিবেদনত চোৰাংচোৱা সংস্থাটোৱে সমগ্ৰ বিশ্বৰ ক’ত ক’ত পাৰমাণৱিক ষড়যন্ত্ৰ চলি আছে সেই সম্পৰ্কে তথ্য আলোকপাত কৰিছে।
এই প্ৰতিবেদনত এতিয়া পোহৰলৈ আহিছে পাকিস্তানৰ নাম। চীনৰ পিঠিৰ আঁৰত থাকি চুবুৰীয়া ৰাষ্ট্ৰখনে ষড়যন্ত্ৰ কৰি আছে বুলি প্ৰতিবেদনত স্পষ্টভাবে উল্লেখ কৰিছে। কিন্তু প্ৰশ্ন হয়, পাকিস্তানত কোনো ষড়যন্ত্ৰ ৰচিছে? আঁৰত আছে নেকি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। আমেৰিকাৰ বাতৰি অনুসৰি সীমান্ত সংঘাত অটুট ৰাখিবলৈ পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আধুনিকীকৰণৰ কাম কৰি আছে। আৰু আধুনিকীকৰণৰ প্ৰক্ৰিয়াত বিদেশী শক্তিৰ পৰাও সহায় লৈছে।
প্রতিবেদনত পাকিস্তানে চীনৰ পৰা প্রয়োজনীয় পাৰমাণৱিক সামগ্রী আমদানি কৰি গণধ্বংসী অস্ত্র উৎপাদন কৰি আছে বুলিও প্রকাশ কৰিছে৷ জানিব পৰা মতে, পাকিস্তানে হংকং, ছিংগাপুৰ, তুৰ্কী, আৰব আদি দেশৰ জৰিয়তে এই অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আছে।
উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰ গতিত বৃদ্ধি পাইছিল। এয়া প্ৰত্যক্ষ যুদ্ধ নহ’লেও যুদ্ধতকৈ কম নাছিল। যুদ্ধ বিৰতিৰ পাছত সীমান্তত কিছু শান্তিৰ পৰিবেশে বিৰাজ কৰিছে যদিও এই চাঞ্চল্যকৰ প্ৰতিবেদনে স্বাভাৱিক দিশলৈ ঘূৰি অহা পৰিৱেশত বাধাৰ সৃষ্টি কৰিব পাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত বহু দেশে পাকিস্তানত প্ৰত্যক্ষ সমৰ্থন আগবঢ়াইছিল। ইয়াৰ ভিতৰত চীন অন্যতম আছিল। ইয়াৰোপৰি ভাৰত-পাকিস্তানৰ সংঘাত সমাধান হোৱাৰ লগে লগে চীনৰ আমন্ত্ৰণত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে চীন ভ্ৰমণ কৰিছিল। ইয়াৰ কিছুদিন পাছতে এতিয়া পাকিস্তান-চীনৰ আন এক যৌথ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। গতিকে প্ৰশ্ন হয়, পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ চীন ভ্ৰমণৰ মূল কাৰণ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা আছিল নেকি? যদি এনে হয় তেন্তে ই ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান।
যোৱা কেইটামান দিনত পাকিস্তানে ভাৰতক কেইবাবাৰো পাৰমাণৱিক শক্তিৰ ভাবুকি দিছে। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কৈছে যে ভাৰতে কোনো পাৰমাণৱিক শক্তিৰ ভাবুকিক ভয় নকৰে। কোনোৱে যদি ভাৰতক আক্ৰমণ কৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব। ইয়াৰ মাজতে পুনৰ এতিয়া পাৰমাণৱিক শক্তি সন্দৰ্ভত দেশখনৰ পৰা অন্য এক খবৰ পোহৰলৈ আহিছে। এতিয়ালৈকে এই ক্ষেত্ৰত ভাৰতে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডৰ পাছতে চীন-পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি! বেইজিঙত আফগানিস্তানৰ সৈতে ২ ৰাষ্ট্ৰৰ বৈঠক…