নেপালৰ পাছত ফ্ৰান্স নেকি? ৰাজপথত ৮ লাখ লোকৰ তীব্ৰ প্ৰতিবাদ, বন্ধ হৈ পৰিব সকলো…
বিশ্বৰ বিভিন্ন দেশতে এতিয়া অৰাজকতাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। ইয়াৰ মাজতে ফ্ৰান্সত ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হ'বলৈ গৈ আছে। তথ্য অনুসৰি এই প্ৰতিবাদত প্ৰায় ৮ লাখ লোকে অংশগ্ৰহণ কৰিব।

বিশ্বৰ বহু দেশত এতিয়া হাহাকাৰ। কিছুদিন পূৰ্বে নেপালত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিল গৈ যে নেপাল চৰকাৰ ভংগ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছিল। তাৰ পাছতে নেপালত অন্তৱৰ্তীকালীন চৰকাৰে শপত গ্ৰহণ কৰে। কিন্তু এতিয়া আন এখন দেশত চলি আছে প্ৰতিবাদ। এইবাৰ ফ্ৰান্সৰ ৰাজপথত ওলাই আহিছে লাখ লাখ লোক। কিছুদিন পূৰ্বে ফ্ৰান্সত বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এতিয়া আন এক ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে ফ্ৰান্স।
জানিব পৰা মতে, ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুক বাজেট কৰ্তনৰ পুনৰ বিবেচনা আৰু শ্ৰমিক, পেঞ্চনাৰ, সাধাৰণ নাগৰিকৰ দাবী শুনাৰ হেঁচা প্ৰয়োগ কৰাৰ উদ্দেশ্যে ট্ৰেড ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰিব। ফ্ৰান্সৰ ইতিহাসৰ বহু প্ৰতিবাদৰ ভিতৰত এয়াও অন্যতম হ’ব বুলি আশংকা কৰা হৈছে।
যোৱা সপ্তাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁৰ ঘনিষ্ঠ চেবাষ্টিয়ান লেকৰ্ণুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল। এবছৰৰ ভিতৰত তেওঁ তৃতীয় প্ৰধানমন্ত্ৰী। ইয়াৰ পাছতে ৩৯ বছৰীয়া প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পুৰণি ৰাজনৈতিক ব্যৱস্থাৰ পৰা পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিৰোধী পক্ষই তেওঁ কথা মানি লোৱা নাই।
উল্লেখ্য যে, ২০২৩ চনত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে সংসদীয় ভোট অবিহনে পেঞ্চনৰ ক্ষেত্ৰত বয়স ৬৪ বছৰলৈ বৃদ্ধি কৰিছিল। সেই সময়তো ফ্ৰান্সত ডাঙৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। তাৰ পাছতে বৰ্তমানৰ এই প্ৰতিবাদ অতি ডাঙৰ বুলি গণ্য কৰা হৈছে। ট্ৰেড ইউনিয়নসমূহে কয় যে ২০১৭ চনৰ পৰা চৰকাৰসমূহে ধাৰাবাহিকভাৱে উদ্যোগপতিসকলৰ সপক্ষে নীতি প্ৰণয়ন কৰি আহিছে। তেওঁলোকে বিচাৰে চৰকাৰে শ্ৰমিক আৰু নাগৰিকৰ পক্ষত থিয় দিয়ক।
জানিব পৰা মতে, এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় ৮ লাখ লোকে অংশগ্ৰহণ কৰিব। প্ৰতিবাদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰায় ৮০,০০০ আৰক্ষী, নিৰাপত্তাবাহিনী নিয়োগ কৰা হৈছে। প্ৰতিবাদৰ সময়খিনিত প্ৰায় ২৪ ঘন্টাৰ বাবে বন্ধ হৈ পৰিব ফ্ৰান্সৰ বহু ৰাজপথ, হোটেল,ব্যৱসায়িক প্ৰতিষ্ঠান আদি।
তথ্য অনুসৰি ফ্ৰান্সৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বায়ৰৌৱে ৪৪ বিলিয়ন ইউৰোৰ বাজেট কৰ্তনৰ জৰিয়তে ঋণ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ ভিতৰত আছিল দুটা ৰাজহুৱা বন্ধৰ দিন বিলুপ্ত কৰা। তাৰ মাজতে নতুন প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। লেকৰ্ণুৱে বিভিন্ন প্ৰতিশ্ৰুতি দিছে যদিও জনতাই তেওঁক বিশ্বাস কৰিব পৰা নাই। যদি নতুন প্ৰধানমন্ত্ৰীৰ বাজেটৰ ওপৰত বিৰোধী দলসমূহো অসন্তুষ্ট হয় তেন্তে অনাস্থা প্ৰস্তাৱৰ জৰিয়তে লেকৰ্ণুক অপসাৰণ কৰিব পাৰে। ইয়াৰ মাজতে আজি ফ্ৰান্সত বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’ব। গতিকে পৰৱৰ্তী সময়ত এই প্ৰতিবাদে কি ৰূপ লয় সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ অবৈধ উৎপাদনৰ ক্ষেত্ৰত চীন প্ৰথম! ভাৰতো আছে তালিকাত, আমেৰিকাৰ ২৩ খন দেশৰ তালিকা জাৰি…