শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিমানৰ জৰুৰীকালীন দুৱাৰ কেনেকৈ খুলিব পাৰি, কোনকেইখন আসনৰ ওচৰত এই দুৱাৰ থাকে? সবিশেষ জানক

যদি আপুনিও বিমানেৰে যাত্ৰা কৰে বা ভৱিষ্যতে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই তথ্য আপোনাৰ বাবে প্ৰয়োজনীয়। এই প্ৰতিবেদন পঢ়ি আপুনি জানিব পাৰিব যে, বিমান উৰণৰ সময়ছোৱাত জৰুৰীকালীন দুৱাৰখন খুলিব পাৰে নে? কোনখন আসনত এই দুৱাৰখন আছে আৰু কোনে খুলিব পাৰে? ইয়াৰ বিষয়ে সবিশেষ তথ্য পঢ়ক।

বিমানৰ জৰুৰীকালীন দুৱাৰ কেনেকৈ খুলিব পাৰি, কোনকেইখন আসনৰ ওচৰত এই দুৱাৰ থাকে? সবিশেষ জানক
বিমানৰ জৰুৰীকালীন দুৱাৰ কেনেকৈ খুলিব পাৰি
trishna-kalita
Trishna Kalita | Published: 17 Jun 2025 21:45 PM

যেতিয়া বিমানত যাত্ৰা কৰো তেতিয়া আমাৰ সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে বিমানখনত কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে, যিয়ে যিকোনো জৰুৰীকালীন পৰিস্থিতিত আমাৰ জীৱন ৰক্ষা কৰিব পাৰে। ইয়াৰে এটা হ’ল জৰুৰীকালীন দুৱাৰ ( Emergency Door)। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই জৰুৰীকালীন দুৱাৰখন কেনেকৈ খোল খায়? কোনোবাই যিকোনো সময়তে ইয়াক খুলিব পাৰিবনে? ইয়াত আপুনি এনে সকলো প্ৰশ্নৰ উত্তৰ পাব।

বেছিভাগ মানুহেই প্ৰায়ে ভুল কৰে যে যেতিয়াই বিমানত উৰণৰ সময়ত সুৰক্ষাৰ নিৰ্দেশনা দিয়া হয় তেতিয়াই মানুহে সেইবোৰক আওকাণ কৰে। আনহাতে সেই সকলোবোৰ জৰুৰীকালীন পৰিস্থিতিত জীৱন ৰক্ষা কৰাৰ বাবে উপযোগী হৈ পৰে। এনে পৰিস্থিতিত বিমানত জৰুৰীকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰিবলৈ যি পদ্ধতি কোৱা হয়, সেইবোৰৰ কথা ভালদৰে শুনা আৰু বুজাটো অতি প্ৰয়োজনীয়। তাৰ ভিতৰত এটা হ’ল জৰুৰীকালীন দুৱাৰখন খোলাৰ কৌশল।

জৰুৰীকালীন দুৱাৰ কি?

বিমান এখনত বহু দুৱাৰ থাকে, কিছুমান সাধাৰণ ব্যৱহাৰৰ বাবে আৰু কিছুমান কেৱল জৰুৰীকালীন সময়ৰ বাবে। এইবোৰক জৰুৰীকালীন প্ৰস্থান দুৱাৰ বোলা হয়। এই দুৱাৰবোৰ বিমানৰ মাজত বা ডেউকাৰ ওচৰত থাকে আৰু ইয়াৰ উদ্দেশ্য হৈছে যাত্ৰীসকলক সোনকালে বাহিৰলৈ উলিয়াই অনা, যদি কোনো বিপদ যেনে জুই, অৱতৰণৰ সময়ত সমস্যা, বা আন কোনো জৰুৰীকালীন অৱস্থা হয়, তেন্তে দুৱাৰৰ সহায়ত যাত্ৰীসকলক বাহিৰলৈ লৈ যোৱা হয়।

বিমান উৰণৰ সময়ত কোনোবাই জৰুৰীকালীন দুৱাৰখন খুলিব পাৰিবনে?

  • বিমান উৰণৰ সময়ত কোনো ব্যক্তিয়ে জৰুৰীকালীন দুৱাৰখন খুলিব নোৱাৰে। কাৰণ বিমানখন ওপৰত থাকে কেবিনৰ চাপ অতি বেছি হয়। বাহিৰৰ চাপ খুব কম, সেয়ে দুৱাৰত যথেষ্ট চাপ পৰে।
  • এই কাৰণে এজন ব্যক্তিৰ বাবে জৰুৰীকালীন দুৱাৰখন খুলি দিয়াটো প্ৰায় অসম্ভৱ। কোনো যাত্ৰীয়ে খঙত বা ধেমালিতে দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলেও তেওঁ দুৱাৰখন খুলিব নোৱাৰিব।

জৰুৰীকালীন দুৱাৰখন খোলাৰ প্ৰক্ৰিয়া কি?

  • যেতিয়া বিমানখন মাটিত থাকে আৰু বিমানৰ ক্ৰুৱে সকলোকে তৎক্ষণাত উলিয়াই অনাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰে, তেতিয়া জৰুৰীকালীন দুৱাৰখন খোল খায়।
  • খোলাৰ প্ৰক্ৰিয়াটো হ’ল ক্ৰু মেম্বাৰসকলে এডাল লিভাৰ টানি বা তলা খুলি দিয়ে। দুৱাৰখন খোলাৰ লগে লগে ইয়াৰ লগত সংলগ্ন জৰুৰীকালীন স্লাইড এটা স্বয়ংক্ৰিয়ভাৱে ওলাই আহে। একেখন স্লাইডৰ পৰাই যাত্ৰীসকল দ্ৰুতগতিত নামি যায়।
  • জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীসকলে বুদ্ধি প্ৰয়োগ কৰি যিকোনো প্ৰকাৰে বিমানখনৰ জৰুৰীকালীন প্ৰস্থান দুৱাৰৰ ওচৰলৈ যাব লাগে। তাৰ পিছত প্ৰস্থানৰ ওচৰত থকা হেণ্ডেলডাল ধৰি লওক আৰু আপোনাৰ ফালে টানি দিব।
  • ইয়াৰ পিছত দুৱাৰখন বাহিৰলৈ ঠেলি দি বল প্ৰয়োগ কৰিব লাগে। যিকোনো বস্তু টানকৈ ধৰি সম্পূৰ্ণ শক্তিৰে আপোনাৰ ফালে টানিব। ইয়াৰ দ্বাৰা জৰুৰীকালীন প্ৰস্থানৰ পথ মুকলি হ’ব পাৰে আৰু আপুনি বিমানৰ পৰা নিৰাপদে ওলাই আহিব পাৰে।
  • কিছুমান জৰুৰীকালীন প্ৰস্থানৰ আসন থাকে, য’ত বহি থকা যাত্ৰীসকলক প্ৰয়োজন হ’লে সহায় কৰিবলৈ নিয়মৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।

কোনবোৰ আসনত জৰুৰীকালীন দুৱাৰ থাকে?

  • জৰুৰীকালীন প্ৰস্থানৰ দুৱাৰ সাধাৰণতে বিমানখনৰ দুটা ঠাইত থাকে। মূল সন্মুখ আৰু পিছফালৰ দুৱাৰবোৰ সাধাৰণ বৰ্ডিং আৰু ডিবৰ্ডিঙৰ বাবে ব্যৱহাৰ কৰা হয় আৰু জৰুৰীকালীন অৱস্থাতো খুলিব পাৰি।
  • উইঙৰ(পাংখা) ওচৰতে এখন অভাৰউইং এক্সাইট দ’ৰ থাকে। এই দুৱাৰখন বিমানৰ ডেউকাৰ ওপৰৰ শাৰীটোৰ ওচৰত থাকে। যদি আপুনি এয়াৰবাছ এ৩২০ বা বয়িং ৭৩৭ৰ দৰে সাধাৰণ বিমানত যাত্ৰা কৰি আছে, তেন্তে জৰুৰীকালীন প্ৰস্থানৰ দুৱাৰখন সাধাৰণতে ১১, ১২ৰ পৰা ১৪ নং শাৰীৰ ওচৰত থাকিব পাৰে। এইবোৰক Exit Row Seats  বোলা হয়।

বি:দ্ৰ: এই লেখাটো কেৱল তথ্যৰ বাবেহে। জৰুৰীকালীন পৰিস্থিতিত বিমানখনত উপস্থিত থকা ক্ৰু মেম্বাৰৰ নিৰ্দেশনা আৰু নিজৰ বিবেচনাৰ ভিত্তিত সিদ্ধান্ত লওক।

লগতে পঢ়ক: বিমান উৰণৰ সময়ত ফোনটো কিয় এয়াৰপ্লেন মোডত ৰাখিবলৈ কোৱা হয়? আপুনি জানেনে ইয়াৰ সঠিক উত্তৰ…