শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিশ্বাসঘাটক পাকিস্তান! পাৰমাণৱিক শক্তিৰে ইৰাণক সহায়ৰ ক্ষেত্ৰত কৰিলে ডাঙৰ মন্তব্য...

বিশ্বাসঘাটক পাকিস্তান! পাৰমাণৱিক শক্তিৰে ইৰাণক সহায়ৰ ক্ষেত্ৰত কৰিলে ডাঙৰ মন্তব্য…

barasha-sarma
Barasha Sarma | Updated On: 17 Jun 2025 21:11 PM

ইজৰাইলে যোৱা ১৩ জুনত ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলাইছিল। লক্ষ্য আছিল তেহৰাণৰ ক্ৰমবৰ্ধমান পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰা।

কেৱল ভাৰতেই নহয়, পাকিস্তানৰ আচলস্বৰূপ ইয়াৰ বন্ধু দেশসমূহৰ আগতো উন্মোচিত হৈছে। মুছলমান দেশ হোৱাৰ বাবে ইৰাণে আশা কৰিছিল যে পাকিস্তানে তেওঁলোকৰ কাষত থিয় দিব। ইৰাণে গৌৰৱ কৰি কৈছিল যে যদি ইজৰাইলে পাৰমাণৱিক আক্ৰমণ চলায় তেন্তে পাকিস্তানে তেওঁলোকৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। কিন্তু এই কথা নাকচ কৰিলে পাকিস্তানে।

ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্য তথা ইৰাণী ৰিভল্যুচনেৰী গাৰ্ডৰ অধিনায়ক জেনেৰেল মহচেন ৰেজাইয়ে দাবী কৰিছিল যে যদি ইজৰাইলে ইৰাণক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰে তেন্তে পাকিস্তানে ইৰাণৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইজৰাইলৰ ওপৰত পাকিস্তানে পাৰমাণৱিক আক্ৰমণ চলাব। পাকিস্তানে এই প্ৰতিশ্ৰুতি দিছে।

ইৰাণৰ এই দাবী প্ৰত্যক্ষভাবে নাকচ কৰে পাকিস্তানে। ১৪ জুনত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে, পাকিস্তানে এনে ধৰণ কোনো প্ৰতিশ্ৰুতি দিয়া নাই। তেওঁ কয়, সকলোৱে জানে পাকিস্তান এখন পাৰমাণৱিক শক্তি, কিন্তু এতিয়ালৈকে ইয়াক ব্যৱহাৰ কৰা নাই। পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত পাকিস্তানে সদায় আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলে। অৱশ্যে তেওঁ কয় যে, “ইজৰাইলে ইৰাণ, য়েমেন আৰু পেলেষ্টাইনক আক্ৰমণ কৰিছে। যদি মুছলমান দেশসমূহে এতিয়া একত্ৰিত নহয়, তেন্তে সকলোৰে ভৱিষ্যত একেই হ’ব।”

উল্লেখ কৰা প্ৰয়োজন যে, ইজৰাইলে যোৱা ১৩ জুনত ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলাইছিল। লক্ষ্য আছিল তেহৰাণৰ ক্ৰমবৰ্ধমান পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰা। ইয়াৰ পাছত ইৰাণে কৰি গৈছে প্ৰত্যাক্ৰমণ। এই সময়চোৱাত ইৰাণৰ প্ৰায় ৩০ জন সামৰিক বিষয়া আৰু বিজ্ঞানীকে ধৰি প্ৰায় ২৩০ জন লোকৰ মৃত্যু হৈছে। লগতে ১২০০ৰো অধিক লোক আহত হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলত ২৪ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৫০ জন লোক আহত হৈছে।