শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Oil Discovery in Andaman: আন্দামানত খাৰুৱা তেলৰ সন্ধান লাভৰ ক্ষেত্ৰত ডাঙৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰীৰ

Oil Discovery in Andaman: আন্দামানত খাৰুৱা তেলৰ সন্ধান লাভৰ ক্ষেত্ৰত ডাঙৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰীৰ

manas-borah
Manas Borah | Published: 17 Jun 2025 21:36 PM

ইৰাণ-ইজৰাইলৰ সংঘাতৰ মাজতে ভাগ্য ফুলিছে ভাৰতৰ । আন্দামানত পোৱা গৈছে খাৰুৱা তেলৰ মজুত। এই ভাল খবৰটো দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ।

ভাৰতীয় অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে এক ভাল খবৰ । আন্দামান সাগৰত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সন্ধান লাভ কৰিছে ভাৰতে । তেলৰ বাবে ইৰাণ, ইজৰাইল, ৰাছিয়া, ইউএইৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল ভাৰত। দেশত খাৰুৱা তেলৰ উৎপাদন হয় যদিও সেয়া পৰ্যাপ্ত নহয় । ফলত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ মজুত থকা এই দেশসমূহ ওপৰত নিৰ্ভৰ কৰে ভাৰতে।

কিন্তু সেই নিৰ্ভৰ এতিয়া হ্ৰাস পাব বুলি আশা কৰা হৈছে । ইৰাণ-ইজৰাইলৰ সংঘাতৰ মাজতে ভাগ্য ফুলিছে ভাৰতৰ । আন্দামানত পোৱা গৈছে খাৰুৱা তেলৰ মজুত। এই ভাল খবৰটো দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আন্দামান সাগৰত পোৱা গৈছে তেলৰ মজুত । তেওঁ প্ৰকাশ কৰিছে যে, ভাৰতে আন্দামান সাগৰত গায়ানা আকাৰৰ তৈলক্ষেত্ৰ আৱিষ্কাৰৰ অতি ওচৰ চাপিছে । ইয়াত ১,৮৪,৪৪০ কোটি লিটাৰ খাৰুৱা তেল থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে ।